VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰ’না সৃষ্ট পৰিস্থিতিয়ে নিঃশেষ কৰিব নেকি শিল্পীৰ পৃথিৱীখন

মিনাক্ষী ফুকন by মিনাক্ষী ফুকন
July 30, 2021
in অভিমত, সংস্কৃতি
কৰ’না সৃষ্ট পৰিস্থিতিয়ে নিঃশেষ কৰিব নেকি শিল্পীৰ পৃথিৱীখন
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

২০২০ চনৰ ২৬ মাৰ্চত ঘোষণা কৰা প্ৰথমটো  লকডাউনৰ পিছৰ পৰাই সমগ্ৰ দেশৰ লগতে অসমতো সাস্কৃতিক চৰ্চাৰ কেন্দ্ৰসমূহ ক্ৰমে বন্ধ হৈ পৰিছে।কৰ‘নাৰ দ্বিতীয় লহৰ অহাৰ পূৰ্বে দুই- এক সাস্কৃতিক অনুষ্ঠান পৰিৱেশন হৈছিল যদিও পুনৰ ঘোষণা কৰা লকডাউনে যেন স্তব্ধ কৰি পেলালে শিল্পীৰ পৃথিৱীখন।

সংস্কৃতি চৰ্চা অবিহনে এখন সুন্দৰ সমাজ কেতিয়াও কল্পনা কৰিব নোৱাৰি। সংস্কৃতিয়ে জাতি এটাক সমৃদ্ধ কৰে, জাতিটোৰ পৰিচয় দাঙি ধৰে।

ই এক মাধ্যম সমাজ সংগঠন কৰা বা সমাজ পৰিবৰ্তন কৰাৰ। সমাজৰ কোনো অনুষ্ঠানে অনুষ্ঠিত কৰা যি কোনো সাস্কৃতিক কৰ্মৰাজীয়ে মানুহৰ লগত প্ৰত্যক্ষ যোগাযোগ সম্ভৱ কৰে।ফলত ইয়াৰ প্ৰভাৱ যথেষ্ট শক্তিশালী হ‘য়।

কৰ‘নাৰ এই পৰিবেশৰ মাজত কেৱল টেলিভিশ্যনত  উপলব্ধ হোৱা কিছু সাংস্কৃতিক কাৰ্যসূচীহে পৰিৱেশিত  হৈ আছে।সাস্কৃতিক চৰ্চাৰ পৰোক্ষ প্ৰভাৱ পৰা এনে কাৰ্যসূচী পৰ্যাপ্ত নহয় এখন সমাজৰ বাবে।শিল্পীৰ পৃথিৱীত এই সীমিত পৰিসৰৰ কামে সামৰি লব নোৱাৰে সকলো শিল্পী তথা কলা-কুশলীক ।

তেনেক্ষেত্ৰত ১০০% শিল্পীৰ ৯০ % শিল্পী আজি কৰ্মহীন।চৰম হতাশাই আৱৰি ধৰা এইসকল শিল্পীৰ জীৱন পানীত হাঁহ নচৰা এক অৱস্থা। অপেক্ষাৰো এক সীমা থাকে। কেৱল ৰৈ থাকিলই জানো পেট ভৰিব? কোনোজনে পৰিয়াল পোঁহপাল দিবলৈকে আজি আৰম্ভ কৰিছে সৰু-সুৰা ব্যৱসায় । কোনোজনে আকৌ হাতত দা-কুঠাৰ লৈ দৈনিক কাম কৰিবলৈ ওলাই গৈছে। কামৰ পৰিবেশ নথকা কৰ‘নাৰ এনে সময়ত কাম বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে বহু শিল্পী। 

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰথমটো লকডাউনৰ পিছতেই  চৰকাৰে কিছু ধনৰ এককালীন সাহায্য আগঢ়াইছিল যদিও সেই সাহায্যই সকলো শিল্পীক সামৰি ল‘ব নোৱাৰিলে। যিহেতু অসমৰ গাঁৱে-ভূঞে সোমাই থকা সৰু-বৰ বা সকলো থলুৱা শিল্পী কলা-কুশলীক সামৰি ল’ব পৰাকৈ সেই সাহায্য পৰ্যাপ্ত নাছিল।প্ৰকৃততে কোনোখন চৰকাৰৰ বাবেই সকলো শিল্পীক সামৰি লোৱাটো সম্ভৱ নহয় বা নোৱাৰেও।এই আঁচনিয়ে মাত্ৰ ১০% শিল্পীকহে সহায় আগবঢ়াব পাৰিলে।

উল্লেখ কৰা দৰকাৰ যে কৰ‘নাই সৰ্বস্বান্ত কৰা সমাজ ব্যৱস্থাত এতিয়া জানো পুনৰ গা টঙাব পাৰিব এই সকলো সাস্কৃতিক অনুষ্ঠানে।কেৱল চাকৰি কৰা সকলৰ বাদে ব্যৱসায় –বাণিজ্য কৰা সকলোৰে আজি তথৈবচ অৱস্থা। মানুহৰ দান-বৰঙণিৰে চলা এই সামাজিক সাস্কৃতিক অনুষ্ঠানবোৰ মানুহৰ সহযোগ অবিহনে পুনৰ উজ্জীৱিত হৈ উঠিব জানো?

সৃষ্টিশীলতাই মানৱীয় জীৱনক অনন্য গতি দিয়ে।আৰু এই  সৃষ্টিশীল কৰ্মৰ বাবে লাগে এখন মঞ্চ। যদি মঞ্চই নাথাকে মানুহে মানুহৰ বাবে ক‘ত মানুহৰ জয়গান গাব ? তেনেক্ষেত্ৰত কৰ’নাৰ এই ভয়ংকৰ পৰিবেশে সঁচাকৈ নিঃশেষ কৰিব নেকি শিল্পীৰ পৃথিৱীখন?

Previous Post

পেগাছাছ কাণ্ডক লৈ সৰৱ ৰাজনৈতিক দলঃ ৩০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত সন্নিবিষ্ট হৈছে অসমৰ দুই ব্যক্তিৰ নাম

Next Post

৮২ বছৰ বয়সত মহাকাশলৈ যাত্ৰা ৱালি ফাংকৰ

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা
সংস্কৃতি

গোৱালপাৰীয়া নাৰী সমাজৰ কাতি পূজা

November 13, 2024
স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান
সংস্কৃতি

বিশিষ্ট অৰ্থনীতিবিদ, স্তম্ভ লেখক অনন্ত কলিতাৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি : লেখা আহ্বান

June 15, 2024
বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?
সংস্কৃতি

বিহুত ব্যৱহৃত টকা আৰু গগণাৰ বিষয়ে জানেনে ? কোনবিধ গগণাক কোৱা হয় লাহৰী গগণা ?

April 22, 2024
ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?
সংস্কৃতি

ব’হাগত অনুষ্ঠিত হোৱা ভঠেলি উৎসৱৰ বিষয়ে জানেনে ? ক’ত ক’ত উদযাপন কৰা হয় এই উৎসৱ ?

April 16, 2024
Next Post
৮২ বছৰ বয়সত মহাকাশলৈ যাত্ৰা ৱালি ফাংকৰ

৮২ বছৰ বয়সত মহাকাশলৈ যাত্ৰা ৱালি ফাংকৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7