VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“বহুবাক”ৰ উদ্যোগত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা বিষয়ক আলোচনাচক্র

ভাষা মানৱজাতিৰ মহামূল্যবান সম্পদ : ড০ সঞ্জীতা সিংহ

voicedesk by voicedesk
February 13, 2022
in সংবাদ গুঞ্জন
“বহুবাক”ৰ উদ্যোগত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা বিষয়ক আলোচনাচক্র
0
SHARES
64
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: আজি ৰাজ্যৰ অন্যতম সমন্বয়-সংহতি-ঐকাতাৰ সাহিত্যানুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ উদ্যোগত “বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ অতীত, বৰ্তমান, ভৱিষ্যৎ” লগতে “গতি আৰু প্ৰকৃতি” বিষয়ক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র দিশপুৰ প্ৰেছ ক্লাবত এক আড়ম্বৰপূর্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হৈ যায়।

“বহুবাক”ৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহই সঞ্চালনা কৰা সভাখনি উদ্ধোধন কৰে মিছিং জনগোষ্ঠীৰ অগ্ৰণী লেখক তথা গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্রধান জিতেন পায়েঙে। বহুবাকৰ প্ৰধান সম্পাদক তথা সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত “বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ অতীত, বৰ্তমান, ভৱিষ্যৎ” সম্পর্কে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহযোগী অধ্যাপিকা ড০ সঞ্জীতা সিংহই কয়- “ভাষা মানৱজাতিৰ এক মহামূল্যবান সম্পদ। ভাষা যোগাযোগৰ বাহক, ই চিন্তাৰ বহি:প্ৰকাশ। মানৱ মনৰ সকলো চিন্তা, অনুসন্ধিৎসাৰ বহি:প্ৰকাশ ঘটে ভাষাৰ মাধ্যমেৰে।

এইক্ষেত্রত মাতৃভাষাৰ গুৰুত্ব সৰ্বাধিক। ভাষা শিকাৰ বিশেষ চেষ্টা অনুভব নকৰাকৈয়ে ব্যৱহাৰৰ যোগেদি মানুহে ভাষাক আয়ত্ব কৰে আৰু আগুৱাই গৈ থাকে। বিষ্ণুপ্ৰিয়া মণিপুৰী এটি নব্য ভাৰতীয় আৰ্য ভাষা। সৰহ সংখ্যক নব্য ভাৰতীয় আৰ্য ভাষাৰ আধুনিক ৰূপ খ্ৰীষ্টীয় চতুৰ্দশ শতাব্দীত বিকশিত হৈছিল। বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাও সেই সময়তে বিকাশ লাভ কৰা বুলি বিভিন্ন পণ্ডিতে একেমুখে মতপোষণ কৰিছে।” অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক তথা নাহৰলগুণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰবীকান্ত সিংহই ” বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ গতি-প্ৰকৃতি” বিষয়ত বক্তব্য দাঙি ধৰি কয়- “বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ আদি ভূমি মণিপুৰৰ বিষ্ণুপুৰ।

তেওঁলোকৰ মাতৃভাষা বিষ্ণুপ্ৰিয়া মণিপুৰী। প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বিশেষ এক পৰিবৰ্তনৰ মাজেৰে আহি আজিৰ নিজস্ব ৰূপ ল’বলৈ সমৰ্থিত হৈছে। বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ পাঁচটি জাতি- জনগোষ্ঠী আছে। তেওঁলোকক একত্রে পঞ্চ বিষ্ণুপ্ৰিয়া মণিপুৰী বুলি কোৱা হয়। এই পাঁচটি গোষ্ঠী ক্ৰমে- খুমল, লোৱাং, আঙ্গম, মৈৰাং আৰু মাঙাং।” সৰোজিনী সিংহ, মীনা সিংহ, আশুতোষ সিংহই গীত পৰিৱেশন কৰি সৌষ্ঠব বৃদ্ধি কৰা সভাত ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ প্ৰাক্তন সঞ্চালক তথা সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠক, বিশিষ্ট লেখক ইন্দ্ৰেশ্বৰ নাথ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা গীতিকাৰ শচীন দাস, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ উপ-সভাপতি দেৱেশ্বৰ কলিতা, “নোৱাৰ” আলোচনীৰ পৰিচালন সম্পাদক চিমু সিংহ, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ উপ-সভাপতি ৰসময় সিংহ, হলিউড- বলিউডৰ বলিষ্ঠ অভিনেতা জয়ন্ত সিংহ, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ সভাপতি নৰেন্দ্ৰ নাথ সিংহই সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য দাঙি ধৰি বহুবাকে লোৱা প্ৰদক্ষেপক আদৰণি জনায়।

সমন্বয় তথা ঐকাতাৰ হকে কৰা প্ৰচেষ্টা অতি গঠনমূলক বুলি অভিহিত কৰে।

Previous Post

দিশপুৰত কাব্যগ্ৰন্থ “মৰে মি বিসাৰেয়া” উন্মোচন

Next Post

নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই ৷ বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত অসম কন্যা সংযুক্তা দত্তৰ “আলফুল” প্ৰদৰ্শন

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই ৷ বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত অসম কন্যা সংযুক্তা দত্তৰ “আলফুল” প্ৰদৰ্শন

নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই ৷ বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত অসম কন্যা সংযুক্তা দত্তৰ "আলফুল" প্ৰদৰ্শন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7