“পকড়ে ৰেহনা,চড়না নেহী” এই বাক্যশাৰী নুশুনা ভাৰতীয় হয়তো কম। বিজ্ঞাপনৰ পৃথিৱীত ভাৰতীয় টেলিভিছনৰ আটাইতকৈ জনপ্ৰিয় বাক্যাংশবোৰৰ এষাৰ “ধৰি থাকা, এৰি নিদিবা”। ফেভিকল বিজ্ঞাপনৰ শ্লোগান এই বাক্যাংশই সকলোৰে মুখলৈ হাঁহি কঢ়িয়াই আনে। যিদৰে টুথপেষ্ট মানে কলগে’ট, আলমাৰী মানে গডৰেজ, নিমখ মানে টাটা একেদৰে মানুহৰ বাবে যেন আঠা মানেই ফেভিকল।
স্বাধীনতাৰ পিছত ভাৰতৰ বজাৰ দখল কৰা ফেভিকল কোম্পানী আজি গ্ৰাহকৰ বাবে এৰিব নোৱাৰা এক আঠাৰ দৰেই। উত্থান-পতনৰ নিজা কাহিনীৰ সৈতে ফেভিকলৰ উৰ্ধমুখী যাত্ৰাৰ এই ৰূপকাৰ বলৱন্ত পাৰেখ “ফেভিকল মেন” হিচাপে জনাজাত।
বলৱন্ত পাৰেখৰ জন্ম হৈছিল গুজৰাটৰ ভাৱনগৰ জিলাৰ সৰু চহৰ মহুৱাত। আইনৰ শিক্ষা গ্ৰহণ কৰিবলৈ তেখেত মুম্বাইলৈ যায়। কিন্তু সেই সময়ত গুজৰাটত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিবলৈ মাজভাগত পঢ়া-শুনা এৰি পাৰেখ গুজৰাটলৈ আহে। অৱশ্যে বহু বছৰ পিছত মুম্বাইলৈ উভতি আহি তেখেতে আধৰুৱা পঢ়া সমাপ্ত কৰে। কিন্তু মিথ্যাৰ ভঁৰাল বুলি আইনৰ বৃত্তিক জীৱিকা হিচাপে ল’বলৈ মানুহজন অনিচ্ছুক হয়।
ইয়াৰ পাছত পেট-ভাতৰ বাবে বলৱন্তে মুম্বাইত সংগ্ৰামত লিপ্ত হ’ল। পত্নীৰ সৈতে এটা গুদামত বাস কৰা মানুহজনে অভাৱ পূৰাবলৈ কাঠ ব্যৱসায়ীৰ কাৰ্যালয়ত পিয়ন হিচাপেও কাম কৰে। গুজৰাটীসকলে জন্মগত ভাৱে আহৰণ কৰা ব্যৱসায়িক দক্ষতা স্বাভাৱিকতেই তেখেতৰ আছিল। যাৰ আভাস লাভ কৰি এজন বিনিয়োগকাৰীয়ে বলৱন্তক আৰ্থিকভাৱে সহায় কৰিছিল। সৰু ভায়েক সুশীল পাৰেখৰ সমৰ্থনত নিজৰ কোম্পানী আৰম্ভ কৰাৰ আগতে বলৱন্তে চাইকেল, এৰিনা নাট, কাগজৰ ৰং আদিৰ আমদানি কৰি আৰম্ভ কৰিছিল।
পিডিলাইট ইণ্ডাষ্ট্ৰিজ বুলি নামাকৰণ কৰা উদ্যোগটোৰ জৰিয়তে পৰৱৰ্তী বছৰবোৰত ফেভিকলে ভাৰতীয় বজাৰত আঠাখণ্ডত একচেটিয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল।ভাৰতীয় বজাৰত প্ৰথম মুকলি কৰা ফেভিকল আন আঠা আৰু চৰ্বি-আধাৰিত আঠাৰ সলনি ব্যৱহাৰ কৰিবলৈ সহজ আছিল। কিয়নো অন্য আঠাবোৰ ব্যৱহাৰ কৰাৰ আগতে উতলাব লাগিছিল। বলৱন্ত পাৰেখেই এই ব্ৰেণ্ডটোক এটা পৰিচয় দি ১৯৫৯ চনত পিডিলাইট ইণ্ডাষ্ট্ৰিজ আৰম্ভ কৰে।
পিডিলাইট উদ্যোগ আৰম্ভ কৰোতে ইয়াত সামগ্ৰী বুলিবলৈ কেৱল ফেভিকলেই আছিল আৰু আজি এই কোম্পানীটোৱে ৭৫তকৈ অধিক সামগ্ৰী নিৰ্মাণ কৰে।ইয়াৰে কিছুমান সামগ্ৰী হৈছে ফেভিষ্টিক, ফেভিকুইক, ফেভিকল সামুদ্ৰিক ইত্যাদি। ইয়াৰ সামগ্ৰীবোৰ সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন আকাৰত উপলব্ধ।
২০০৬ চনৰ পৰা ফেভিকল ব্ৰেণ্ডে বিদেশতো সম্প্ৰসাৰণ সন্দৰ্ভত গুৰুত্ব দিয়া আৰম্ভ কৰে। আমেৰিকা যুক্তৰাজ্য, থাইলেণ্ড, ইজিপ্ত, ডুবাই আৰু বাংলাদেশত ইয়াৰ কাৰখানা স্থাপন কৰা হৈছে। এতিয়ালৈকে ই ৭০খনতকৈও অধিক দেশত ইয়াৰ শাখা সম্প্ৰসাৰিত কৰিছে। বিশ্বজুৰি ফেভিকলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বাবে, এই ব্ৰেণ্ডটোৱে “লায়ন অফ দ্য কান”ও লাভ কৰিছে যিটো চলচ্চিত্ৰ নিৰ্মাতাসকলৰ অস্কাৰ বঁটাৰ সৈতে তুলনীয়। ফেভিকল ব্ৰেণ্ডৰ কাহিনী এতিয়া বিশ্বজুৰি পৰিচিত, সমাদৃত।
ফেভিকল ব্ৰেণ্ড ইয়াৰ সামগ্ৰীৰ গুণাগুণ সম্পৰ্কে যথেষ্ট সচেতন। তাৰ বাহিৰেও ব্ৰেণ্ডটোৱে ইয়াৰ প্ৰধান লক্ষ্য দৰ্শকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে বজাৰ দখলৰ লক্ষ্যৰে নিৰন্তৰ উজ্জ্বল বিজ্ঞাপন আৰু বিপণন প্ৰচাৰ চলাই আহিছে।
তেওঁলোকৰ বিজ্ঞাপনত প্ৰায়ে ব্যৱহাৰ কৰা ব্যঙ্গাত্মক আৰু বুদ্ধিমান হাস্যৰসে ভাৰতীয় বজাৰত জনসাধাৰণৰ সৈতে এক সম্পৰ্ক গঢ়ি তুলিছে। তেওঁলোকৰ এটা প্ৰাৰম্ভিক বিজ্ঞাপনত কোৱা হৈছিল যে “ফেভিকল এইচা জ’ৰ লগায়ে, আচ্ছে চে আচ্ছা না টোড পায়ে”। ইয়াৰ অৰ্থ হৈছে যে ফেভিকলবোৰে ইমান ভালকৈ বান্ধি ৰাখে যে কোনেও ইয়াক ভাঙিব নোৱাৰে। যদিও সময়ৰ সৈতে বেছিভাগ বিজ্ঞাপন অপ্ৰাংগিক হৈ পৰে কিন্তু ফেভিকলে সুদীৰ্ঘ সময়জুৰি সমগ্ৰ সময়ত দৰ্শকক মনোৰঞ্জন দি থাকিবলৈ সক্ষম হৈছে।
অতুল কলিতাই ফেভিকলৰ বিজ্ঞাপন সম্পৰ্কে কয় যে, তেঁওৰ সময়বোৰ হাঁহিভৰা কৰাত ফেভিকলৰ বিজ্ঞাপনে বিশেষ ভূমিকা লৈ আহিছে। কলেজৰ ছাত্ৰী নয়নাৰ মতে ফেভিকল ভাৰতৰ সৰ্বশ্ৰেষ্ট বিজ্ঞাপন। ফেভিকলৰ বিজ্ঞাপনবোৰ চাই অকলে হাঁহি থাকে মাকে, নয়নাই লগতে কয়।
ফেভিকলে আনকি বলীউডতো ইয়াৰ উপস্থিতি প্ৰমাণ কৰিছে। “চিপকালে চাইয়া ফেভিকল ছে” শীৰ্ষক গীতটো য’ত চলমান খান আৰু কৰীণা কাপুৰ খানে অভিনয় কৰিছিল। ২০১৪ চনত ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছিল, “ইয়ে ফেভিকল চে ভি মজবুত জ’ৰ হে, টুটেগা নেহী”। তেখেতে পুনৰ ২০১৯ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন ৰেলী অনুষ্ঠিত কৰাৰ সময়ত ফেভিকলৰ কথা উল্লেখ কৰি কৈছিল, “দুৰ্নীতি হৈছে ফেভিকল যি মহাগঠবন্ধনত বিৰোধীসকলক বান্ধি ৰাখে।”
এইটো স্পষ্ট যে টেগলাইনবোৰ নিৰ্মাণত ব্ৰেণ্ডটো অতি দক্ষ। তেওঁলোকে টেগলাইনবোৰ এনেদৰে প্ৰস্তুত কৰে যে যেতিয়াই মানুহে আঠা ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে “ফেভিকল” শব্দটো লগে লগে মূৰত সোমাই পৰে। এনে ধৰণৰ আকৰ্ষণীয় আৰু সফল ফেভিকল ব্ৰেণ্ডে 100 বছৰ উদযাপনৰ পিছতো যে জিলিকি ৰ’ব সেয়া নিশ্চিত। গ্ৰাহকেই যেন ক’ব খোজে, “পকৰে ৰেহনা,চড়না নেহী”।