বেলৰ পাত অতি উপকাৰী। পুৰাণত শিৱই কৈছে যে , কোটি কৌটি ধন-সোণ দি শিৱক পূজা কৰিলেও তাৰ ফল নাপায় যদিহে সেই পূজাত বেলপাত নাথাকে। ইয়াৰ পৰাই বেলপাতৰ মাহাত্ম্য জানিব পাৰি। বেলপাত কেৱল পূজাই নহয় ইয়াক নানা ৰোগত ব্যৱহাৰ কৰিব পাৰি
১) গ্ৰহণী ৰোগত বেলপাতৰ ৰস দুই চামুচ কৈ দিনে ৪/৫ বাৰ খালে গ্ৰহণী ৰোগ ভাল হয়।
২) পাঁচ চামুচ বেলপাতৰ ৰসত পাঁচটা জালুকৰ গুড়া মিহলি কৰি দিনে এবাৰ কৈ একেৰাহে তিনিদান খালেই জণ্ডিচ ৰোগ ভাল হয়।
৩) বেলপাত পানীত তিয়াই বা ফ্ৰিজত ঠাণ্ডা কৰি জুয়ে পুৰা ঘাত লগালে ঘাৰ জ্বলনি পুৰণি নোহোৱা হয়।
৪) কোনো কীট-পতঙ্গই কামোৰাৰ পাছত বেলপাতৰ ৰস ঘনাই লগাই থাকিলে আৰাম পোৱা যায়।
৫) বহুমুত্ৰ ৰোগত বেলপাতৰ ৰস দুই চামুচ কৈ দিনটোত তিনি-চাৰিবাৰ খাব লাগে।
৬) কৃমি মৰিবলৈ দুই চামুচ বেলপাতৰ ৰস ৰাতিপুৱা খালি পেটত খাব লাগে।
৭) কামীহাড়ত বিষ হলে বেলপাতৰ ৰস দুই চামুচ কৈ দিনে দুবাৰ খাব লাগে আৰু পাত পিহি সামান্য গৰম কৰি সেক দিব লাগে।
৮) ৪/৫ খন বেলপাত পিহি তাৰ পৰা ৰস উলিয়াই শিশুৰ পেটচলা ৰোগীক খুৱালে ভাল হয়।
৯) বেলপাতৰ ৰস প্ৰতিদিনে দুই চামুচ কৈ এমাহ খালে হাঁইফাঁই ৰোগীয়ে যথেষ্ট আৰাম পায়।
১০) প্ৰসৱ বেদনা লাঘৱ কৰিবলৈ বেলপাতৰ ৰস পাঁচ চামুচ খাব লাগে।
১১) মাছ খাই বিষাক্ত হ’লে বেলৰ পাত ৫/৬ খন চোবাই খাব লাগে।