১৯০৭ চনৰ ২৮ ডিচেম্বৰৰ দিনা অসমৰ যোৰহাটত জন্ম গ্ৰহণ কৰিছিল অসমৰ এগৰাকী স্বনামধন্য কবি গণেশ গগৈয়ে ৷ তেওঁৰ পিতৃৰ নাম আছিল কনক চন্দ্ৰ গগৈ ৷ যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰা গণেশ গগৈয়ে পৰৱৰ্তী সময়ত গুৱাহাটীৰ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু১৯২৬চনত কটন মহাবিদ্যালয়ৰ পৰা সুক্ষাতিৰে উত্তীৰ্ণ হৈ ১৯২৭চনত উচ্চ শিক্ষাৰ বাবে কলিকতাৰ ৰিপন কলেজত( যি বৰ্তমান সুৰেন্দ্ৰনাথ কলেজ নামে জনাজাত) নামভৰ্তি কৰিছিল আৰু পিছলৈ তেওঁ কাশী হিন্দু বিশ্ব বিদ্যালয় বৰ্তমানৰ বানাৰস হিন্দু বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিছিল কিন্তু সি সম্পূৰ্ণ হৈ নুঠিল ৷
অসমীয়া কাব্য সাহিত্যৰ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা গণেশ গগৈ কেৱল যে এজন কবি আছিল এনে নহয় ৷ তেওঁ একেধাৰে আছিল এজন নাট্যকাৰ, অভিনেতা ,গীতিকাৰ ,সুৰকাৰ আৰু আছিল এজন সুদক্ষ ফুটবল খেলুৱৈ ৷
১৯৩৭চনত যোৰহাট থিয়েটাৰত মঞ্চস্থ হোৱা ‘জেৰেঙাৰ সতী’,শকুনিৰ প্ৰতিশোধ ,লাচিত ,কুৰিশতিকা আদি তেখেতৰ কেইখনমান কালজয়ী নাট ৷
আনহাতে তেওঁৰ ৰোমাণ্টিক কাব্য সংকলন ‘ পাপৰি’প্ৰকাশিত হৈছিল ১৯৩৪চনত ৷ যিখন কবিতা পুথিৰ বাবে তেওঁ কাব্যপ্ৰেমী সকলৰ মাজত ‘পাপৰি কবি’ নামেৰে সমাদৃত হৈছিল আৰু আজিও তেওঁক আমি ‘পাপৰি কবি’ নামেৰেই জানোঁ ৷ তেওঁৰ আনকেইখনমান কাব্য সংকলন হ’ল স্বপ্ন ভংগ,ৰূপাজ্যতি ,নাৱৰীয়া,ব’ৰাগী আদি ৷
২০০৯চনত অসম চৰকাৰে কবি গৰাকীৰ নামত এক বঁটা প্ৰদান কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰে ৷পাপৰি কবিৰ জীৱনৰ আধাৰত ‘গণেশ গগৈৰ জীৱন সুৰভি’ নামৰ এক তথ্যচিত্ৰও পৰৱৰ্তী সময়ত নিৰ্মাণ কৰা হয় ৷ আনহাতে তেওঁৰ অৱদান সমূহৰ প্ৰতি সন্মান জনাই যোৰহাটৰ এখন উদ্যানৰ নামাকৰণ কৰা হয় ‘গণেশ গগৈ কবিতা কানন’ ৷আজিৰ তেওঁৰ ওপজা দিনটোত তেওঁৰ কৰ্মৰাজিক সুৱঁৰি জনালোঁ শত-সহস্ৰ প্ৰণিপাত ৷