গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: আজি মহানগৰীৰ দিশপুৰ গনেশ উদ্যানত শিলচৰৰ কবি বিজয় কুমাৰ সিংহ ৰচিত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ কাব্যগ্রন্থ “মৰে মি বিসাৰেয়া” শুভ উন্মোচন কৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক, লেখক দীপক শৰ্মাই কয়- “কবিতা চৰ্চা কৰাসকলে সৰগত স্থান পায়। আমাৰ মনে ধৰে। হৃদয়ৰ নিভৃত কোণৰ পৰা সলসলিয়াকৈ নিৰ্গত হয় কবিতাৰ ভাষা। কবিয়ে সদায় সমন্বয় বিচাৰে। বিচাৰে একতা।”
বিশিষ্ট কবি তথা গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্ৰধান জিতেন পায়েঙে কয়- কবিসকল মহান। কবিসকলৰ আৰ-বেৰ নাই। ইখন দেশৰ পৰা সিখনলৈ ভ্ৰমি ফুৰিব পাৰে। বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই কয়- কবি বিজয় সিংহৰ কবিতাত জনগণৰ কথা প্ৰকাশ ঘটে।
সমাজৰ শোষিত বঞ্চিত সকলৰ কথা তেখেতে কবিতাৰে প্ৰকাশ কৰে। সভাত শিলচৰৰ নিমাই সান্দ হাইস্কুলৰ অৱসৰী শিক্ষক ৰসময় সিংহ, অনিতা সিংহই বক্তব্য দাঙি ধৰে।