দুৰ্বাসা মুনিয়ে সদায় মানুহৰ পৰীক্ষা লৈ ভাল পায় ।দুৰ্যোধনৰ প্ৰাৰ্থনা অনুসৰি দুৰ্বাসা মুনি সশিষ্যে পাণ্ডৱসকলৰ বাসস্থান পালেগৈ অৰণ্যৰ মাজত। পাণ্ডৱসকলে তেতিয়া মধ্যাহ্ন ভোজন শেষ কৰি জিৰণি লৈছিল। মুনিক দেখিয়েই পঞ্চ-পাণ্ডৱে উঠি প্ৰণাম কৰি পাদ্য-অৰ্ঘ্যৰে অভ্যৰ্থনা কৰিলে। মুনিয়ে ক’লে, “আমি এতিয়া নদীলৈ যাওঁ স্নান কৰিবলৈ।শীঘ্ৰেই ঘুৰি আহিম।আমাৰ বাবে আহাৰ্য্য প্ৰস্তুত কৰা।সকলো সাজু কৰি ৰাখিবা , আমাৰ খুব ভোক লাগিছে।” এইবুলি ঋষি সদলবলে স্নান কৰিবলৈ নদীলৈ গ’ল।
বনবাস আৰম্ভ হোৱাৰ প্ৰাৰম্ভতে তপস্যা কৰি যুধিষ্ঠিৰে সূৰ্যদেৱতাৰ পৰা এটা অক্ষয় পাত্ৰ লাভ কৰিছিল। সেইটো আছিল এটা অলৌকিক গুণযুক্ত চৰু।সেই চৰুৰ পৰা যিমান লাগে সিমান সকলো প্ৰকাৰ আহাৰ্য দ্ৰব্য পাব পাৰি। সূৰুয দেৱতাই দিওঁতেই কৈছিল ,
“এই পাত্ৰৰ জৰিয়তে বাৰ বছৰলৈ তোমালোকৰ দৈনিক প্ৰয়োজনীয় খাদ্য দ্ৰব্যৰ যোগান ধৰিম মই। দিনত সকলোৱে ভোজন কৰাৰ পিছত দ্ৰৌপদীয়ে ভোজন কৰিব। দ্ৰৌপদীয়ে ভোজন কৰাৰ পিছত দিনটোলৈ চৰুটোত খাদ্য যোগানো বন্ধ হ’ব। পুনৰ পিছদিনা এনেদৰে অন্নদান কৰিম। ”
সেইবাবে পাণ্ডৱসকলে সদায় ব্ৰাহ্মণ আৰু অন্যান্য অতিথি সকলক প্ৰথমে ভোজন কৰায়।তাৰ পিছত পাঁচো ভায়ে ভোজন কৰে।তাৰ পিছত হে দ্ৰৌপদীয়ে ভোজন কৰে। দুৰ্বাসা গৈ তাত উপস্থিত হোৱাৰ আগতেই দ্ৰৌপদীৰো ভোজন কৰা হৈ গৈছিল।গতিকে সেইদিনৰ বাবে চৰুটোৰ পৰা অন্নৰ যোগান আৰু নহ’ব। ইপিনে ঋষিৰ আপ্যায়নৰ ব্যৱস্থা নকৰিলেও নহয়। দ্ৰৌপদীয়ে ভয়ত ব্যাকুল হৈ ৰন্ধনশালত সোমাই একান্তমনে শ্ৰীকৃষ্ণক ধ্যান কৰিবলৈ ধৰিলে। এই ঘোৰ সংকটত একমাত্ৰ শ্ৰীকৃষ্ণইহে তেওঁক বাট দেখুৱাই দুৰ্বাসা ঋষিৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিব পাৰে।
স্মৰণ কৰোতেই শ্ৰীকৃষ্ণ আহি সন্মুখত উপস্থিত হৈ ক’লে , “মই বৰ ক্ষুধাৰ্ত। দ্ৰৌপদী , মোৰ কাৰণে খাবলৈ কিবা এটা আনা। কথা-বতৰা আমি পিছতো হ’ব পাৰিম।”
বিমোৰত পৰি দ্ৰৌপদীয়ে কাতৰ কণ্ঠে ক’লে , “উঃ কৃষ্ণ! তুমিও কি পৰীক্ষা লৈছা বাৰু মোৰ? সূৰ্য দেৱতাই দিয়া অক্ষয় পাত্ৰৰ শক্তি মই ভোজন কৰাৰ পিছত আজিৰ দিনটোৰ বাবে ৰহিত হৈছে। ঋষি দুৰ্বাসা অহাৰ পিছত কি কৰিম ভাবি নাপাই তোমাক মাতি আনিছো। মুনি আৰু শিষ্যসকল আহি পায়হিহে লাগে।ভয়তে মোৰ জীৱ ওলাই যাব খুজিছে।এতিয়া তুমিও আকৌ কৈছাহি ভোকত ৰ’বই পৰা নাই ।” কৃষ্ণই দ্ৰৌপদীৰ চৰুটো বিচৰাত দ্ৰৌপদীয়ে চৰুটো কৃষ্ণৰ হাতত দিলে। চৰুটোত একো নাছিল। মাত্ৰ চৰুটোৰ কাণত শাকৰ আঞ্জাৰ কণিকা আৰু ভাত এটা লাগি আছিল। সেই দুই খাদ্যবিন্দুকে চিকুটি এৰুৱাই লৈ পৰম সন্তোষেৰে শ্ৰীকৃষ্ণই জগতাত্মা শ্ৰীহৰি বুলি ভোজন কৰিলে।
শ্ৰীকৃষ্ণই সেই খাদ্যকণ সম্পূৰ্ণ পৰিতৃপ্তিৰে খালে আৰু ভীমক মাতি ক’লে , মুনিশ্ৰেষ্ঠ দুৰ্বাসাক কোৱাগৈ যে তেওঁলোক সকলোৰে বাবে ভোজন সাজু কৰি থোৱা হৈছে , সোনকালে আহিব লাগে। কৃষ্ণৰ ওপৰত বিশ্বাস ৰাখি ভীমে দুৰ্বাসা আৰু তেওঁৰ শিষ্যগণক খাবলৈ আহিবলৈ অনুৰোধ কৰিলে। কিন্তু স্নানৰ অন্তত দুৰ্বাসা আৰু তেওঁ শিষ্যবৰ্গৰ আটাইৰে ভোক আপোনা -আপুনি গুচিল। ভোকৰ সলনি ডিঙিৰ গুৰিলৈকে আহাৰ খোৱা মানুহৰ দৰে হ’ল। এক বিন্দু অন্ন গ্ৰহণৰ শক্তি আৰু কাৰো নাছিল ,যেন বৰভোজ খাইহে উঠিছে। দুৰ্বাসাই সকলো বুজি পালে আৰু তেওঁ ভীমক ক’লে , “আমি সকলোৱে অন্নগ্ৰহণ কৰিলোৱেই। যুধিষ্ঠিৰক ক’বাগৈ যাতে আমাক ক্ষমা কৰে।” তাৰ পিছত তেওঁ সশিষ্যে প্ৰস্থান কৰিলে।
প্ৰকৃতপক্ষে শ্ৰীকৃষ্ণই বিশ্বব্ৰহ্মাণ্ড।কৃষ্ণই যেতিয়া খাদ্যৰ এক কণা লৈ সম্পূৰ্ণ পৰিতৃপ্ত হ’ল , লগে লগে বিশ্বব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীৰে এসাজৰ কাৰণে ক্ষুধাৰ সম্পূৰ্ণ নিবৃত্তি হ’ল।
আজিও আমাৰ সমাজত বিশ্বাস আছে যে , ভাতৰ চৰুটো কেতিয়াও খালি কৰি ৰাখিব নাপায়। অলপমান হ’লেও ভাত চৰুটোত থৈ দিব লাগে। তেতিয়াহে ঘৰত লক্ষীয়ে বাস কৰে ।
মহাভাৰতৰ কাহিনীত চৰুত পোৱা এটা কণিকাৰ পৰা শ্ৰীকৃষ্ণই ক্ষুধা নিবাৰণ কৰিলে। যদি সেই কণিকাটি নাথাকিলে হেঁতেন দ্ৰৌপদীৰ সৈতে পাণ্ডৱসকল দুৰ্বাসা মুনিৰ অভিশাপৰ বলি হ’লহেঁতেন। সেয়েহে চৰু উদং কৰি ৰাখিলে লক্ষী আঁতৰি যায় বুলি আজিৰ দিনতো অসমীয়া মানুহে মনে প্ৰাণে বিশ্বাস কৰে।