ৰূপম ভূঞা এগৰাকী ব্যতিক্ৰমী গায়নশৈলী আৰু ব্যক্তিত্বৰ অধিকাৰী সংগীত শিল্পী। সাম্প্ৰতিক অসমীয়া সংগীতৰ ধাৰাৰ পৰা আহি নিজস্ব এক শৈলী সৃষ্টি কৰিবলৈ সক্ষম হোৱা শিল্পীজনৰ বহু গীত অনুৰাগীৰ মুখে মুখে। তেখেতৰ চিন্তা-চেতনাক কাষৰ পৰা জানিবলৈ আমি ৰূপম ভূঞাক সাক্ষাৎ কৰিছিলো। এই সাক্ষাৎকাৰ তেখেতৰ সৈতে হোৱা কথোপকথনৰ সম্পাদিত অংশ ভয়ছৰ পাঠকৰ বাবে আগবঢ়োৱা হ’ল।
আপোনাক সকলোৱে এজন অন্তৰ্মুখী ব্যক্তি বুলিয়েই কয়। আপুনি হয়তো কিছু পৰিমাণে তেনে স্বভাৱৰে। মনৰ মাজত সকলো সময়তে সংগীত কঢ়িয়াই লৈ ফুৰে বাবে আপুনি অন্তৰ্মুখী স্বভাৱৰ নেকি?
অন্তমুৰ্খী বুলি মই নিজকে নাভাবো। অৱশ্যে হয়তো সামাজিক ভাৱে বহু বেছি মুকলি নহয়। অলপ বাছ-বিচাৰ কৰি চলো। সকলো বস্তু মোৰ ভাল নালাগে। প্ৰথম কথা সেইটো। ভাল লগা বিষয় কম আৰু যি খিনি ভাল লাগে সেইখিনি ভালেই লাগে। ধৰা মই মানুহ এজনৰ সৈতে কথা পাতিছো তেতিয়া তেওঁ অপ্ৰয়োজনীয় কথা কৈ থাকিলে মোৰ খং উঠে বা বিৰক্ত হও। অপ্ৰয়োজনীয় মানে যিবোৰ কথা আমাৰ নহয় তৃতীয় কোনোবা এজনৰ, তেতিয়া মই তাৰ পৰা আতৰি আহো। মানুহে ভাবিব পাৰে ৰূপম ভূঞাই কথা পাতি ভাল নাপায়। মই কথা পাতি ভালপাও, কিন্তু তৃতীয় ব্যক্তিৰ কথা ভাল নাপাও। প্ৰথম আৰু দ্বিতীয় ব্যক্তিয়ে কথা পাতি আছো তাত অন্য মানুহৰ কথা কিয় পাতিম? নেতিবাচক কথাৰ পৰা আতৰি থাকো। অন্তমুৰ্খী নহয় কিন্তু ধনাত্মক কথা ভাল লাগে। নেতিবাচক কথালৈ মোৰ আগ্ৰহ নাই।
আজিকালি বহুতে আত্ম প্ৰচাৰৰ বাবে বিভিন্ন ষ্টাইল বা পাব্লিচিটী ষ্টাণ্টৰ আশ্ৰয় লোৱা দেখা যায়। শিল্পী এজনৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা আছে নে?
নিজকে প্ৰকাশ কৰাত সকলোৱে গুৰুত্ব দিয়ে। কিন্তু মই ভাবো মোৰ ক্ষেত্ৰত এই প্ৰকাশ সংগীতে কৰিব। আৰু সংগীতৰ ক্ষেত্ৰত কোনোবাই যদি মোৰ বিগত দহ-বাৰ বছৰৰ কাম চাই তেতিয়া কথাবোৰ বুজি পাব। মানুহ হিচাপে মোৰ বিকাশ অথবা জীৱনত কেনে পৰ্যায় চলি আছে, এই কথাবোৰ সংগীতেই প্ৰকাশ কৰি আহিছে। আমি স্বতন্ত্ৰ সংগীত কৰো গতিকে জীৱনৰ প্ৰতি স্তৰে স্তৰে সংগীত সলনি হৈ গৈ আছে। অভিজ্ঞতা বা যিকোনো বস্তুৰ উপলদ্ধি বা বোধ সলনি হৈছে। লাহে লাহে সলনি হৈ আৰু ইতিবাচক হ’ব বুলি ভাবো।
সকলোৱে সোধা প্ৰশ্নটোকে আমিও সুধিছো, আপোনাৰ সাংগীতিক যাত্ৰা কিদৰে আৰম্ভ হ’ল? আপুনি এজন শিক্ষক আছিল। পৰৱৰ্তী পৰ্যায়ত চাকৰি এৰি সম্পূৰ্ণৰূপে সংগীতত মনোনিৱেশ কৰিলে। এই সিদ্ধান্তবোৰ লওতে নিজৰ সৈতে কিবা দ্বন্দ্ব হৈছিল নেকি?
সাংগিতীক যাত্ৰাৰ আৰম্ভণি ঘৰৰ পৰাই হৈছে। প্ৰাইমেৰী স্কুলত থাকোতেই ছাৰ ঘৰলৈ আহিল। প্ৰথম গুৰু নাৰায়ণ পাঠক ছাৰ। তাৰ আগতে মা বা মাহীৰ মুখত গান শুনিছিলো। কিন্তু আনুষ্ঠানিক শিক্ষা পাঠক ছাৰৰ পৰাই আৰম্ভ।
চাকৰি এৰাৰ কথাটো সুকীয়া। সদায় অনুষ্ঠান কৰি আহি যেতিয়া স্কুললৈ যাও তেতিয়া মোৰ কেতিয়াবা অৱসাদ লাগে । মই যিহেতু শিক্ষকতা কৰো সেয়ে আমি ভাৰসাম্যহীন হোৱাটো শিক্ষাৰ্থীৰ বাবে ক্ষতিকৰ। দ্বন্দ্বৰ মাজেৰে দুবছৰমান কটালো যে কি কৰিম বা কি নকৰিম? দোধোৰ মোধোৰ। সিদ্ধান্তটো আচলতে মোৰ উৎকৰ্ষৰ বাবে নহয়। ছাত্ৰসকলৰ বাবে মোৰ শিক্ষা যাতে প্ৰতিবন্ধক হৈ নপৰে সেইবাবেহে। কেতিয়াবা এনেকুৱা হয় শ্ৰেণীকোঠাত থাকোতেই সংগীতৰ কথা মনলৈ আহিছে। মোৰ মনতো কেতিয়াবা বেলেগ ফালে গুচি যায়া। বেলেগ কথা ভাবি আছো ক্লাছ কৰিবলৈ মন যোৱা নাই অথচ কৰিবলগীয়া হৈছে–তেতিয়া অকণমান কষ্ট হয়।
আৰু এটা কথা, শিক্ষকতা বৃত্তিৰ প্ৰতি মানুহৰ লাহে লাহে সন্মান নোহোৱা হ’ল। যি সন্মানৰ বাবে এজন শিক্ষকে শিক্ষকতা কৰে সেই সন্মান এতিয়া নাই। সেইটো এক নম্বৰ কথা। মই গান গাও, দোকান দিও বা কাঠমিস্ত্ৰীয়েই হও মোৰ কামটোৰ বাবে মৰ্যাদা পাব লাগিব আৰু সেই মৰ্যাদা লাহে লাহে চৰকাৰী স্কুলত নোহোৱা হৈ গৈছে। মোৰ মা-দেউতাই যি ধৰণে শিক্ষক হিচাপে সন্মান পাই আজিকালি সেইটো নাই। হয়তো ময়েই সেই যোগ্যতা আহৰণ কৰিব পৰা নাই। কিন্তু এই সমস্যা অকল মোৰ নহয় আমাৰ সমসাময়িক এজন শিক্ষকক যিকোনো মানুহে আহি যিকোনো কথা কৈ যাব পাৰে। চাকৰি এৰাৰ এইটো এটা অন্যতম কাৰণ। আৰু প্ৰতিষ্ঠানবিৰোধী এটা চিন্তা আমাৰ মনৰ মাজত আছে সদায়, সেয়ে আমি গান গাইছো বা কলাৰ সৈতে জড়িত হৈছো। কিছু কথা কেতিয়াবা হজম নহয়।
চাকৰি এৰাৰ পাছত মোৰ ভালেই লাগি আছিল । ১০ বছৰ শিক্ষকতা কৰিও সুখী আৰু এৰিও সুখী। চাকৰি এৰাটো লৈ কোনো দ্বন্দ্ব নাই। মোৰ ভালেই লাগিছে। স্কুললৈ নোযোৱা সময়খিনি মোৰ এনেই যোৱা নাই। কিবা কাম হৈয়ে আছে। বৰ্তমানৰ পৰিস্থিতিত চাকৰি এৰাতো অধিক ভাল হ’ল যেন ধাৰণা হৈছে।
ব্যক্তিগতভাবে আপুনি কেনে ধৰণৰ সংগীত পচন্দ কৰে? যেনে লোকসংগীত, ৰ’ক, প’প, ক্লাচিকেল বা ভক্তিমূলক বা আন কোনো আধুনিক শৈলীৰ গান?
লোকসংগীত মোৰ আটাইতকৈ ভাল লাগে। সেয়া লাগিলে যি ভাষাৰেই নহওক। লোকসংগীত কেতিয়াও জটিল নহয় ই সদায় সৰল আৰু স্বতঃস্ফূৰ্ত। আৰু লোকসংগীত বিলাকত আনন্দৰ মাজতো যেন কিবা বিষন্নতা নিহিত থাকে। বা তাত কিবা এটা বিৰহৰ ভাৱ থাকে। এইটো মই খুব ভালপাও। সেয়া লাগে ঐনিতমেই হওক বা চাহ বাগান বা ৰাজস্থানী লোকসংগীতেই হওক–এইবোৰে মোক খুব আকৰ্ষণ কৰে। ইণ্ডিয়ান চেমি ক্লাচিকেলো ভালপাও। সুৰতকৈ কথাত মই গুৰুত্ব দিও। প্ৰথম কথা তাৰ পিছতহে সুৰ। কিন্তু সুৰ হিচাপে লোকসংগীত মোৰ সদায় প্ৰিয়। আৰু নিজৰ সুবিধাজনক স্থানত মই পচন্দৰ গীত গাও।
গীতৰ কথাৰ প্ৰসংগ আহোতে এটা কথা সুধিব লাগিব। আজিকালিৰ কথাবোৰ কোনো নিৰ্দিষ্ট ঠাঁচ বা গঢ়ৰ নহয়। কেতিয়াবা যেন বিক্ষিপ্ত! আপুনি কি ভাৱে?
আজিকালি কথাবোৰ ভাঙি গৈছে। আমি ইংৰাজী সাহিত্য অধ্যয়ন কৰোতে তাত বিনিৰ্মাণ বুলি এটা কথা পাইছিলো। বৰ্তমান এই বিনিৰ্মাণ অধিক হৈছে। হয়তো কথাবোৰ গীতিকাৰজনৰ ব্যক্তিগত জীৱনৰ ওপৰতো নিৰ্ভৰ কৰে। কেনে ধৰণৰ পৰিৱেশত তেওঁ ডাঙৰ হৈছে। কেতিয়াবা মানুহ এজনে নোপোৱা বস্তু এটাৰ বেছি সপোন দেখে। নোপোৱা বা জীৱনত নথকা বিষয় এটা সম্পৰ্কে মানুহে অধিক লিখে। তুমি যদি ভালদৰে গীতটো আৰু গীতিকাৰজনৰ ব্যক্তিগত জীৱন লক্ষ্য কৰা তেতিয়া বুজিবা। ভূপেন দাই বিদেশৰ পৰা আহিহে তেজপুৰ সম্পৰ্কীয় গানটো লিখিছে। তোমাৰ বাহিৰলৈ গ’লেহে গুৱাহাটীলৈ বেছি মনত পৰিব। বৰ্তমানৰ আমাৰ যি সামাজিক স্থিতি তাৰ কাৰণে এই বিনিৰ্মাণ অধিক হৈছে। লিখাবোৰত আমি একে ধৰণৰ বিষয় নাপাও। উপন্যাসবোৰত “ষ্ট্ৰীম অৱ কনচিয়াচনেছ” বুলি এটা কথা আছে। ধৰা এটা কথা পাতি আছো কিন্তু মনে অন্যান্য কথাবোৰ ভাবি আছে। মানুহৰ জীৱনবোৰ বাহিৰা বিষয়বোৰে সাংঘাটিক ধৰণেৰে প্ৰভাৱিত কৰে যে নিজৰ বিষয়ে ভাবিবলৈ আজিকালি সময় কম। মই ভাবো এইটো এটা কাৰণ। অৱশ্যে কিছুমানে হয়তো আকৰ্ষণ কৰিবলৈও তেনেদৰে লিখে। মই অধিক পঢ়ো বা জানো বা মোৰ বহুত বেছি শব্দজ্ঞান আছে! মানুহৰ আগত নিজৰ জ্ঞানৰ পৰিধি তুলি ধৰিবলৈ এনেদৰে লিখাটো কলাৰ সম্পূৰ্ণ পৰিপন্থী। বহুতে ভাবে সহজকৈ লিখি দিলে মানুহে ভাবিব এওঁ একো নাজানে, পৰীক্ষাত বেয়া নম্বৰ পাইছে। মই যে মেট্ৰিকত ষ্টেণ্ড কৰিছো সেইটো প্ৰমাণ কৰিবলৈ টানকে লিখিব লাগে। আৰ্টত “লেচ ইজ ম’ৰ”। যিমানেই কমকৈ সহজে ক’ম সিমানেই ভাল লাগিব। বহু মানুহে এটা নমুনাত বিশ্বাস কৰে য’ত অন্তৰ্নিহিত আদৰ্শবোৰ হেৰাই গৈছে। ধৰা দুখীয়া মানুহৰ কথা লিখিবলৈ দুখীয়া হ’ব নালাগে।
ডিজিটেল প্লেটফৰ্মৰ ব্যাপক প্ৰচলনৰ লগে লগে এতিয়া গান এটা প্ৰস্তুত কৰিবলৈ বহুত সহজ হৈ পৰিছে। এতিয়া মন গলেই গান এটা সহজেই শ্ৰোতাৰ মাজলৈ লৈ যাব পাৰি। ইয়াৰ ফলত সামগ্ৰিকভাৱে সংগীতৰ গুণগত মান অৱনমিত হোৱা যেন লাগে। আপুনি কি ভাৱে?
মই এই কথাটো যোগাত্মকভাৱেই লৈছো। মোৰ ভাল লাগিছে কাৰণ আগ্ৰহী মানুহে চেষ্টা কৰিব পাৰে। কিন্তু এটা কথা ঠিক মানুহৰ মনত ভালখিনিয়েই ৰৈ যাব। তুমি জীৱনত ২০ হাজাৰ গান শুনিছা কিন্তু তোমাৰ মনত হয়তো ১০০ টা গানেই ৰৈ গৈছে। এইবিলাক চিন্তা কৰি লাভ নাই। মানুহৰ মনত ভাললগাবোৰেই ৰৈ যাব। মানুহ এজনে ইয়াৰ পৰা শ্বিলঙলৈ ফুৰিবলৈ গ’লে বেলেগ গান শুনিব। ৰাতি ভাগৰত বেলেগ শুনিব। তাৰ অৰ্থ এয়া নহয় যে এইটো গান ভাল বা বেয়া। ইয়াৰ প্ৰভাৱ কম। মনটো ভাল লাগি থাকিলে বেলেগ শুনিব। আনকি পাহাৰ আৰু পানী দুইটাতে ফুৰিবলৈ গলেও তুমি পৃথক গান শুনিবা। প্ৰত্যেকৰে নিজা নিজা ঠাই আছে। কথাটো cuisine ৰ দৰে। পুৱা লাল চাহ খালা মানেই দিনটো খাবা নেকি? ভাল পালেও অনবৰতে গ্ৰীণ টিও খাই থাকিব নোৱাৰা। এইটো সকলো ক্ষেত্ৰতে হয়। এজন অত্যন্ত ভালপোৱা মানুহৰ সৈতেও সকলো সময়তে কথা পাতি থাকিব নোৱাৰি। ইয়াৰ অৰ্থ এইটো নহয় যে মানুহজনক বেয়া পোৱা যায়। মই এই কথাটো লৈ চিন্তিত নহয়, প্ৰতিটোৰে নিৰ্দিষ্ট ঠাই আছে। ভালবোৰ ৰৈ যাব। বেয়াবোৰ সময়ে দূৰ কৰিব।
বিগত প্ৰায় ডেৰ বছৰত অন্যান্য ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনলৈ ব্যাপক পৰিৱৰ্তন আহিছে। ক’ভিড আক্ৰান্ত পৃথিৱীত সাংস্কৃতিক ক্ষেত্ৰখনো ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই সংকট কালত আমি কেনেদৰে আগবঢ়া উচিত বুলি আপুনি ভাবে?
আমি চিধাচিধিকৈ এতিয়াই কি হ’ব কৈ দিব নোৱাৰো কিন্তু আগতকৈ পৰিৱৰ্তন হ’ব। আমাৰ নিজৰো পৰিৱৰ্তন হৈছে। ধৰা আমাৰ আশাবোৰ, ২০২০ত মই যেনেদৰে ভৱিষ্যতৰ পৰিকল্পনা কৰিছিলো এতিয়াতো কামবোৰ তাতকৈ সম্পূৰ্ণ বেলেগকৈ কৰিলো। জীয়াই আছো কিন্তু কিছু পৃথককৈ জীয়াই আছো। এই জীৱনো বেয়া লগা নাই। ঘৰতে আছো যদিও কামখিনি কৰি আছো। এনেকুৱা নহয় যে এইকেইদিনত সংগীত বন্ধ হৈ গৈছে। এনেকৈয়ে চলি থাকিব বুলি মই ভাবো। কিন্তু মই ভাবো পূৰ্বৰ দৰে সংগীতৰ এটা পৰিৱেশ আহোতে সময় লাগিব। পাব্লিক পাৰ্ফমেঞ্চে সম্পূৰ্ণ গতি ল’বলৈ আৰু এবছৰ মান সময় লাগিব। ক’ভিড লাইফষ্টাইল ডিজিজৰ দৰেই হৈ পৰিল। সম্পূৰ্ণৰূপে নোহোৱা হ’বলৈ সময় লাগিব। পাব্লিক পাৰ্ফমেঞ্চ কৰোতে আমাৰো সংকোচ থাকিব। মানুহৰো থাকিব। সেয়ে সমগ্ৰ প্ৰক্ৰিয়াবোৰ সলনি হ’ব। অনাগত সময়ত সহজ হৈ যাব। কিন্তু সহজ হওতেও সময় লাগিব।
চৰকাৰে অসমৰ এই জটিল পৰিস্থিতিত শিল্পী বা ৰাইজৰ বাবে কেনে ভূমিকা ল’ব লাগে বুলি আপুনি ভাবে? সকলো ক্ষেত্ৰতে চৰকাৰ জগৰীয়া হয় নে?
সমগ্ৰ জীৱনটোৱেই যদি আমি নিজৰ চৰ্তত জীয়াই থাকিব বিচাৰো তেনেহ’লে তাত চৰকাৰৰ বিশেষ ভূমিকা নাই। সকলো সময়তে হাত পতাতো এক প্ৰকাৰৰ অপৰিপক্কতা। সকলো কাম চৰকাৰে নকৰে। আবেগিকভাৱে সকলো কথা চালেই নহ’ব। কিছু কথা আত্মমৰ্যদাৰ বিপক্ষে। বেয়াটো ভাল হ’ব নোৱাৰে। দুখ দেখুৱাই মই সহানুভূতি ল’ব নোৱাৰো। দুখ বেয়াই। তাক ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। চৰকাৰে কিছু কথাত সহায় কৰিব লাগিব কিন্তু ব্যক্তিগতভাৱে প্ৰত্যেকৰে সংকট মোছন কৰিব নোৱাৰে।