অনৈতিক ভাবে গুপ্তধন ৰখা ভাৰতীয় সকলৰ তালিকাত এইবাৰ দেখা পোৱা গ’ল জনপ্রিয় ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ নাম লগতে অন্তৰ্ভুক্ত হৈছে এনে কিছু নাম যি নাম দেখিলে নিশ্চিতভাবে আপোনাৰো চকু কপালত উঠিব।’International Consortium of Investigative Journalist’, অনুসন্ধান কাৰী সাংবাদিক সকলৰ এক সংস্থা যাৰ কাম হ’ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঘটি থকা যিকোনো সন্দেহ জনক তথ্য পোহৰলৈ আনি চৰকাৰৰ দৃষ্টি গোচৰ কৰা।
যোৱা দুবছৰ ধৰি আই. চি. আই. জে. ৰ দ্বাৰা চলি থকা এই তদন্ত পোহৰলৈ অহাৰ লগে লগেই সংস্থা টোৱে ১১৭খন ৰাষ্ট্ৰৰ ৬০০সাংবাদিকৰ সহায় লৈ এই তথ্য ফাদিল কৰে।
দেশৰ পৰা বহু দূৰত গুপ্ত ধন ৰখা সকলৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৩৮০জন ভাৰতীয়ৰ নাম। তথ্য অনুসৰি অনিল আম্বানিৰ বিনিয়োগ ১.৩বিলিয়ন ডলাৰ, ভাৰত ৰত্ন শচীন টেণ্ডুলকাৰ, পত্নী অঞ্জলী আৰু অঞ্জলীৰ পিতৃ আনন্দ মেহতায়ো দেশৰ পৰা নিলগাই গুপুতে জমা কৰিছিল ধন। কিৰণ মজুমদাৰ, গান্ধী পৰিয়ালৰ ঘনিষ্ঠ প্ৰয়াত সতীশ শৰ্মা আদি লোকৰ নামো অন্তর্ভুক্ত হৈছে এই তালিকাত।
দেশৰ দূৰ্নীতি গ্ৰস্ত নেতা, ক্ৰীড়াবিদ, শিল্পী, ব্যৱসায়ীয়ে দেশৰ পৰা আতৰাই বৃটিছ আয়াৰলেণ্ডৰ বিভিন্ন কোম্পানিত জমা কৰিছিল হাজাৰ হাজাৰ কোটি টকা ।
১৪টাকৈ উৎসৰ পৰা ক’লা ধন জমা কৰাৰ ১১,৯০৩,৬৭৬টা ফাইল, ২.৯৪তেৰাবাইট তথ্য সংগ্রহ কৰিছিল সাংবাদিক সকলে। তথ্য সমূহৰ ভিতৰত আছে ৬,৪০৬,১১৯নথি, ২,৯৩৭,৫১৩ইমেজ, ১,২০৫,৭১৫ই-মেইল, ৪৬৭৪০৫ স্প্ৰেডশ্বিট আৰু ৮৮৬,৩২৯অন্যান্য তথ্য।