অসমৰ ১০০% খেলুৱৈৰ ৮০-৯০ % কিয় হেৰাই যায় আমি কেতিয়াবা জানিবলৈ চেষ্টা কৰোনে? এজন খেলুৱৈ সৃষ্টি কৰোতে এখন ঘৰৰ কিমান ত্যাগ থাকে সেইকথা হয়তো আমাৰ দৰে সাধাৰণ এজনে কল্পনাই কৰিব নোৱাৰিম। যিহেতু আমাৰ ঘৰত খেলৰ বাবে আমি এজনো খেলুৱৈ এতিয়ালৈকে সাজু কৰি তুলিব পৰা নাই।
প্ৰথম কথা খেলৰ প্ৰতি থকা অগাধ প্ৰেমেহে এজন খেলুৱৈ সৃষ্টি কৰিব পাৰে। লগতে খেলুৱৈজনৰ ঘৰখনে তেওঁ এই প্ৰেমক সন্মান জনাব পাৰিব লাগিব। লগতে ঘৰখনৰ প্ৰতিজন মানুহ খেলুৱৈ জনৰ কাৰণে সাংঘাতিক ধৰণে কষ্ট ও ত্যাগ স্বীকাৰ কৰিব পাৰিব লাগিব।
কোনো সময়ত ঘৰখনে খেলুৱৈ জনৰ কাৰণে পৰ্যাপ্ত খৰচ বহন কৰিব নোৱাৰিব পাৰে। এই সময়তে খেলুৱৈ জন হেৰাই যাব পাৰে বা নিঃশেষ হ‘ব পাৰে তেওঁৰ খেলুৱৈ হোৱাৰ সপোন।
যিহেতু ই এটা দীৰ্ঘম্যাদী প্ৰচেষ্টা। সুদীৰ্ঘ সময় ধৈৰ্য , ত্যাগ ,কষ্টৰ ফলতহে খেলুৱৈজনে এটা পৰ্যায় পায়গৈ।আৰু এই পৰ্যায় পোৱাৰ আগলৈকে চৰকাৰৰ আঁচনি নালাগে কোনোজন সমাজৰ লোকে এই যাত্ৰাত উদগণি যোগোৱা দেখা নাযায়।
অৰ্থনৈতিক ভাৱে ভাগি পৰা ঘৰখনে বহুত আশাৰে গঢ় দিয়া এই খেলুৱৈ জনে যেতিয়া নিজৰ ৰাজ্য বা দেশক প্ৰতিনিধিত্ব কৰা সুযোগ পায় তেতিয়া খেলুৱৈ জন হৈ পৰে দেশ, ৰাজ্য বা স্ব- ভূমিৰ সম্পদ।
যেনেকৈ সুদূৰ বাৰমুখীয়াৰ পৰা ওলাই যোৱা লাভলীনা বৰগোঁহাই আজি সমগ্ৰ দেশৰ বাবেই সম্পদ । লাভলীনাৰ এই যাত্ৰাৰ আঁৰৰ ছবিখন হয়তো আজিহে সকলোৱে জানিছে। লাভলীনাৰো আছে অলিম্পিক জিনাৰ সপোন। আজি তাই লক্ষ্য প্ৰাপ্তিৰ দুৱাৰদলিত । দেশবাসীৰ লগতে অসমবাসীৰ অজস্ৰ আৰ্শীবাদত লাভলীনাৰ জয় হওঁক।
এনে এটা সময় আছিল যেতিয়া লাভলীনা অলিম্পিকলৈ নিৰ্বাচন হৈ ক‘ভিড পৰিস্তিতিৰ বাবে সুদীৰ্ঘ সময় ঘৰতে আৱদ্ধ হৈ আছিল। নিজকে খেতি-বাতিত ব্যস্ত ৰখা লাভলীনাৰ অনুশীলনৰ বাবে বৰ্তমান সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এটা বক্সিং ৰিং বিচাৰি অসম চুক্তিৰ আধাৰত গোলাঘাটত প্ৰতিষ্ঠা হোৱা নুমলীগড় ৰিফাইনেৰী প্ৰকল্পক আৱেদন কৰিছিল ।
যদিও মাত্ৰ ৬ লাখ টকা খৰচ বহন কৰি সেই বক্সিং ৰিঙটো দিবলৈ কোম্পানীটোৱে অপাৰগতা প্ৰকাশ কৰিছিল। যি সময়ত জাতীয় সংগঠনৰ নামত কোম্পানীটো লাখ লাখ টকা অনুদান দিয়াৰ কথা শুনা যায় তেনেসময়ত আজি দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাৰ বাবে কোম্পানীটোৱে এই খৰচ বহন কৰিব নোৱাৰা বিষয়টোৱে আজিও তাৎপৰ্য বহন কৰি আছে।
ইয়াৰপিছতে চ‘ছিয়েল মিডিয়াৰ ফেইচ বুকত লাভলীনাৰ খেতি পথাৰত ব্যস্ত থকাৰ এখন ফটোৱে বিশেষ চৰ্চা লাভ কৰিছিল আৰু সেইসময়তো কৃষি ও পশুপালন মন্ত্ৰী হৈ থকা অতুল বৰাই সেই ফটো প্ৰত্যক্ষ কৰি লাভলীনাৰ ঘৰত উপস্থিত হৈ অনুশীলন কৰিব পৰাকৈ কিছু সামগ্ৰী খেলুৱৈ গৰাকীক আগবঢ়াই সহায় কৰিছিল।তেনেক্ষেত্ৰত আমাৰ দৰে ৰাজ্যত এগৰাকী খেলুৱৈ গঢ় দিবলৈ কিমান কষ্ট , ত্যাগ স্বীকাৰ কৰিব লাগে সেইকথা সহজেই অনুমেয়।
লাভলীনাৰ হৈ শুভেচ্ছা প্ৰচাৰ হোৱাটো খুবেই জৰুৰী যদিও শুভেচ্ছা দিয়াৰ নামত মানসিক হেঁচা দিয়াতো কিমান যুক্তিসন্মত সেইকথাও প্ৰতিজন মানুহে ভাবি চাব লাগে। এইবাবেই যে কোনো এজন মানুহে চূড়ান্ত মানসিক হেঁচাত কেতিয়াও সফল হ‘ব নোৱাৰে। অত্যাধিক আশা কেতিয়াবা অন্তৰায় হৈ দেখা দিয়ে লক্ষ্য প্ৰাপ্তিত। এজন খেলুৱৈ তেতিয়াহে নিজৰ সৰ্বস্ব উজাৰি দিব পাৰে যেতিয়া তেওঁৰ ওপৰত কোনোধৰণৰ মানসিক হেঁচাৰ ভৰ নাথাকি কেৱল খেলতে মনসংযোগ থাকে।
ইয়াৰ বিপৰীতে লাভলীনাৰ ক্ষেত্ৰত দেখা পোৱা এটা বাতৰিয়ে আজি জোকাৰি গৈছে বহু ক্ৰীড়া প্ৰেমীৰ হৃদয়। কিছু সংবাদ মাধ্যমে এইমুহূৰ্তটো লাভলীনাক ভিডিঅ‘ কল কৰি শুভেচ্ছা দিয়াটো কিমান সমিচীন সেই লৈ এতিয়া চ‘ছিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা।এইধৰণৰ প্ৰচাৰে এগৰাকী খেলুৱৈক যে মনসংযোগত ব্যাঘাত জন্মাব সেইকথা অন্তত সেই নিৰ্দিষ্ট সংবাদ মাধ্যমটোৱে জনা উচিত আছিল।
উল্লেখ্য যে এইকথা সোমবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই অসমৰ অন্য এটা আগশাৰীৰ সংবাদ মাধ্যমৰ যোগেদি অসমবাসীলৈ বাৰম্বাৰ অনুৰোধ কৰি কৈছে যে এনে সময়ত লাভলীনাক মানসিক হেঁচা নিদিব কিয়নো অত্যাধিক প্ৰচাৰে কোনো এজন ভাল খেলুৱৈক লক্ষ্যপ্ৰাপ্তিত বাধা আনিব পাৰে। সুন্দৰ ভৱিষ্যত এটা সন্মুখত পৰি আছে লাভলীনাৰ। এইয়া খেলুৱৈ গৰাকীৰ মাত্ৰ আৰম্ভণিহে।তাইক নিজৰ শ্ৰেষ্ঠত্ব উজাৰি খেলিবলৈ দিয়ক।
শুভেচ্ছা সদায় আৰ্শীবাদ ।যদিও কিছু সংবাদ মাধ্যমে নিজৰ প্ৰচাৰৰ স্বাৰ্থত কৰা এনে কাৰ্যক একাংশ লোকে সহজভাৱে লোৱা নাই। তৎস্বত্বেও লাভলীনাৰ স্তিতপ্ৰজ্ঞতাই এই সকলো অতিক্ৰমী নিশ্চয় দেশৰ লগতে অসমবাসীক গৌৰৱাম্বিত কৰিব ।