বিশ্বজুৰি মানুহৰ মন অমৰ সংগীতজ্ঞ সকলৰ জীৱন কাহিনীৰে উপচি আছে। আমাৰ সমাজত মানুহৰ হৈ গীত পৰিৱেশন কৰা বাবে আমি সদায় সোঁৱৰো বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ, ৰুদ্ৰ বৰুৱা, ভূপেন হাজৰিকা, প্ৰতিমা পাণ্ডে বৰুৱা, জয়ন্ত হাজৰিকাৰ দৰে অমৰ ব্যক্তিত্বক।
কেৱল প্ৰতিবাদ মানেই মানুহৰ গান নহয়। আকুল হৃদয়ৰ ব্যাকুল বৰ্ণনাত নিজকে বিলীন কৰি পেলাব পৰা সংগীতেই শ্ৰেষ্ঠ। মানুহৰ গান। যদি গীতটিয়ে আমাৰ কথা কৈছে, যদিহে শিল্পীৰ জীৱনাদৰ্শই আপোনাক-মোক মোহাচ্ছন্ন কৰি ৰাখিছে তেনেহ’লে আমাৰ বাবে সেই শিল্পই শ্ৰেষ্ঠ শিল্প।
অসমৰ সংগীত জগতত আধুনিক গীতৰ সুৰীয়া শাখাৰ অন্যতম শ্ৰেষ্ঠ জয়ন্ত হাজৰিকাৰ স্থান সদায় সুকীয়া। প্ৰতিটো প্ৰজন্মকে আকৰ্ষণ কৰাৰ কাৰণ তেখেতৰ স্বকীয় সুৰৰ গায়ন শৈলী। জয়ন্ত হাজৰিকা গীতিকাৰ নাছিল। কিন্তু আনৰ শব্দ আৰু তেঁওৰ অনন্য সুৰৰ গায়কীক ইমান বেছি মৌলিক ভাৱে ফুটাই তুলিছিল যে শ্ৰোতাই কল্পনা কৰিবলৈও টান পায় সেয়া জয়ন্ত হাজৰিকাৰ নিজা শব্দ নহয় বুলি!
গণনাট্য সংঘৰ সৈতে জড়িত হৈ স্কুলত থাকোতেই গীত পৰিৱেশন, ভাতৃ ভূপেন হাজৰিকাৰ সৈতে অসম আন্দোলনৰ সময়ত অসম ভ্ৰমণৰ লগতে ঘৰুৱা পৰিৱেশে শৈশৱ-কৈশোৰৰ পৰাই এক সামাজিক চেতনা তেখেতৰ মনত স্বাভাৱিকতেই জগাই তুলিছিল। প্ৰগতি শিল্পী সংঘ, সুৰ বাহিনী এই সামাজিক দায়বদ্ধতাৰ প্ৰতিফলন। অসমৰ প্ৰলয়ংকাৰী বানে হাহাকাৰ সৃষ্টি কৰা হেজাৰ দুৰ্দশাগ্ৰস্ত বানাক্ৰান্তক তাৎক্ষণিক সহায়ৰ অমল বৈভেৱেৰে সাহস দিবলৈ জয়ন্ত হাজৰিকাৰ নেতৃত্বত নতুন চিন্তাৰে গঠন কৰা হৈছিল শিল্পী সমন্বিত দল ‘সুৰ বাহিনী’।
সেই অভিনৱ চিন্তা-চেতনাই অসমৰ সাংস্কৃতিক পৰিমণ্ডলক মহৎ ৰূপেৰে আজিও প্ৰতিষ্ঠিত কৰি ৰাখিছে। অসমৰ ৰাজপথে ৰাজপথে গীত গাই ৰাইজৰ পৰা সংগৃহীত সাহাৰ্য ৰাইজলৈ প্ৰেৰণ কৰি নতুন দিনৰ সপোন দেখা জয়ন্ত হাজৰিকাৰ সেই চিন্তাৰ ফচল নিঃসন্দেহে তেতিয়াও আদৰণীয় আৰু আজিও আদৰণীয়।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জয়ন্ত হাজৰিকাৰ সৰ্বাধিক গীতৰ গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে জয়ন্ত হাজৰিকাক “এক ছফিছ্টিকেটেড্ মাধুৰ্য” বুলি মন্তব্য কৰিছিল। জয়ন্ত হাজৰিকাৰ দৰে জীৱনবোধত শৈল্পিক আভিজাত্য আৰু পেছাদাৰিত্ব থকা ননছফিছ্টিকেটেড শিল্পী ভাৰতবৰ্ষতে বিৰল। সেয়া আছিল জয়ন্ত হাজৰিকাৰ মূল অলংকাৰ।
অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল। পিতৃ আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত থকা কালত নীলকান্ত হাজৰিকাৰ পৰিয়ালৰ কনিষ্ঠ সন্তান জয়ন্তৰ জন্ম হয়। সৰুৰেপৰাই সংগীতত ৰাপ থকা হাজৰিকাই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল।
জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল। গীতটো লিখিছিল জয়ন্তৰ আন এজন ককায়েক নৃপেন হাজৰিকাই। ১৯৬২ চনত কলিকতালৈ গৈ এইচ এম ভি কোম্পানীত ‘আগলি বতাহে কঁপালে কলৰে পাত’ (গীতিকাৰঃ নিৰ্মলপ্ৰভা বৰদলৈ) আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ (গীতিকাৰঃ মায়াশ্ৰী বৰকটকী) নামৰ গীত দুটা বাণীবদ্ধ কৰে। এই গান দুটাই জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰে।
ইয়াৰ পিছৰ বছৰতে জয়ন্ত হাজৰিকাই ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা মণিৰাম দেৱান বোলছবিৰ গীতত কণ্ঠদান কৰে। এইখন ছবিতে জয়ন্ত হাজৰিকা আৰু হিমাংশু বিশ্বাসে সহকাৰী সংগীত পৰিচালক হিচাপেও কাম কৰিছিল। ইয়াৰ পাছত তেখেতে বহুতো গীতত সুৰ আৰু কণ্ঠদান কৰে, লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। জয়ন্ত হাজৰিকাই ‘লটিঘটি’ আৰু ‘চিকমিক বিজুলী’ অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল।
কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক বিয়া কৰোৱাৰ পাছত ময়ূখক পুত্ৰ হিচাপে লাভ কৰে। দুৰ্ভাগ্যৰ কথা যে ১৯৭৭ চনৰ ১৫ অক্টোবৰত কলিকতাত হঠাতে জয়ন্ত হাজৰিকাৰ মৃত্যু হয়। ৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত সৃষ্টি কৰা অমৰ সংগীতে অসমীয়া জনতাৰ হৃদয়ত তেওঁক চিৰকাল জীয়াই ৰাখিব।