“বেদ” বুলিলে প্ৰথমতে ঋকবেদৰ নামটোৱে আমাৰ মনলৈ আহে কাৰণ বেদৰ আৰম্ভণি ঋকবেদৰ পৰাই হৈছে। ঋকবেদত মুঠতে দহোটা মণ্ডল আছে। প্ৰতিটো মণ্ডল কিছু সংখ্যক সূক্তৰ সমষ্টি। সূক্ত বিলাক আকৌ মন্ত্ৰৰ সমষ্টি। প্ৰথম মণ্ডলৰ প্ৰথম সূক্তটো অগ্নিদেৱতাৰ স্তোত্ৰ।
“অগ্নিমীড়ে পুৰোহিতং যজ্ঞস্য দেবমৃত্বিজম । হোতাৰং ৰত্নধাতমম ।।
অগ্নিঃ পূৰ্বেভি ঋষিভিৰীড্যো নূতনৈৰূত। স দেবাঁ এহ বক্ষতি ।।
অগ্নিনা ৰয়িমশ্নবৎ পোষমেব দিবেদিবে। যশসং বীৰবত্তমম।।
অগ্নে য়ং————————————”
মুলভাব—
অগ্নি অকল দেৱতাই নহয় দীপ্তিমান পুৰোহিতো। যি কোনো দেৱতাক পূজাৰ কাৰণে আহ্বান কৰিবলৈ অগ্নিক লাগে।অগ্নিত আহুতি দিহে দেৱতাক আহ্বান জনোৱা হয়। সেইবাবে প্ৰথম খন বেদৰ প্ৰথম মন্ত্ৰটোৱেই অগ্নি স্তুতিৰ। বেদৰ এই অগ্নিস্তুতিৰ প্ৰভাৱ বৰ্তমান লৈকে অব্যাহত আছে। যিকোনো এটা ধৰ্মীয় বা শুভ কৰ্মত , বিষ্ণুসেৱাতো অগ্নিয়েই অগ্ৰাধিকাৰ পায়।
ঋক বেদৰ দশম মণ্ডলৰ ৯৫ সংখ্যক সূক্তটিত আকাশৰ ‘উৰ্বশী’ আৰু পৃথিৱীৰ মনুষ্য ৰজা ‘পুৰুৰবা’ৰ যি প্ৰণয় কাহিনী অংকিত কৰিছে ইয়াৰ লগত যাগ-যজ্ঞ আৰু দেৱতা স্তুতিৰ কোনো সম্পৰ্ক নাই । ই এটা প্ৰেম কাহিনী মাত্ৰ য’ত দ্ৰষ্ট্ৰা ঋষিৰ নাম নাই।
“পুৰুৰবা পৃথিৱীৰ ৰজা আৰু উৰ্বশী স্বৰ্গৰ অপেশ্বৰী। ঘটনাক্ৰমে দুয়ো প্ৰণয়পাশত বন্দী হোৱাত উৰ্বশী পুৰুৰবাৰ লগতে পৃথিৱীত বাস কৰিবলৈ আহিল। দুয়ো প্ৰেমিক-প্ৰেমিকা হিচাপে চাৰিবছৰ বাস কৰাৰ পাছত উৰ্বশী অন্তঃসত্তা হল , যিটো উৰ্বশীয়ে একেবাৰে বিচৰা নাছিল। গতিকে উৰ্বশীয়ে চেতনা ঘূৰাই পাই পৰিণতি বেয়া হ’ল ভাবি পুৰুৰবাক ত্যাগ কৰি আকাশলৈ উৰা মাৰিলে।
এই বিচ্ছেদত পুৰুৰবাৰ অন্তৰ দুখত ভাঙি পৰিল।তেওঁ উৰ্বশীক ঘূৰি আহিবলৈ আহ্বান জনালে। উৰ্বশীয়ে ঘূৰি আহিবলৈ মান্তি নোহোৱাত ৰজা পুৰুৰবা উন্মাদৰ দৰে হল। ৰজাই প্ৰেমিকা আৰু সন্তান দুয়োৰে পৰা বিচ্ছেদ হৈ উৰ্বশীক নানা ভাবে কাতৰ প্ৰাৰ্থনাৰে ঘূৰি আহিবলৈ অবিৰাম অনুৰোধ জনাই থাকিল। ৰজাৰ অনুৰোধত উৰ্বশীয়ে জনালে যে সন্তানটিৰ জন্ম হ’লে তেওঁ তাক ৰজাৰ ওচৰলৈ পঠাই দিব , নিজে কোনো পধ্যে ঘূৰি নাযায়।”
মানৱ ৰজা পুৰুৰবাৰ উৰ্বশীক ঘূৰি আহিবলৈ কৰা প্ৰতিটো কাতৰ অনুৰোধকে প্ৰতিবাৰতে উৰ্বশীয়ে কৰা নিদাৰুণ প্ৰত্যাখানৰ বিৱৰণ অতি কৰুণ আৰু ইয়াৰ সাহিত্যিক মৰ্যদাও চহকী।
এই দশম মণ্ডলটোত কেইবাটাও সূক্ত আছে যি বিলাক বেদৰ ধৰ্মীয় গণ্ডিৰ বাহিৰত , কেৱল সাহিত্য হিচাপেহে এই বিলাকক স্বীকৃতি দিব লাগিব। বিশ্বৰ পণ্ডিত সকলে ঋগ্বেদ সংহিতাখন কেৱল ভাৰতীয় সাহিত্যৰে নহয় বৰঞ্চ গোটেই ইন্দো-য়ুৰোপীয় ভাষা-সাহিত্যৰ ভিতৰতে প্ৰাচীনতম নিদৰ্শণ কৰালৈ চাই ‘পুৰুৰবা আৰু উৰ্বশীৰ’ এই প্ৰেম কাহিনী সাহিত্যিক মৰ্যদাৰে বিশ্ব সাহিত্যৰ প্ৰথমটো প্ৰেম কাহিনী বুলি দাবী কৰিব পাৰি। (সহায় লৈ)