VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস

১৯০৪ চনৰ ১৯ আগষ্টত অসমৰ শিৱসাগৰ জিলাত জন্ম হৈছিল গীতিকবিৰ

voicedesk by voicedesk
June 7, 2022
in সংবাদ গুঞ্জন
আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস
0
SHARES
789
VIEWS
Share on FacebookShare on Twitter

১৯০৪ চনৰ ১৯ আগষ্টত অসমৰ শিৱসাগৰ জিলাৰ দিখৌ নদীৰ পাৰত ৰাধিকা প্ৰসাদ বৰুৱা আৰু হিমালা দেৱীৰ ঘৰত  জন্ম হৈছিল গীতিকবি  পাৰ্বতী প্ৰসাদ বৰুৱাৰ  ৷ পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰপিতামহ (আজোককা) যাদুৰাম ডেকা বৰুৱাই  ১৮৩৯ চনত প্ৰথম দ্বিভাষিক অসমীয়া অভিধান প্ৰণয়ন  কৰিছিল।

পাৰ্বতি প্ৰসাদ বৰুৱা  আছিল অসমৰ  এজন প্ৰসিদ্ধ কবি, গীতিকাৰ আৰু নাট্যকাৰ ৷  অসম সাহিত্য আৰু সাংস্কৃতিক জগতৰ তেওঁ  এক উজ্জ্বল জোতিষ্ক।  তেওঁ অসমীয়া ভাষাৰ সৰল আৰু সংবেদনশীল ব্যৱহাৰৰ বাবে জনাজাত ৷  অসমত গীতিকবি নামেৰে জনাজাত পাৰ্বতি প্ৰসাদ বৰুৱা আছিল  অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰাৰম্ভিক  চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজৰ এজন ।

পাৰ্বতী প্ৰসাদে কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলকাতাত থকা কালত তেওঁ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাসমূহৰ ওপৰত আধাৰিত নাটক, নৃত্য নাটিকা (বা ৰবীন্দ্ৰ নৃত্য নাট্য) আৰু অন্যান্য সংগীতঅনুষ্ঠান আদি চাই ভাল পাইছিল আৰু  এই অভিজ্ঞতাবোৰেই হয়তো  পৰৱৰ্তী সময়ত  এগৰাকী গীতিকাৰ তথা সুৰকাৰ হিচাপে তেওঁৰ সৃষ্টিশীলতাক আৰু অধিক উন্নত কৰাত সহায় কৰিছিল।

দহ বছৰ বয়সত পাৰ্বতি  প্ৰসাদে প্ৰথমবাৰৰ বাবে স্থানীয় থিয়েটাৰ গোটৰ দ্বাৰা মঞ্চস্থ কৰা এখন নাটকত ‘জয়মতি’ৰ ভূমিকা পালন কৰিছিল। ১৯২১ চনত তেওঁ ‘জুপিতৰা’ নামৰ এখন হাতে লিখা মাহেকীয়া আলোচনী আৰম্ভ কৰে।

১৯৪১ চনত মুক্তি পোৱা চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ ‘ৰূপহী’ পৰিচালনা কৰিছিল গীতিকবি জনাই ।  এই চলচ্চিত্ৰখনৰ সংগীতো ৰচনা কৰিছিল তেওঁ।

ভঙা টোকাৰীৰ সুৰ ,গুনগুননি,  লুইতি,শুকুলা ডাৱৰ ঐ কহুৱা ফুল  আদিকে ধৰি বহুকেইখন গীত আৰু কাব্য সংকলনৰ লগতে ‘লখিমী’ আৰু ‘সোণৰ সোলেং’ আদিৰ দৰে নাটক ৰচনা কৰি অসমীয়া সাহিত্য-সংস্কৃতিক চহকী কৰি থৈ গৈছে এইজনা মহান মনিষীয়ে ৷

উল্লেখযোগ্য যে, গীতিকবিৰ বহু  কবিতা হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈকো অনুবাদ কৰা হৈছে। ২০০৭ চনত  সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় তেওঁক৷

১৯৬৪চনৰ ৭জুন তাৰিখে ৫৯বছৰ বয়সত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই  নশ্বৰ দেহ ত্যাগ কৰে ৷ আজি তেওঁৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো

Previous Post

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰি গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিলে নলবাৰীলৈ

Next Post

মেট্ৰিক পৰীক্ষাবোৰ উৎসাহৰ মাপকাঠি হওক

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
মেট্ৰিক পৰীক্ষাবোৰ উৎসাহৰ মাপকাঠি হওক

মেট্ৰিক পৰীক্ষাবোৰ উৎসাহৰ মাপকাঠি হওক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7