VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও- মৰিগাঁৱত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ চেক প্ৰদান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

voicedesk by voicedesk
February 7, 2022
in মুখ্য সংবাদ, সংবাদ গুঞ্জন
নগাঁও- মৰিগাঁৱত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ চেক প্ৰদান মন্ত্ৰী পীয়ুষ  হাজৰিকাৰ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৬ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত নগাঁও আৰু মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত অসম মাইক্ৰ ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ গ্ৰহণ কৰে | দিনটোৰ  প্ৰথমভাগত  নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে বিত্ত বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ নেহৰুবালিত আয়োজিত অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ অধীনত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা প্ৰথম শ্ৰেণীৰ ৮৬,৯৫৫ গৰাকী হিতাধিকাৰীৰ মাজৰ ৬০০০ গৰাকী হিতাধিকাৰীক উদগণিমূলক সাহায্যৰ চেক প্ৰদান  কৰে ৷ এই অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য  মন্ত্ৰী কেশৱ মহন্তই  অংশ লয় | অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ মাথো ৭ টা মাহৰ ভিতৰতে অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ অধীনত প্ৰায় ৮,৫০০ কোটি টকাৰ ঋণ ৰেহাই কৰাতো তেওঁৰ প্ৰায় ২৫ বছৰীয়া ৰাজনৈতিক জীৱনত দেখা পোৱা এজন মুখ্যমন্ত্ৰীয়ে আটাইতকৈ বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ একমাত্ৰ উদাহৰণ | আনহাতে প্ৰায় ৮,৫০০ কোটি টকাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিও অসমৰ উন্নয়নক ব্যাহত হ’বলৈ দিয়া নাই বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে অসমত উন্নয়নৰ ধাৰা কোনোমতে স্তব্ধ হ’বলৈ দিয়া হোৱা নাই | মাজুলী সংযোগী দলঙৰ লগতে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলঙৰ কামৰ উপৰিও আন উন্নয়নমূলক কামো ৰাজ্য চৰকাৰে ইতিমধ্যে কৰি থকা বুলি তেঁও উল্লেখ কৰে | একেটা সময়তে মুখ্যমন্ত্ৰীয়ে  অসমক ভাৰতৰ পাঁচখন উন্নত ৰাজ্যলৈ উন্নীত কৰিবলৈ দেখা সপোনক বাস্তৱ ৰূপ দিবলৈও চৰকাৰ বদ্ধপৰিকৰ বুলি মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে | আনহাতে গঁড় হত্যা ৰোধ কৰা, অসমক ড্ৰাগচমুক্ত, দুৰ্নীতিমুক্ত কৰি স্ব-নিৰ্ভৰশীল কৰি গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰে কাম কৰি আছে বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে | নগাঁৱত আজিৰ এই সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপূৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাসকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্থিত আছিল |

 

তদুপৰি  মন্ত্ৰী তথা মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ সৈতে জিলাখনত বিত্ত বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ আন এক  শুভাৰম্ভণি অনুষ্ঠানত অংশ লয় | জিলাখনত  অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি, ২০২১ ৰ অধীনত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা প্ৰথম শ্ৰেণীৰ প্ৰায় ১৬০০০ হিতাধিকাৰীৰ মাজৰ প্ৰায় ৩৫০০ গৰাকী হিতাধিকাৰীক উদগণিমূলক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় | অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত আত্মসহায়ক গোট হৈছে এটা বিপ্লৱ | এই বিপ্লৱক আগুৱাই নি অসমক স্ব-নিৰ্ভৰশীল কৰাৰ স্বাৰ্থত অসম চৰকাৰে আজি এই ঋণ ৰেহাই আচঁনি হাতত লৈছে | মন্ত্ৰীগৰাকীয়ে কয় ‘ এই ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা কৰি আছে | অসমৰ কৃষক সমাজক সকাহ দি তেওঁলোকক তেঁওলোকৰ প্ৰাপ্য দিয়াৰ লক্ষৰে প্ৰতি কুইণ্টল ধানৰ বিপৰীতে ১৯৪০ টকাৰ দৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷   ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনক দেশৰ অন্যতম উন্নত ৰাজ্যৰ মৰ্যাদা দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে | আনহাতে ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাকো বানমুক্ত কৰাৰ বাবে  জলসম্পদ বিভাগ বদ্ধপৰিকৰ ৷”মৰিগাঁও জিলাত অতি শীঘ্ৰে এখন মেডিকেল কলেজ স্থাপনৰ কাম আৰম্ভ কৰা হব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | আজিৰ এই অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰী, শিবামণি বৰা, শশীকান্ত দাস, আছিফ নজৰ, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল |

 

 

Previous Post

চৰণজিৎ সিং চান্নীয়েই হ’ব পাঞ্জাৱত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ প্ৰার্থী

Next Post

প্ৰেছ ক্লাৱত উন্মোচন ‘পেনডাউন’

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
প্ৰেছ ক্লাৱত উন্মোচন ‘পেনডাউন’

প্ৰেছ ক্লাৱত উন্মোচন 'পেনডাউন'

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7