২০২৩চনক আদৰাৰ ক্ষণত সুৰা বিক্ৰীৰ ফলত শীৰ্ষ স্থানত উপনীত হৈছে গুৱাহাটী মহানগৰী । ‘দ্য চেণ্টিনেল’ৰ এক প্ৰতিবেদন অনুসৰি ২০২২ চনৰ ৩১ ডিচেম্বৰত প্ৰায় ৪.৮০ কোটি টকাৰ সুৰা বিক্ৰী হোৱাৰ লগতে ২০২৩ চনৰ ১ জানুৱাৰীত গুৱাহাটী মহানগৰীত ৩.২১ কোটি টকাৰ সুৰা বিক্ৰী কৰা হৈছে।
কেৱল কামৰূপ মহানগৰ জিলাৰ পৰাই এই বিক্ৰী কৰা হৈছে। স্পষ্টভাৱে এক বৃহৎ পাৰ্থক্যৰে বিগত বছৰৰ তুলনাত এইবাৰ এক অভিলেখ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীৰ সুৰাৰ ব্যৱসায়ী সকলে । কিয়নো ২০২২ চনৰ নৱবৰ্ষৰ প্ৰাকক্ষণত বিক্ৰী হৈছিল ৩,৬৬,৮৯,০০ টকাৰ সুৰা।
কিন্তু মন কৰিবলগীয়া যে, যদিও সুৰা সেৱন প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে, কিন্তু কামৰূপত নতুন বছৰৰ প্ৰাকক্ষণত পথ দুৰ্ঘটনাত মৃত্যুৰ ঘটনা শূন্য৷ কিয়নো ৰাজ্য প্ৰশাসনে উদযাপন পৰ্যায়ৰ পূৰ্বে নাগৰিকসকলক মদ্যপান আৰু গাড়ী চলোৱাৰ ক্ষেত্ৰত কিছু সকীয়াই দিছিল।ই অৱশ্যেই এক সুখবৰ।
মদ্যপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিছিল ডিচিপি (ট্ৰেফিক) হিৰণ্য কুমাৰ বৰ্মন, আনহাতে নতুন বছৰৰ পূৰ্বে কেইবাটাও পৰামৰ্শও জাৰি কৰা হয়।
আবকাৰী বিভাগৰ এক প্ৰতিবেদন অনুসৰি ২০২২ চনৰ ৩০ নৱেম্বৰলৈকে গুৱাহাটীৰ নাগৰিকে প্ৰায় ১,৪২,৮২,৬১৮.৬৪৫৫ লিটাৰ সুৰা সেৱন কৰিছে। আনহাতে ২০২২ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে প্ৰায় ১.৪২ কোটি লিটাৰ সুৰা সেৱন কৰিছে মহানগৰ বাসীয়ে ।
বিভাগটোৰ তথ্য অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত ১৫% সুৰাৰ সেৱন বৃদ্ধি পাইছে।২০২১ চনত এই অনুপাত ১.২৫ কোটি লিটাৰত সীমাবদ্ধ আছিল। অৱশ্যে ২০২২ চনৰ পূৰ্বে ব্যৱসায়িকভাৱে বৃহৎ লোকচানৰ সন্মুখীন হোৱা সুৰাৰ দোকানসমূহত যোৱা বছৰৰ অক্টোবৰ মাহত দুৰ্গা পূজা উদযাপনৰ পিছত বিক্ৰীৰ হাৰ বৃদ্ধি পাইছে।
আবকাৰী বিভাগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যে ২০১৫ চনৰ পৰা ২০২২ চনত সৰ্বাধিক হৈছে মহানগৰবাসীৰ মদ্যপানৰ হাৰ।