মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ দাবীৰে মহানগৰীৰ চচলত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে আজি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শ শ পুৰষ-মহিলাই বিক্ষোভ প্ৰদর্শন কৰে চচলত।
প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়ক আদি শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ-বতাহ কপাই তোলে ৷
প্ৰতিবাদত অংশ গ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে মাইক্ৰ ফাইনেন্স ৰেহাই দিয়াৰ ক্ষেত্ৰত মিছা মাতিছিল। ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ’ব। ১২,৫০০ কোটি ঋণৰ বোজা লৈছিল তেওঁ। কিন্তু বৰ্তমান পৰ্যন্ত কেৱল ১৬.৭২ শতাংশ ঋণহে মাফ কৰিছে।
লগতে তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ মহিলাসকলক বিপদত পেলাইছে। এতিয়া আৰক্ষী ঘৰলৈ আহিছে। ঋণৰ পৰিমাণ দিনক দিনে বৃদ্ধি হৈ আহিছে। মুখ্যমন্ত্ৰীয়ে ভাবিছে অৰুণোদয় আঁচনিৰ জৰিয়তে সকলো মহিলাৰ ভোট তেওঁ ল’ব। কিন্তু এতিয়া আৰু ভোট কিনিব নোৱাৰে।