ন লেখিকা ৰূপালীম মহন্তৰ “কথা কোৱা পুতলা” শীৰ্ষক গল্প সংকলনখনে এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। ১২ টা গল্প সন্নিবিষ্ট থকা গল্প পুথিখনৰ ভাষা অতি সহজ আৰু সাৱলীল।
কথা কোৱা পুতলা শীৰ্ষক গল্পটিয়ে সমাজৰ প্ৰচলিত কিছুমান ধাৰণাক প্ৰত্যাহ্বান জনাইছে। আনহাতে বৰষা যেতিয়া নামে বুকুলে শীৰ্ষক গল্পটিয়ে কৈশোৰ প্ৰেমৰ কোমল ছবি এখনি আঁকিছে।
দ্য পিংক ডিজায়াৰৰ দৰে গল্পত লিংগ ভিত্তিক ধাৰণাৰ এখন ছবি আঁকি সমাজক প্ৰশ্ন কৰিছে। আনহাতে প্ৰেয়সী গল্পটোত মনস্তত্বৰ এক অনন্য দিশ ফুটি উঠিছে।
গল্প পুথিখনত সন্নিবিষ্ট প্ৰতিটো গল্পৰ বিষয়বস্তু ইটোৰ পৰা সিটো পৃথক। গল্পকাৰ ৰূপালীম মহন্তৰ সহজ কথনভংগীত কথাটোকে আকৰ্ষিত কৰিবলৈ সক্ষম হয়।
সাম্প্ৰতিক সময়ৰ বাস্তৱ পৰিৱেশৰ পৰা বিষয়বস্তু বুটলি গল্প ৰূপ দিয়াত লেখিকা একপ্ৰকাৰে সফল হৈছে। ভাষাৰ কোমলতাৰ অধিক পৰশে লেখিকাৰ গল্পসমূহত এক নতুনত্ব প্ৰদান কৰিব বুলি আশা কৰা হৈছে। চৰ্চাৰ জৰিয়তে লেখিকা অধিক আগবাঢ়ি যাবলৈ সক্ষম হ’ব।