সমগ্ৰ দেশজুৰি কৰ’নাৰ দ্বিতীয় ঢৌ চলি থকাৰ মাজতে কৰ’নাৰ নতুন প্ৰজাতি ডেল্টাপ্লাছ আৰু কৰ’নাৰ তৃতীয় ঢৌ অহাৰ শংকা প্ৰকাশ কৰিছে দেশৰ আগশাৰীৰ চিকিৎসালয় এইইমছৰ সঞ্চালক ডা: ৰণদীপ গুলেৰিয়াই।
ডা: গুলেৰিয়াই কৰা এই মন্তব্যৰ পিছতেই এতিয়া ত্ৰস্তমান দেশবাসী । কিয়নো ডেল্টাপ্লাছ ৰোধৰ বাবে এইপৰ্যন্ত ওলোৱা নাই কোনো ভেকচিন। পূৰ্বতকৈ ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও শিশুৰ ওপৰত ক’ভিডৰ আক্ৰমণে অন্য এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ইয়াৰ মাজতে কৰ’নাৰ এই শক্তিশালী প্ৰকাৰ ডেল্টাপ্লাছৰ আগমণে দেশৰ পৰিস্থিতি কোন দিশলৈ নিব সেইয়া সকলোৰে অনুমেয় হৈছে।
ইতিমধ্যে আঠখনকৈ ৰাজ্যত ,অন্ধ্ৰপ্ৰদেশ ,দিল্লী, হাৰিয়ানা, পঞ্জাৱ, তেলেংগানা, কেৰেলা , মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত ডেল্টাপ্লাছৰ সংক্ৰমণ ঘটিছে। এইক্ষেত্ৰত ডা: গুলেৰিয়াই মত প্ৰকাশ কৰি কৈছে যে, দুটা ভেকচিন মিশ্ৰণ কৰি প্ৰয়োগ কৰিলে সুফল পোৱাৰ সম্ভাৱনা আছে।
যদিও এনে ভেকচিন প্ৰয়োগৰ ক্ষেত্ৰত জটিলতা আছে।যিহেতু ইয়াৰ পাৰ্শ্বক্ৰিয়া আন ভেকচিনতকৈ বেছি। কিন্তু দুটা ভেকচিনৰ মিশ্ৰণে মানুহৰ শৰীৰত অধিক পৰিমাণে এন্টিবডিৰ সৃষ্টি কৰিব।
ইফালে পূৰ্বৰ তুলনাত দেশত কৰ’নাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ দৈনিক পঞ্চাশ হাজাৰলৈ হ্ৰাস পাইছে যদিও অসমত শিশু সকল আক্ৰান্ত হোৱাকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সঞ্চালক গৰাকীয়ে। এইসময়তে শিশুৰ সংক্ৰমণ ৰোধ কৰাৰ আহ্বান সঞ্চালক গৰাকীৰ।