যোৱা নিশা ৯ বজাৰ পৰা বিশ্বত অচল হৈ পৰিছিল ফেচবুক, মেছেঞ্জাৰ, ইনষ্ট্ৰাগাম, হোৱাটছ এপকে ধৰি চাৰিটাকৈ ছছিয়েল মিডিয়াৰ প্লেটফৰ্ম। লগে লগে জনসাধাৰণৰ জীৱনলৈও স্থবিৰতা আহি পৰিছিল।
বৰ্তমান সময়ত মানৱ সমাজ প্ৰায় সকলো ক্ষেত্ৰতে ছছিয়েল মিডিয়াৰ ওপৰত নিৰ্ভৰশীল। হঠাতে বন্ধ হৈ যোৱাত সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
বিভাগীয় কৰ্তৃপক্ষই বিশ্ব বাসীৰ ওচৰত ক্ষমা বিচৰাৰ লগতে server down হোৱাৰ বাবেই সকলো প্লেটফৰ্ম অচল হৈ পৰে বুলি জানিবলৈ দিয়ে। অৱশ্যে কেই ঘণ্টামানৰ ভিতৰতে সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হয়।
ফেচবুক হোৱাটছ এপ অচল হৈ যোৱাৰ পিছতে অন্য এক শক্তিশালী ছছিয়েল প্লেটফৰ্ম টুইটাৰত এক জোৱাৰৰ সৃষ্টি হয়। সমগ্ৰ বিশ্ববাসী যেন টুইটাৰত ব্যস্ত হৈ পৰে।