VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
March 4, 2023
in সংবাদ গুঞ্জন
নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন
0
SHARES
59
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত বিগত বছৰসমূহৰ দৰে চলিত বৰ্ষতো অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে । ইতিমধ্যে থান পৰিচালনা আৰু উৎসৱ উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে দৌল উৎসৱৰ । উল্লেখ্য যোগ্য যে ১৯৯৩ চনৰে পৰা ক্ৰমাগতভাৱে উদযাপন কৰি অহা সাৰ্বজনীন গৰখীয়া থানৰ দৌল উৎসৱে চলিত বৰ্ষত ৩০সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে ।

৩৫৫ বছৰীয়া ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ কাৰ্যসূচী অনুসৰি অহা ৬ মাৰ্চত পুৱা পৰিৱেশ নিকাকৰণ,গছ পুলি ৰোপনৰ অন্তত থানৰ ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পন,দান বৰঙণি- শৰাই-সফুঁৰা গ্ৰহণ,সোঁৱৰণি তোৰণ উন্মোচন,কীৰ্তন পাঠ,দুপৰীয়া প্ৰসংগ,নৱ নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হ’ব । বিয়লি শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ অন্তত সমূহীয়া বন্তি প্ৰজ্বলন আৰু সন্ধ্যা প্ৰসংগৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি মৰা হ’ব । ৭ মাৰ্চত পুৱা দৌল মন্দিৰত দৌল ধ্বজা উৰণ,মণিকূট-বন্তি প্ৰজ্বলনৰ পাছত অঞ্চলৰ ২৯গৰাকী নামঘৰৰ বিষয়ববীয়াই ধৰ্ম ধ্বজা আৰু জলচী লৈ উৎসৱ স্থলীলৈ যাত্ৰা কৰাৰ অন্তত ৩০খনি ধৰ্মধ্বজা উত্তোলনৰ পাছতে গোঁসাই স্নান-স্থাপন আৰু ভকতক নিৰ্মালী প্ৰদান কৰা হ’ব ।

অনুষ্ঠানত মুখ্য অতিথি ৰূপে স্বাস্থ্য মন্ত্ৰী আৰু বিশিষ্ট অতিথি ৰূপে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত থাকিব । ইয়াৰ পাছতে খোল-নাম প্ৰসংগ, আপ্যায়ণ,বিয়লি আমন্ত্ৰিত নামতিৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হ’ব । সন্ধ্যা যোৰা পৰিবেশনৰ অন্তত সম্বৰ্ধনা,সাহাৰ্য প্ৰদান আৰু শৈক্ষিক বঁটা প্ৰদান । নিশা দলৈগাঁও আৰু ন দলৈ গাঁৱৰ মহিলা শিল্পীসকলৰ দ্বাৰা “মচুকুণ্ড ৰজাৰ কৃষ্ণ দৰ্শন” ভাওনাখনি মঞ্চস্থ কৰা হ’ব । ভাওনাখনি উদ্বোধন কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই । ৮ মাৰ্চত পুৱা পৱিত্ৰ হোলী খেলাৰ অন্তত কীৰ্তন পাঠ,প্ৰসংগ,বিয়লি দিহানাম পৰিবেশন,সন্ধ্যা প্ৰসংগ আৰু আদৰণি-সম্বৰ্ধনা অনুষ্ঠান । নিশা মৰিগাঁৱৰ দক্ষিণ বাৰপূজীয়া জনজাতীয় লোকবাদ্য দলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব ।

৯ মাৰ্চত পৰিবেশন নিকাকৰণৰ অন্তত অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ময়ূৰ পংখী ৰথত দৌল গোবিন্দ গোঁসাইক ভ্ৰমণ কৰোৱা হ’ব । ইয়াৰ পাছতে কীৰ্তন পাঠ আৰু ধৰ্মধ্বজা অৱনমন-সমূহীয়া ঘোষাৰে দৌল উৎসৱৰ সামৰণি মৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে । উল্লেখ্য যে ৩০সংখ্যক দৌল উৎসৱৰ লগত সংগতি ৰাখি ৬মাৰ্চৰ বিয়লি আয়োজিত শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১০০টকা । প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত তিনিগৰাকী প্ৰতিযোগীক ক্ৰমে ৩০০১,২০০১ আৰু ১০০১টকাৰে পুৰস্কৃত কৰা হ’ব । সবিশেষ জানিবৰ বাবে ৭০০২৬৯২৮৬৮ নাইবা ৯৩৬৫০৮০২৮৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

 

Previous Post

মাত্ৰ ১১ মিনিট সময় খৰচ কৰি কেন্সাৰ আৰু হৃদৰোগৰ সম্ভাৱনাৰ পৰা বাচি থাকক , কি ন্তু কেনেদৰে ?

Next Post

নগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান,গ্ৰন্থ উন্মোচন

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
নগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান,গ্ৰন্থ উন্মোচন

নগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান,গ্ৰন্থ উন্মোচন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7