অসমৰ সমাজ জীৱনক প্ৰভাৱান্বিত কৰি থৈ যাব পৰা গণশিল্পী হেমাংগ বিশ্বাস অসমৰ সকলোৰে নমস্য ব্যক্তি। বাংলাভাষী হৈও অসমৰ সাংস্কৃতিক জগত খনলৈ তেখেতে আগবঢ়োৱা অৱদান স্মৰণীয় হৈ থাকিব। তেওঁৰ ৰচিত গীত , কবিতা , প্ৰৱন্ধ ,ভ্ৰমণ কাহিনীবোৰ জাতিৰ অমূল্য সম্পদ। সংস্কৃতিৰ মাধ্যমেৰে অসম আৰু বংগৰ মাজত মধুৰ সম্পৰ্ক স্থাপন কৰাত বোধহয় তেখেতেই অগ্ৰণী ভূমিকা লৈছিল। সেই দিশৰ পৰা হেমাংগ বিশ্বাসক অসম- বংগৰ সেঁতু বুলি নিসন্দেহে ক’ব পাৰি।
অসমৰ মাটিৰ লগত হেমাংগ বিশ্বাসৰ গভীৰ আত্মীয়তা গঢ়ি উঠিছিল। অসমৰ প্ৰতিজন মানুহৰ অন্তৰত যেন তেওঁ সোমাই পৰিছিল। অসমৰ লোকগীতক , ঐতিহ্যপূৰ্ণ সংস্কৃতিক তেওঁ প্ৰগতিশীল সাঁচত গঢ়ি তুলিছিল। অসমত সৰ্বভাৰতীয় গণনাট্য সংঘৰ শাখা প্ৰতিষ্ঠা কৰি এই ৰাজ্যৰ থলুৱা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত তেওঁ আগভাগ লৈছিল। মঘাই ওজাৰ চৌদিশ ৰজনজনাই তোলা ঢোলৰ ছেও , নৰহৰি বুঢ়া ভকতৰ পৃথিৱী কঁপাই তোলা ভোৰতাল নৃত্য দেখি অসমৰ বাহিৰৰ সংস্কৃতিপ্ৰেমী লোকসকল আচৰিত হ’ল। অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰলৈ এনেদৰেই হেমাংগ বিশ্বাস তথা গণনাট্য সংঘই লৈ গৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ,সুধাকণ্ঠ ড°ভূপেন হাজৰিকা প্ৰমুখ্যে সংস্কৃতিৰ প্ৰকৃত সাধক সকল গণনাট্য সংঘত আছিল। এই সকলোকে অনুপ্ৰেৰণা যোগোৱাত হেমাংগ বিশ্বাসৰ বহুখিনি অৱদান আছিল।
“দেশেই নাটঘৰ , ৰাইজেই ভাৱৰীয়া”-এই বাণী আছিল গণনাট্য সংঘৰ মূলমন্ত্ৰ। এই আদৰ্শ লৈ গণনাট্য সংঘই জনতাৰ সেৱাত আত্মনিয়োগ কৰিছিল।শোষিত , নিষ্পেষিত সকলৰ প্ৰতিবাদৰ ধ্বনি এই সকল শিল্পীৰ কণ্ঠত নিনাদিত হৈছিল।
“নাম তাৰ কমৰেড ৰত্নেশ্বৰ ৰাভা” এই কবিতাত তেখেতে কৈছিল—
” আলফুল কেঁচুৱা কুঁহিটি টানি ছিঙি গচকি মোহাৰি
কৈ যায়
এই মাটিত তোৰ আৰু অধিকাৰ নাই
তথাপিতো
বৃক্ষত ডালে ডালে পুনু গজে অগণন পাত
পুনু শুনো তাত পখীৰ উৰুলি।”
হেমাংগ বিশ্বাসৰ প্ৰায়বোৰ কবিতাতে বুঢ়া লুইতৰ কথা আছে , নীলাচল-উমানন্দৰ ক্ষত-বিক্ষত শিলৰ সংবাদ আছে ,গুৱাহাটীৰ উপকণ্ঠৰ বেলতলা পথাৰৰ মৰ্ম বেদনা আছে আৰু বিহু আৰু বিহুৱানৰ সুন্দৰ উপস্থাপন আছে।
হেমাংগ বিশ্বাসে অসমক অন্তৰ উজাৰি ভাল পাইছিল।নিজৰ ল’ৰা-ছোৱালী দুটাৰ নাম ৰাখিছিল “ৰংমন” আৰু “ৰংমিলি”। কলিকতাৰ নাকতলাৰ ঘৰটোৰ নাম ৰাখিছিল “জিৰণি”। অসমত যেতিয়াই জুই জ্বলিছিল তেতিয়াই তেওঁ অসমলৈ আহি শান্তি বাহিনী গঠন কৰি গান গাইছিল।ইয়াতকৈ অসম প্ৰেমৰ অপূৰ্ব নিদৰ্শন আৰু কি হ’ব পাৰে ? ১৯৬০ চনত অসমীয়া ভাষী আৰু বাংলা ভাষীৰ মাজত ভাষাক কেন্দ্ৰ কৰি যি অশুভ শক্তিৰ সৃষ্টি হৈছিল , তেনে অশুভ শক্তিক পৰাভৱ কৰাৰ ক্ষেত্ৰত হেমাংগ বিশ্বাসৰ অৱদান মানিবই লাগিব। আজি তেখেতৰ জন্মদিৱসত নমস্য ব্যক্তি গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব আৰু আজিৰ প্ৰজন্ময়ে হেমাংগ বিশ্বাসৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়।