সমাজৰ এজনী নষ্ট ছোৱালীৰ কাহিনী ” আবিৰ” । অতি বিশ্বাসীজনৰ হাতত কামনাৰ বলি হৈ সমাজক প্ৰত্যাহ্বান জনাই জী উঠিব খোজা সত্বা অনন্যাৰ কাহিনী ” আবিৰ”। সমাজৰ প্ৰচলিত ধ্যান ধাৰণাক প্ৰত্যাহ্বান জনাই নিজৰ চাৰিওফালে এখন নতুন জগত গঢ়ি লৈছে অনন্যাই। সমাজৰ পৰা বহু দূৰৈত, পৰিয়ালৰ পৰা আঁতৰত এখন নতুন ঘৰ পাতিছে অনন্যাই।
ইন্দ্ৰাণী শৰ্মাৰ নতুন উপন্যাস ” আবিৰ” ত সমাজৰ প্ৰতিটো নিয়ম ভাঙি নষ্ট ছোৱালী নাম পোৱা অনন্যাৰ কাহিনী বৰ সুন্দৰকৈ ফুটাই তোলা হৈছে। ধৰ্ষিতা নাৰীক এক জীৱন প্ৰদান কৰিবলৈ লেখিকাই উপন্যাসখনৰ জৰিয়তে সংগ্ৰাম কৰিছে। সমাজৰ বিৰুদ্ধে গৈ বিবাহৰ পূৰ্বে সন্তান জন্ম দিয়া এগৰাকী শক্তিশালী নাৰীক উপস্থাপন কৰা হৈছে।
সমাজৰ চিন্তাৰ বিৰুদ্ধে কঠোৰ ভাৱে থিয় দিয়া অনন্যাৰো এখন হৃদয় আছে। শক্তিশালী অনন্যাৰো কেতিয়াবা ভাগৰ লাগে। জিৰাবলৈ এখন বিশ্বাসী কান্ধ লাগে। অনন্যাৰ বাবে এবুকু বিশ্বাস লৈ অনিৰুদ্ধ আহিছে। সকলো পুৰুষ লম্পট বা মতলবী নহয়। অনিৰুদ্ধৰ দৰে পুৰুষো এই সমাজত আছে। যাৰ বাবে অনন্যাৰ দৰে পুৰুষৰ হাতত লাঞ্ছিত হোৱা নাৰীয়েও পুনৰ পুৰুষৰ হাতত খামুচি ধৰিব পাৰে।
সহজ সৰল ভাষাত ৰচনা কৰা উপন্যাসখন একে বহাতে শেষ কৰিব পৰা। প্ৰকাশ ভংগী অতি মনোৰম। সহজ কথনভংগীয়ে লেখিকাই পাঠকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উপন্যাসখনৰ জৰিয়তে লেখিকাই প্ৰচলিত সমাজ ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তথাপি আমি উপন্যাসখন সামাজিক উপন্যাস বুলি কোৱাতকৈ প্ৰেমৰ উপন্যাস বুলি ক’লেহে সমীচিন হ’ব। চৰ্চাৰ জৰিয়তে ইন্দ্ৰাণী শৰ্মা পাঠকৰ অধিক ওচৰ চাপিবলৈ সক্ষম হ’ব।