প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ অন্যতম অভিযান হৈছে ডিজিটেল ভাৰত। ডিজিটেল ভাৰত অভিযানে ইতিমধ্যে গাঁও চহৰ সকলো সামৰি লৈছে। জন সাধাৰণৰ সুবিধাৰ অৰ্থে বিভিন্ন অনলাইন সেৱাসমূহ আৰম্ভ কৰিছে। বিল পৰিশোধ, পপত্ৰ পূৰণ, পইচা ট্ৰেঞ্চফাৰ, চাকৰিৰ বাবে বিজ্ঞাপন আবেদন পূৰণকে ধৰি কভিদ পৰিস্থিতিত সৰহ সংখ্যক কাৰ্য্যলয় শিক্ষা প্ৰতিষ্ঠানলৈকে প্ৰায় সকলো লোক ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল হ’ল।
মানুহে কাপোৰ, ইলেকট্ৰনিকচ সামগ্ৰীকে ধৰি বিভিন্ন বয় বস্তু ক্ৰয় কৰিবলৈ অনলাইন সেৱাসমূহৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হ’বলৈ ধৰিছে। মানুহৰ সময় অপচয় ৰোধ হৈছে। চিন্তা কমিছে।
কিন্তু ভাৰতীয় ডাক সেৱা এতিয়াও ডিজিটেল ভাৰতৰ অন্তৰ্ভুক্ত হোৱা নাই যেন অনুভৱ হয়। মোডীজীৰ তৎপৰতাত পোষ্টেল পেমেণ্ট বেংকলৈ উন্নীত হোৱা ডাক সেৱা এতিয়াও বহুত পিছপৰা।
ডাক সেৱাৰ জৰিয়তে ৰাজ্য বা দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা প্ৰেৰণ কৰা পাৰ্চেলসমূহ গন্তব্যস্থান পাবলৈ আজিও এমাহতকৈ বেছি সময় লাগে। ফলত অতি প্ৰয়োজনীয় নথি পত্ৰ ডাক ঘৰৰ লেহেমীয়া গতিৰ বাবেই জনগণৰ কাষত নপৰাৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হৈছে।
ডিজিটেল ভাৰতৰ যুগত ডাক বিভাগৰ এনে পয়ালগা অৱস্থাই জনসাধাৰণৰ মনত অসন্তুষ্টি বিয়পাইছে। চৰকাৰী ব্যৱস্থাৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে।
এই মুহূৰ্তত অন্য বিভাগৰ দৰে ভাৰতীয় ডাক সেৱাৰ আধুনিকীকৰণ খুব প্ৰাসংগিক হৈ পৰিছে।