“পকা ধানৰ মাজে মাজে , সৰু সৰু আলি “ৰ গীতিকাৰ ৰুদ্ৰ বৰুৱাৰ আজি স্মৃতি দিৱস।
লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা অসমৰ সঙ্গীত জগতৰ বাটকটীয়া আছিল। তেওঁ একেধাৰে লেখক , অভিনেতা , গায়ক , গীতিকাৰৰ লগতে কলংপৰীয়া গীতিকাৰ ৰূপেও জনাজাত আছিল। ১৯২৬ চনত নগাওঁ জিলাৰ পুৰণিগুদামৰ ভীমবৰ গাৱত জন্ম গ্ৰহণ কৰা বৰুৱাৰ ১৯৮০ চনৰ ১৪ ফেব্ৰুৱাৰীত মৃত্যু হয়।ৰুদ্ৰ বৰুৱাৰ মাত্ৰ ৯ বছৰ বয়সতে পিতৃ বৰদাকান্ত বৰুৱা আৰু মাতৃ হীৰালতা বৰুৱাৰ লগতে ভনী দুজনীৰো মৃত্যু হোৱাত বৰুৱা অকলশৰীয়া হৈ যায়। আৰ্থিক দুৰ্বলতাৰ বাবে বৰুৱাই শৈক্ষিক জীৱন বহু কষ্টেৰে পাৰ কৰিব লগীয়া হয়। জীৱনৰ ধুমুহা জাকত ভাগি নপৰি অষ্টম শ্ৰেণীৰ পৰাই গীত গাবলৈ আৰম্ভ কৰে আৰু সেই সময়তে শঙ্কৰী সংস্কৃতিৰ প্ৰতি আকৃষ্ট হয়।তেওঁৰ শালীনতা আৰু নম্ৰতা গুণৰ প্ৰভাৱত এটা ভাল পৰিয়ালৰ সহযোগত ৰুদ্ৰ বৰুৱাই কলেজৰ শিক্ষা আৰম্ভ কৰে নগাওঁ কলেজত। লাহে লাহে তেওঁ নগাওঁৰ সকলো অনুষ্ঠানতে গাণ পৰিবেশণ কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ উঠিল। ১৯৪৭ চনত I.A পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত বৰুৱাই শ্বিলঙৰ ছেণ্ট এন্থনী কলেজত নাম লগায় আৰু ১৯৫১ চনত সুখ্যাতিৰে স্নাতক হয়। সেই সময়তে তেওঁ শ্বিলং কলা পৰিষদ , শ্ৰীমন্ত শঙ্কৰদেৱ নাট্য সমাজ , শ্বিলং মুকুল সংঘ , শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্টি কেন্দ্ৰ আদিকে কৰি অসমীয়া নামঘৰৰ লগত জড়িত হৈ পৰে । অসমৰ ৰাজধানী শিলঙৰ পৰা গুৱাহাটীত স্থানান্তৰিত কৰাৰ সময়ত ‘শ্বিলং কলা পৰিষদ ‘ গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়। ৰুদ্ৰ বৰুৱা গুৱাহাটীলৈ আহে আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক হয়। ৰুদ্ৰ বৰুৱাই অসমীয়া ছবিৰ সংগীত পৰিচালনাও কৰিছিল।’হয়েৰা জেতুকা বাই’ ,’ তাঁতৰ দোৰে পতি’ , বৰকৈ কঁপিছে , ‘পকা ধানৰ মাজে মাজে ‘, ‘আমি অসমৰে জীয়ৰী অ’ , ‘ অ’তুলতুল অ’বুলবুল অ’ সেউতী তৰা’ , ‘কাষত কলচি হালিজালি ‘ আদিকে কৰি বহুতো গীত ৰচনা কৰি থৈ যায়। ৰুদ্ৰ বৰুৱা প্ৰতিজন অসমীয়াৰে হৃদয়ত জীয়াই থাকিব চিৰদিন , চিৰকাল।
আজি কলংপৰীয়া লুইত কোঁৱৰ ৰুদ্ৰবৰুৱাৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো ।