১৮৬৯ চনৰ ২ অক্টোৱৰত গুজৰাটৰ পুৰবন্দৰত মোহন দাস কৰমচান্দ গান্ধীৰ জন্ম হয়। ২ অক্টোৱৰত সমগ্ৰ দেশতে গান্ধী জয়ন্তী পালন কৰা হয়। গান্ধীজী আছিল অহিংসা প্ৰচাৰক। সেয়ে এই দিনটোক আন্তৰ্জাতিক অহিংসা দিৱস হিচাবেও পালন কৰা হয়।
যেতিয়াই অধৰ্ম আৰু অজ্ঞানতাই সমাজ জীৱন কলুষিত কৰে তেতিয়াই ভগৱানৰ অংশই পৃথিবীত জন্ম গ্ৰহণ কৰি সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰে। সেয়ে মহাত্মা গান্ধীক বহুতে অতিমানৱ বুলিও অভিহিত কৰিছে।
নিঃসহায় জনেও সাধ্য অনুযায়ী অন্যায়ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব পাৰে তাৰ ওপৰত মহাত্মা গান্ধীয়ে গুৰুত্ব প্ৰদান কৰিছিল । যাৰ বাবে তেওঁৰ অৱদানক সমাজ সংস্কাৰক , ৰাজনীতিক , অৰ্থনীতিবিদ , শিক্ষা সংস্কাৰক , নাৰীবাদী আৰু পৰিবেশবিদ আদি বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰা হৈছে।
তেখেতৰ দূৰদৃষ্টি সম্পন্ন সুগভীৰ চিন্তাধাৰাৰ বাবে তেওঁক যুগনায়ক , জাতিৰপিতা , মহামানৱ , মহাত্মা আদি বিভিন্ন বিশেষণেৰে বিভুষিত কৰা দেখা গৈছে।
গান্ধীজীৰ জীৱন কালত , পৰাধীন ভাৰতবৰ্ষত নানা অন্ধবিশ্বাস আৰু কুসংস্কাৰে ঠাই পাইছিল। সেইসমূহ দূৰ কৰি সকলোৰে বাবে এখন স্বাধীন ভাৰত গঢ়ি তুলিবলৈ যত্ন কৰিছিল। গান্ধীজীৰ জীৱনত মাতৃ পুতুলীবাঈ ,ধাতৃ ৰম্ভা আৰু পত্নী কস্তুৰীবাঈৰ প্ৰভাৱ আছিল অপৰিসীম। তেওঁলোকৰ ধৈৰ্য , নিষ্ঠা , নৈতিক সাহস আৰু স্নেহশীল গুণ তেওঁৰ ব্যক্তিগত জীৱনৰ আদৰ্শ হৈ পৰিছিল।
গান্ধীজীয়ে অনুভৱ কৰিছিল যে ইমান গুণৰ অধিকাৰী হৈও মহিলা সকলৰ সামাজিক স্থান পুৰুষতকৈ পিছপৰা । পুৰুষৰ দৰে মহিলা সকলেও প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সহঃশিক্ষা লাভ কৰা উচিত বুলি গান্ধীজীয়ে ভাবিছিল।
সেই সময়ত নাৰীৰ সতীত্বৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। গান্ধীজীয়ে পৰ্দা প্ৰথাৰ ঘোৰ বিৰোধিতা কৰিছিল । কাৰণ পৰ্দা প্ৰথাই নাৰীৰ মুক্ত চিন্তা আৰু প্ৰকাশত বাধা দিয়ে। সমাজত প্ৰচলিত হৈ থকা নাৰীৰ মৰ্যদা হানিকৰ প্ৰবচন, খণ্ডবাক্য সমূহ নিৰ্মুল কৰিব লাগে আৰু নাৰী পুৰুষৰ সহযোগী হিচাবে থাকিব লাগে কাৰণ বহুক্ষেত্ৰত নাৰীসকল মানসিক দিশত পুৰুষতকৈ অধিক শক্তিশালী হয়। গান্ধীজীয়ে সমাজত প্ৰচলিত বাল্য বিবাহৰ বিৰোধিতা কৰিছিল ।
পিতৃ গৃহত থাকোঁতেই স্বামীহীনা হোৱা বিধবা সকলক তেওঁ বিধবা নহয় বুলি কৈছিল। গতিকে তেওঁলোকে পুনৰ বিবাহ কৰিব পাৰে বুলি অভিমত দিছিল।
গান্ধীজীয়ে যৌতুক প্ৰথাৰ বিৰোধিতা কৰিছিল। যৌতুক প্ৰথাৰ অৱস্থিতিয়ে নাৰীৰ স্থান অৱনমিত কৰে। যাৰ কাৰণে কন্যা শিশুক পৰিয়ালৰ বোজা বুলি ভাবিবলৈ ধৰে আৰু পৰৰ ধন বুলি বিবেচনা কৰে। তেখেতে পৰিয়াল পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিছিল। কঠোৰ সন্যাস পালনৰ দ্বাৰা জন্ম নিয়ন্ত্ৰণ ৰোধ কৰিব পাৰি বুলি কৈছিল। অধিক সন্তান জন্মৰ বাবে মহিলাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰে বুলি উল্লেখ কৰিছিল।
সেই সময়ত পূৰ্বৰে পৰা চলি থকা দেৱদাসীৰ দৰে প্ৰথা নিৰ্মূলৰ ওপৰত গুৰুত্ব দিছিল। গান্ধীজীয়ে কৈছিল , নাৰী ভোগৰ বাবে নহয়।তেওঁ আত্ম সংযম আৰু আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিছিল।
নাৰীৰ অদমনীয় সাহস আৰু ধৈৰ্যৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস আছিল । সেয়ে অহিংসাৰে পৰিচালিত স্বাধীনতা আন্দোলনত নাৰীক যোগদান কৰিবলৈ আহ্বান জনাইছিল। আইন অমান্য আন্দোলনৰ সুদীৰ্ঘ পথ যাত্ৰাতো নাৰীক অন্তৰ্ভুক্ত কৰিছিল। এনেদৰে ৰাজনীতিৰ ক্ষেত্ৰ খন সকলো শ্ৰেণীৰ নাৰীৰ বাবে মুকলি হৈ পৰিছিল।
অতীজৰে পৰা ভাৰতীয় মহিলাই ঘৰুৱা যাৱতীয় কামৰ উপৰিও বিশেষ কৈ বস্ত্ৰ শিল্পত নিজকে নিয়োজিত কৰিছিল। এই ঘৰুৱা শিল্পবোৰে পৰিয়ালৰ প্ৰয়োজনীয়তা পুৰাবৰ বাবে যথেষ্ঠ সহায় হৈছিল ।গান্ধীজী আৰু কস্তুৰবা দুয়োজনে মিলি সুতা কাটি কাপোৰ বৈ খদ্দৰ পৰিধান কৰি জন সাধাৰনৰ আদৰ্শ হৈ পৰিছিল। নাৰী সকলক এই শিল্পৰ যোগেদি অৰ্থনৈতিক ভাবে স্বনিৰ্ভৰশীল হবলৈ আহ্বান জনাইছিল ।
মহাত্মা গান্ধীয়ে কৈছিল , মহিলা সকলে নিজকে সৎ কৰ্মত নিয়োজিত কৰি তেওঁলোকৰ নৈতিক বলেৰে বলীয়ান হৈ এনেদৰে আগবাঢ়িব লাগে যাতে পুৰুষ সকলে তেওঁলোকক যথাযোগ্য সন্মান দিবলৈ বাধ্য হয়।
মুক্ত মনেৰে নিজৰ ব্যক্তিগত স্বাৰ্থৰ ঊৰ্দ্ধত গৈ নিৰপেক্ষ ভাবে যেতিয়া কোনো সামাজিক সমস্যা বিশ্লেষণ কৰা হয় , স্বাভাবিকতে সি সৰ্বকালৰ বাবে সকলোৰে গ্ৰহনীয় হৈ থাকে।
সেয়ে আজিৰ দিনতো মহাত্মা গান্ধীৰ নাৰীৰ সম্পৰ্কে কৰা ধাৰণা আৰু পৰামৰ্শ সকলোৰে বাবে আদৰণীয়।