VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ মহানগৰ জিলাত আৰম্ভ বিকশিত ভাৰত সংকল্প যাত্ৰা

সোনাপুৰ, ক্ষেত্ৰী গাঁও পঞ্চায়তত ভ্ৰাম্যমান প্ৰচাৰ বাহনৰ যাত্ৰা

voicedesk by voicedesk
November 24, 2023
in সংবাদ গুঞ্জন
কামৰূপ মহানগৰ জিলাত আৰম্ভ বিকশিত ভাৰত সংকল্প যাত্ৰা
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২৩ নৱেম্বৰঃ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী আজিৰে পৰা কামৰূপ মহানগৰ জিলাত আৰম্ভ হৈছে৷ জিলাখনৰ ডিমৰীয়া উন্নয়ণ খণ্ডৰ অধীনৰ সোনাপুৰ গাঁও পঞ্চায়ত আৰু ক্ষেত্ৰী গাঁও পঞ্চায়তত আজি এই কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ ক্ষেত্ৰী পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বাৰ্তা কঢ়িয়াই সাজু কৰা ভ্ৰাম্যমান প্ৰচাৰ বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই৷

অতিৰিক্ত জিলা আয়ুক্ত পিংকী দত্ত প্ৰমুখ্যে কেবাগৰাকী বিষয়া, পঞ্চায়ত প্ৰতিনিধি যাত্ৰাৰম্ভ কাৰ্যসূচীত উপস্থিত থাকে৷ ইয়াৰ পিছতে বিধায়ক অতুল বৰাৰ উপস্থিতিত অনু্ষ্ঠিত এখন সভাত পঞ্চ সংকল্প পাঠ কৰা হয়৷ সভাত কেবাগৰাকী হিতাধিকাৰীয়ে তেওঁলোকৰ জীৱনলৈ চৰকাৰী আঁচনিয়ে অনা ইতিবাচক পৰিৱৰ্তনৰ কথা সদৰি কৰে৷ সভাত ‘টিবি মুক্ত ভাৰত’ৰ অধীনত এজন নিক্ষয় মিত্ৰক সম্বৰ্ধনা, এজন টি বি আৰোগ্য ব্যক্তিক প্ৰমাণ পত্ৰ, এজন টি বি আক্ৰান্তক খাদ্যৰ টোপোলা বিতৰণ কৰা হয়৷

সভাত ভাষণ দি বিধায়ক অতুল বৰাই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিষয়ে সহজ ভাষাত ব্যাখ্যা কৰে৷ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি স্বাস্থ্য শিবিৰ, আধাৰ পঞ্জীয়ন শিবিৰৰ আযোজন কৰা হয় আৰু স্থানীয় শিশুসকলে ঝুমুৰ নৃত্য পৰিবেশন কৰে৷ ইপিনে সোনাপুৰ পঞ্চায়তত ভ্ৰাম্যমান প্ৰচাৰ বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডৰথী ছুচিয়াঙে৷ কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া, চন্দ্ৰপুৰ আৰু ৰাণী উন্নয়ণ খণ্ডৰ অধীনৰ ২১ টা গাঁও পঞ্চায়তত আৰু পৰৱৰ্তী সময়ত গুৱাহাটী পৌৰ নিগমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হব৷ উল্লেখ্য যে চৰকাৰী আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য হৈও সুবিধা নোপোৱা লোকসকলক বিচাৰি উলিওৱা, তেওঁলোকক প্ৰয়োজন অনুসৰি আঁচনিৰ অন্তৰ্ভুক্ত কৰা, চৰকাৰী আঁচনিৰ বিষয়ে প্ৰচাৰ আৰু সজাগতা সৃষ্টি কৰা, চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ মনৰ কথা শুনাৰ উদ্দেশ্যৰে সমগ্ৰ দেশজুৰি কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে৷

Previous Post

আজি পাপন মহন্তৰ ওপজা দিন

Next Post

লেখক-পাঠকৰ সমাৰোহত উমাল অসম গ্ৰন্থমেলা, শিৱসাগৰ

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
লেখক-পাঠকৰ সমাৰোহত উমাল অসম গ্ৰন্থমেলা, শিৱসাগৰ

লেখক-পাঠকৰ সমাৰোহত উমাল অসম গ্ৰন্থমেলা, শিৱসাগৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7