সাহসিকতাৰ বঁটাবোৰৰ বিষয়ে জানো আহক-
১) পৰমবীৰ চক্ৰ ঃ
পৰমবীৰ চক্ৰ ভাৰতৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধ ক্ষেত্ৰত শত্ৰুৰ সন্মুখীন হৈ অতুলনীয় সাহস আৰু আত্মত্যাগৰ স্বীকৃতিৰূপে এই পদক দিয়া হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত পৰমবীৰ চক্ৰ বঁটা আৰম্ভ কৰা হয়। এই পদকৰ স্থান দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰ ঠিক পাছতেই বুলি ধৰা হয়।
ভাৰতৰ ভূমি , বায়ু , পানীত সাহসিকতাৰ বাবে দেখুওৱা অসাধাৰণ বীৰত্বৰ বাবে পৰমবীৰ চক্ৰ বঁটা প্ৰদান কৰা হয়। শত্ৰু সৈন্যৰ উপস্থিতিৰ সময়ত কৰা সাহসিক কাৰ্যৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
২) মহাবীৰ চক্ৰ ঃ
সাহসিকতাৰ দ্বিতীয় সৰ্বোচ্চ বঁটা হ’ল মহাবীৰ চক্ৰ। শত্ৰুৰ উপস্থিতিৰ সময়ত দেখুওৱা দৃষ্টি আকৰ্ষক কামৰ বাবে মহাবীৰ চক্ৰ বঁটা দিয়া হয়।
৩) বীৰ চক্ৰ ঃ
শত্ৰুৰ উপস্থিতিত বায়ু , পানী , মাটি ভাগত দেখুওৱা বীৰত্বৰ বাবে বীৰচক্ৰ বঁটা প্ৰদান কৰা হয়।
শত্ৰুৰ মুখামুখিৰ বাহিৰেও আন ক্ষেত্ৰত প্ৰদান কৰা বঁটাবোৰ হ’ল-
১) অশোক চক্ৰ ঃ
ভাৰতৰ বায়ু-পানী , মাটিত কৰা অতি সাহসিক কাম , আত্মবলিদানৰ বাবে অশোক চক্ৰ বঁটা প্ৰদান কৰা হয়।
২) কীৰ্তি চক্ৰ ঃ
অতি সাহসিকতাৰ বাবে কীৰ্তি চক্ৰ বঁটা প্ৰদান কৰা হয়।
৩) সূৰ্য চক্ৰ ঃ সাহসিকতাৰ বাবে এই বঁটা প্ৰদান কৰা হয়।
৪) পৰম বিশিষ্ট সেৱা মেডেল।
৫) অতি বিশিষ্ট সেৱা মেডেল ।
৬) বিশিষ্ট সেৱা মেডেল।
৭) সেনা মেডেল , নৌ সেনা মেডেল , বায়ুসেনা মেডেল।
৮) টেৰিটৰিয়েল আৰ্মী ডেকোৰেশ্যন।
৯) জীৱন ৰক্ষা পদক।