অলপতে ফ’ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা ২০২১ বৰ্ষৰ বিশ্বৰ শ্ৰেষ্ঠ নিয়োগকৰ্তাৰ তালিকাত ৭৫০ টা প্ৰতিষ্ঠানৰ ভিতৰত ৫২ সংখ্যক স্থানত ভাৰতৰ ৰিলায়েঞ্চ ইণ্ডাষ্টিজৰ নাম অন্তৰ্ভুক্ত হয়। কভিদ মহামাৰীৰ সময়ত কৰ্মচাৰীসকলৰ দৰমহা কৰ্তনৰ পৰা বিৰত থকা ৰিলায়েঞ্চ ইণ্ডাষ্টিজে কৰ্মচাৰীৰ পৰিয়ালক বিনামূলীয়া ভেকচিন প্ৰদান কৰিছিল।
এই তালিকাৰ শীৰ্ষ স্থানত আছে দক্ষিণ কোৰিয়াৰ ছেমছাং ইলেক্ট্ৰনিকছ।
ৰিলায়েঞ্চ ইণ্ডাষ্টিজৰ বাহিৰেও ১১৯ সংখ্যক স্থানত ভাৰতীয় ষ্টেট বেংক, ১২৭ ত এল এণ্ড টি, ৫০৪ স্থানত এল আই চি,৫৮৮ তম স্থানত ইনফ’ছিছ, ৭৪৬ স্থানত টাটা গ্ৰুপৰ লগতে কেইবাটাও ভাৰতীয় প্ৰতিষ্ঠানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।