“মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে
সেউজীয়া বননিৰ বৰণৰে ঢকা
অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লই
বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা।”
অসমীয়া সাহিত্যত সাহিত্য ‘অকাডেমী বঁটা ‘প্ৰাপ্ত প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱ । বনফুল কাব্যপুথিৰ বাবে ১৯৫৫ চনত তেখেতে এই বঁটা লাভ কৰিছিল।
যতীন্দ্ৰনাথ দুৱৰাই শিৱসাগৰৰ আমোলাপট্টিত ১৮৯২ চনৰ ৪ মাৰ্চত জন্ম লাভ কৰিছিল। তেখেতৰ দেউতাকৰ নাম আছিল শ্যামসুন্দৰ দুৱৰা আৰু মাকৰ নাম পুণ্যদা বৰুৱা। শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ পিছত শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰবেশিকাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।তাৰ পিছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু স্কটিচ চাৰ্চ মহাবিদ্যালয়ৰ পৰা ১৯১৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে।
স্কুলীয়া অৱস্থাৰ পৰাই দুৱৰা কবিতাৰ প্ৰতি আগ্ৰহী আছিল। কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যই তেখেতক কবি প্ৰতিভা বিকাশত সহায় কৰিছিল। লগতে ইংৰাজ ৰোমাণ্টিক কবিসকলৰ দ্বাৰাও যথেষ্ট প্ৰভাৱান্বিত হৈছিল। পাৰস্যৰ বিখ্যাত কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ৰ অনুবাদ ‘ওমৰ তীৰ্থ ‘ তেওঁৰ বিখ্যাত অমৰ কীৰ্তি।
ৰোমাণ্টিক ভাবাদৰ্শৰ গীতি কবিতাই পূৰ্ণ বিকাশ লাভ কৰে যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতাত। ১৯৩৮ চনত গীতি কবিতাৰ সংগ্ৰহ ‘আপোন সুৰ’ আৰু ১৯৫২ চনত দ্বিতীয় গীতি কবিতাৰ পুথি ‘বনফুল’ প্ৰকাশ পায়।
‘আপোন-সুৰ ‘ আৰু বনফুলৰ কবিতা সমূহত আত্মনিষ্ঠ গীতি-কবিতাৰ প্ৰকৃতি পূৰ্ণ মাত্ৰাই প্ৰকাশ পাইছে। কাৰুণ্য দুৱৰাৰ কবিতাৰ প্ৰধান বৈশিষ্ট-
‘মোৰ বাবে তুমি
নুৰুবা মালতী ফুল
জীৱনত কিয়
মিছাতে বঢ়োৱা ভুল।’
যতীন্দ্ৰ নাথ দুৱৰা চিৰকুমাৰ আছিল। আত্মকেন্দ্ৰিক কবি দুৱৰাৰ কবিতা সমূহত ব্যক্তিগত হা-হুমুনিয়াহ , ব্যৰ্থ প্ৰেমৰ কৰুণ স্মৃতি আৰু সাংসাৰিক দুখত অকলশৰীয়া ভাবৰ আক্ষেপেৰে পৰিপূৰ্ণ।
‘অকলে আপোন মনে বহি নিৰলাত
ৰচোঁ মই জীৱনৰ গান।
সঙ্গীহীন বিহগৰ আকুল সুৰত
আকাশত ভাহি আহে তান।’
কবিয়ে পাহৰণিত আশ্ৰয় ল’ব বিচাৰিলেও কেইবাটাও কবিতাত এৰি অহা স্মৃতিয়ে আমনি নকৰাকৈ থকা নাই।পাহৰিব খুজিও পূৰ্বস্মৃতি মনৰ পৰা মুচিব পৰা নাই।
‘পৰ্বতীয়া শিলটিৰো কঁপনি তুলিলা
লয়লাসে কাষ চাপি তুমি যে আহিলা
বুকুত সাৱটি ল’লা বহুত বাতৰি ক’লা
আৱেগত হিয়া ভৰা চেনেহ যাঁছিলা।’
কবিয়ে কেতিয়াবা আৱেগিক হৈ কৈছে- অতীতক যোৱাহে পাহৰি–
‘ তুমি মোক ক’লা কাণে কাণে
অতীতক নানিবা দুনাই
অতীতে মোহিনী বেশেৰে
দিলে হেনো অবাট চিনাই।’
কেতিয়াবা আকৌ কবিয়ে সংসাৰৰ কাঁইটনিত ক্ষত -বিক্ষত হৈ আৰ্তনাদ কৰিছে। অতীতক পাহৰি যাবলৈ চেষ্টা কৰিও বাৰে বাৰে বিফল হৈছে। সেয়েহে অতীতক পাহৰি নাযাবলৈ কাঁতৰ অনুৰোধ কৰিছে।
‘ চেনেহৰ সখা মোৰ শেষ অনুৰোধ
অতীতক নেযাবা পাহৰি
সমাপি জীৱন খেলা বসুধা বুকুত
যাম গৈ যিদিনা আঁতৰি।’
যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতাত কেতিয়াবা প্ৰকৃতি প্ৰেমৰ ছৱিও প্ৰতিস্ফুট হৈছে-
‘গোটেই ৰাতিটো বৰষুণ হৈ গ’ল
পুৱা যেতিয়া শুই উঠিলো
তেতিয়া কাৰো টোপনি ভগা নাছিল
গছবোৰ গোটেই ৰাতিটো তিতি
এতিয়া লৰচৰ কৰিব নোৱাৰা কৰি
ঠিয় হৈ আছে।’
যতীন্দ্ৰ নাথ দুৱৰাই আকৌ কৈছে জাতীয় জীৱনৰ প্ৰতিষ্ঠাপক গুৰুজনাৰ প্ৰতিটো সৃষ্টি কৰ্মই অসমীয়া জাতিটোক সমৃদ্ধিশালী কৰি তুলিছে। যুগ যুগ ধৰি ধ্যান কৰি থকা ধ্যানমগ্ন যোগী বা সাংস্কৃতিক পূজাৰী বুলিও কল্পনা কৰিছে। শংকৰ দেৱৰ পুণ্য কিৰণেৰে অসম ভূমিক পৱিত্ৰ কৰা বুলি তেওঁ উল্লেখ কৰিছে-
‘ কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি
তব পুণ্য কিৰণেৰে কৰিলা পৱিত্ৰ ভূমি?
নিৰলে বজাই বীণা কোন কবি কাননত।
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত।’
যতীন্দ্ৰ নাথ দুৱৰা দেৱৰ সৃষ্টিৰাজি -বনফুল , কথা -কবিতা , আপোনসুৰ , মিলনৰ সুৰ , মৰমৰ সুৰ আৰু ওমৰ তীৰ্থ।
যতীন্দ্ৰ নাথ দুৱৰাই ডিব্ৰুগড়ৰ কানৈ কলেজৰ অসমীয়াৰ অধ্যাপক পদৰ পৰা অৱসৰ লৈ শিৱসাগৰত স্বৰ্গগামী হয়। আজি কবি গৰাকীৰ ওপজা দিনত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।