পুৰণি কালৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত খেল-ধেমালি প্ৰচলিত হৈ আহিছে।মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণত ঘিলা , পাশা , লুনি , মালযুঁজ ,দলি যুঁজ আদি খেল-ধেমালিৰ কথা উল্লেখ আছে।
ঘিলা:–
ঘিলা খেলিবলৈ মাটিত ছটা ঘৰ আঁকি এখন ক্ষেত্ৰ প্ৰস্তুত কৰা হয়। এখন ভৰিৰ ওপৰত থিয় হৈ ঘিলাটো প্ৰথম ঘৰৰ পৰা ঠেলি ঠেলি কোনোটো ঘৰৰে আঁচত ভৰি নিদিয়াকৈ আৰু ঘিলাটো আঁচত পৰি নথকাকৈ ঘৰবোৰ পাৰ কৰাটো নিয়ম।
টাংগুটি:–
অসমৰ আন এটা প্ৰাচীন খেল হ’ল টাংগুটি।এই খেলত দাণ্ডি লোৱাজনে দাণ্ডিৰে এটা মাটিৰ সৰু খুলিত পাতি থোৱা টাংগুটিটো কোবাই বিপক্ষৰ ফালে দলিয়াই দিয়ে।বিপক্ষত থকাজনে এই গুটিটো দাণ্ডি ডালেৰে ধৰিব পাৰিলে তেওঁ দাণ্ডি ধৰিবলৈ যোগ্যতা অৰ্জন কৰে।
কণী যুজ:–
অসমত পুৰণি কালৰে পৰা প্ৰচলিত এক অন্যতম খেল হ’ল কণী যুঁজ। এই যুঁজত যাৰ কণী ভাঙে , তেওঁৰ কণীটো নভঙা জনক দিব লাগে।
ৰছী টনা:–
ৰছী টনা খেল অসমত প্ৰচলিত এটা অতি জনপ্ৰিয় খেল।দুটা দলে ৰছী এডালৰ দুয়ো মূৰে অৱস্থান কৰে আৰু নিৰ্দিষ্ট এটা চিহ্ন অতিক্ৰম কৰাবলৈ দুয়োপক্ষই চেষ্টা কৰে।নিৰ্দিষ্ট চিহ্নটো অতিক্ৰম কৰিলে সেই দলটো পৰাস্ত হোৱা বুলি ধৰা হয়।
কুকুৰা-যুঁজ:–
সৰু ল’ৰা- ছোৱালীৰ মাজত জনপ্ৰিয় খেল কুকুৰা যুঁজ। এজন খেলুৱৈয়ে দুটা দলৰ কুকুৰাৰ মাজত যুঁজ লগাই দিয়ে আৰু যুঁজত এটা দল পৰাস্ত হয়।
বৰ্তমান সময়তো বিহুৰ সময়ত কিছুমান অঞ্চলত কণীযুঁজ , কুকুৰা যুঁজ , মহ যুঁজ আদি খেলবোৰ অনুষ্ঠিত কৰা হয়।
অসমৰ আন আন অঞ্চলৰ দৰে গোৱালপাৰা অঞ্চলতো কৃষিজীৱী সমাজ খনে সাতাম পুৰুষৰ পৰাই কিছুমান খেল খেলি আহিছে।
আক্ৰমন খেল:–
এই খেল বিধ ল’ৰাত কৈ ছোৱালীৰ বেছি জনপ্ৰিয়।সাধাৰণতে চোতালৰ মাটিত ঘাই বা দাগ কাটি মাটিৰ ভঙা খোলাৰ টুকুৰা এটাক ‘কৰি’ হিচাপে লৈ এই খেল বিধ খেলা হয়।
এণ্টি এণ্টি বাইছ কোব:–
এই খেল বিধ ল’ৰা-ছোৱালী উভয়ে খেলে। দুগৰাকী ৰজা থাকে আৰু ৰজা দুগৰাকীয়ে একোটাকৈ নিৰ্দিষ্ট দূৰত্বত ঠিয় হৈ হাতৰ তলুৱা দুখন লগ-লগাই ধৰে।বাকী খেলুৱৈ সকলে হাত দুখনৰ তলেৰে গৈ থাকে আৰু গায়—-
এণ্টি এণ্টি বাইছ কোব
নাইন টেন তেইছ কোব
চুলিত তানা বেবি আনা
ডাক্তাৰ বাবু বৈঠক খানা
বিছ গলাতে ছবি আটকা।
যি গৰাকী খেলুৱৈৰ ডিঙিত ছবি আটকা শেষ হ’ব তেওঁক খেলৰ পৰা আঁতৰাই ৰখা হ’ব। এনেকৈয়ে যিজনে একেবাৰে শেষলৈকে থাকিব তেওঁৱেই সেইদিনৰ খেল খনৰ বিজয়ী হব।
ঘঁৰিয়াল পানী খেল:—-
এইবিধ খেলত চাৰিজন বা তাতকৈ অধিক খেলুৱৈৰ প্ৰয়োজন হ’য়। প্ৰথমতে এজনক ঘঁৰিয়াল বাছি উলিওৱা হ’য়। সাধাৰণতে পথাৰখন বা ঘৰৰ চোতাল খনক পানী আৰু আলি বোৰক বা ঘৰৰ বাৰেন্দাখনক পাৰ বুলি ধৰি লোৱা হ’য়।ঘঁৰিয়ালটোক পানীত থাকিবলৈ দি বাকীবোৰে পথাৰ বা চোতাল খনত দৌৰি থাকে ।ঘঁৰিয়ালটো ওচৰত আহিলে খেলুৱৈ সকলে পাৰলৈ দৌৰি আহে।যদি কোনো খেলুৱৈক পানীত থকা অৱস্থাত ঘঁৰিয়ালটোৱে চুই দিয়ে তেতিয়া তেওঁৱেই ঘঁৰিয়াল হব।
গোৱালপাৰা অঞ্চলত এনেদৰে এতিয়াও বহুত খেল খেলা দেখা যায়। মুকলি আকাশৰ তলত খেলা এই খেলবোৰ সচাঁকৈয়ে আনন্দদায়ক।খেলে শিশুক অতীত প্ৰেৰণা , বৰ্তমানৰ আনন্দ আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুতিৰ মনোবল অনাত সহায় কৰে। নৈতিক চৰিত্ৰ গঠন , খং ,অভিমান , জেদ আদিক নিয়ন্ত্ৰণত শিশু অৱস্থাৰ পৰাই খেলৰ ভূমিকাই যথেষ্ঠ অৰিহনা যোগায়।সুস্বাস্থ্য আৰু শৃংখলাবদ্ধ জীৱন -যাপনৰ বাবে আমি অভিভাৱক সকলে গুৰুত্ব দিব লাগে। শিশু সকলোক ঘৰতে আৱদ্ধ হৈ থাকি মোবাইলত ব্যস্ত হৈ থাকিবলৈ নিদি খেলিবৰ বাবে পৰিবেশ এটা সৃষ্টি কৰা অতি প্ৰয়োজনীয়।