VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আধুনিকতাবাদ আৰু প্ৰতীকবাদৰ আজন্ম কবি এখুদ ককাইদেউৰ আজি ওপজা দিন

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
December 29, 2021
in সংবাদ গুঞ্জন
আধুনিকতাবাদ আৰু প্ৰতীকবাদৰ আজন্ম কবি এখুদ ককাইদেউৰ আজি ওপজা দিন
0
SHARES
460
VIEWS
Share on FacebookShare on Twitter

আধুনিক অসমীয়া  কাব্য জগতৰ অন্যতম শ্ৰেষ্ঠ কবি একেধাৰে গীতিকাৰ , ঔপন্যাসিক , শিশু সাহিত্যিক  নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ  ২৯ ডিচেম্বৰত নগাও জিলাৰ ডিবৰুত। অসমীয়া সাহিত্যত এখুদ ককাইদেউ হিচাপে পৰিচিত নৱকান্ত বৰুৱাৰ দেউতাকৰ নাম আছিল নীলকান্ত বৰুৱা আৰু মাকৰ নাম আছিল স্বৰ্ণলতা বৰুৱানী।

আধুনিক কবিতাৰ এজন বাটকটীয়া হ’ল নৱকান্ত বৰুৱা। চল্লিশৰ শেষৰ ফালে কাব্য স্ৰষ্টাৰূপে আত্মপ্ৰকাশ কৰা কবিগৰাকীৰ সত্তৰৰ দশকৰ শেষলৈকে প্ৰায় ছখন কবিতাৰ পুথি  প্ৰকাশ পাইছে। পুথি কেইখন হ’ল – ‘হে অৰণ্য , হে মহানগৰ ‘, ‘এটি দুটি এঘাৰটি তৰা’ , ‘ছবি আৰু স্কেচ্ছ’ ,  ‘সম্ৰাট’ , ‘ৰাৱন’ ,  ‘মোৰ আৰু পৃথিৱীৰ’ ।

নৱকান্ত বৰুৱাই ৰচনা কৰা উপন্যাস কেইখন হ’ল -‘কপিলীপৰীয়া সাধু’ , ‘ককাদেউতাৰ হাড়’ ,’গড়মা কুৱঁৰী’ , ‘মানুহ আটাইবোৰ দ্বীপ’ , ‘পটাচৰা’, ‘অপদাৰ্থ’ আৰু ‘অহিংসাৰ জুই'(অসমাপ্ত)।তেখেতৰ অন্যান্য গ্ৰন্থ সমূহ হ’ল- ‘অসমীয়া ছন্দশিল্পৰ ভূমিকা ‘, ‘শিয়ালী পালেগৈ ৰতনপূৰ’ , ‘আখৰৰ জখলা’ , ‘মনৰ খবৰ’  , ‘ভ’ ওকাৰে ভু’, আৰু ‘জনা -নজনাৰ খেল’।

নৱকান্ত বৰুৱাৰ বিখ্যাত কবিতা কেইটামান হ’ল-মনত পৰেনে অৰুন্ধতি , ইয়াত নদী আছিল , পলস , মহাকাব্যৰ পাণ্ডুলিপি ।

‘এখুদ ককাইদেউ ‘ ছদ্ম নামেৰে লেখা মেলা কৰি অসমীয়া শিশু সাহিত্য চহকী কৰা নৱকান্ত বৰুৱা এগৰাকী প্ৰখ্যাত ঔপন্যাসিক । ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে তেওঁ ১৯৭৫ চনত সাহিত্য একাডেমি বঁটা লাভ কৰে। ১৯৭৪ চনত ‘মোৰ আৰু পৃথিৱীৰ’ গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা , ১৯৭৬ চনত পদ্মভূষন সন্মান , ১৯৯৩ চনত ‘অসম উপত্যকা’ বঁটা লাভ কৰে।

 

 “বাৰিষাৰ ৰাতি তোমাৰ কবিক

মনত পৰেনে ,অৰুন্ধতী?

সেমেকা পোহৰে সোৱঁৰাই দিয়া

তোমাৰ খোপাৰ আবেলি-আবেলি গোন্ধ

মনত পৰেনে,অৰুন্ধতী?

জোনাকে ডাৱৰে মৰমে বিষাদে

নুবুজা কবিতা,

আমাৰ মাজত ভগা সপোনৰ অতনু বাধা

মনত পৰেনে,অৰুন্ধতী?

দূবৰি বনত জোনাকীৰ মণি,

চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন

(জোৱাৰৰ বাবে সাগৰ নাছিল!)

বৰফৰ দৰে চেঁচা পৰশতো

সিযে কি শান্তি!

অৰুন্ধতী!

অৰুন্ধতী!”

আধুনিকতাবাদ আৰু প্ৰতীকবাদৰ বোকোচাত উঠি পাঠকৰ বুকুৰ মাজত সোমাই পৰা আজন্ম কবি শ্ৰদ্ধাৰ নৱকান্ত বৰুৱাদেৱৰ ওপজা দিনত তেওঁৰেই চিৰসেউজ কবিতা এফাকিৰে শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

Previous Post

এইবাৰ বলিউডৰ পৰ্দাত একেলগে উজ্বলিব তিনি মোহময়ী অভিনেত্ৰী

Next Post

ভাৰতীয় গ্ৰাহকৰ বাবে এক সুখবৰ

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
ভাৰতীয় গ্ৰাহকৰ বাবে এক সুখবৰ

ভাৰতীয় গ্ৰাহকৰ বাবে এক সুখবৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7