আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উত্তৰ পূব ভাৰতত ঔষধ উদ্যোগৰ ক্ষেত্ৰত সম্ভাৱনা আছে বুলি অলপতে উল্লেখ কৰে।
উত্তৰ পূব ভাৰতত বৃহৎ পৰিমাণে ঔষধি উদ্ভিদ পোৱা যায়। ঔষধি উদ্ভিদৰ যদি খেতি আৰম্ভ কৰা হয় তেন্তে খেতিয়কৰ লগতে বহুতো ঔষধ উদ্যোগ গঢ়ি তোলাত সহায় হ’ব বুলি সোণোৱাল ডাঙৰীয়াই মতপোষণ কৰে।
আমাৰ অসমৰ বাবেও এয়া এক নতুন সম্ভাৱনা। নিম, তুলসী, আমলখি, হালধি, আদা, জেতুকা, পদিনা, শিলিখা আদি বহুতো গছ আমাৰ অসমত ব্যাপক ভাবে পোৱা যায়।
এই ঔষধি উদ্ভিদ সমূহৰ যদি ব্যৱসায়িক ভিত্তিত খেতি আৰম্ভ কৰা হয় তেতিয়া হ’লে অৰ্থ উপাৰ্জনৰ লগতে অসমৰ উদ্যোগ খণ্ডত এক নতুন সংযোজন হোৱাৰ স্থল আছে।
উদ্যোগ এটা গঢ়ি তুলিবলৈ আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰী হৈছে কেঁচামাল। ব্ৰিটিছে ভাৰতৰ দৰে দেশৰ পৰা কেঁচামাল কঢ়িয়াই হ’লেও ইউৰোপত উদ্যোগ স্থাপন কৰিছিল। কিন্তু আমাৰ অসমত কেঁচা সামগ্ৰীৰ কোনো অভাৱ নাই।
গতিকে ইচ্ছুক অসমৰ লোকসকলে চৰকাৰৰ পৰা বিভিন্ন আঁচনিৰ অধীনত ঋণ গ্ৰহণ কৰি নিজাববীয়াকৈ বা কেইবাজনো মিলি সৰু সৰু ঔষধি উদ্যোগ স্থাপন কৰিব পাৰিব।
আত্মনিৰ্ভৰ অসম গঢ় লৈ উঠাৰ ক্ষেত্ৰত এই ঔষধ উদ্যোগ এক নতুন সম্ভাৱনা। ডক্টৰ ৰেড্ডী, মেন কাইণ্ডৰ দৰে বিশ্ব ব্যাপি থকা ভাৰতীয় ঔষদ প্ৰতিষ্ঠান আমাৰ অসমতো নিজাকৈ গঢ় লৈ উঠিব বুলি আমি আশাবাদী।