২০০১ চনৰ ৭ অক্টোৱৰ তাৰিখে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই জন সেৱাত আজি দুই দশক সম্পূৰ্ণ কৰিলে।
নৰেন্দ্ৰ মোডী নিঃসন্দেহে এজন পৰিৱৰ্তনকামী শক্তিশালী নেতা এই কথা কোনেও নুই কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিচাপে চাৰিটা কাৰ্য্যকালত গুজৰাটক এখন উন্নত ৰাজ্য হিচাপে দাঙি ধৰিছিল।
২০১৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি দুটা নিযুক্তিকাল সম্পূৰ্ণ কৰিবলৈ অগ্ৰসৰ হোৱা প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিয়েই মোদী ডাঙৰীয়াই চমক কাৰী আঁচনি প্ৰণয়ন কৰি জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠিছিল।
নীতি আয়োগ, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, আত্ম নিৰ্ভৰ ভাৰত আদিৰ দৰে যুগান্তকাৰী অভিযানৰ অন্তৰ্গত আঁচনিসমূহে জন কল্যাণত অৰিহণা যোগাই আহিছে। কভিদ পৰিস্থিতিয়ি ডিজিটেল ইণ্ডিয়াৰ সপোনটো পূৰণ কৰাত এখোজ আগবাঢ়িল। অনলাইইন যুগে প্ৰ পত্ৰ আবেদন, অনলাইন পেমেণ্ট, অনলাইন বুকিং আদি সুবিধাই জনসাধাৰণৰ কিছু কষ্ট লাঘব হ’ল। আজি অসমত উন্মোচন হ’বলগীয়া অসম লোকসেৱা অধিকাৰ পৰ্টেলে এইক্ষেত্ৰত এক নতুন সংযোজন।
ভাৰতৰ স্বাধীনতাৰ সময়ৰে পৰা চলি অহা কাশ্মীৰ সমস্যা সমাধান কৰি এক দীৰ্ঘকালীন সমস্যাৰ পৰা মুক্ত কৰিলে। ভাৰতৰ সামৰিক নীতি সলনি হ’ল। পূৰ্বে সদায় সন্মুখৰ আক্ৰমণ প্ৰতিহত কৰাৰ নীতি সলনি কৰি এইবাৰ ভাৰতে প্ৰতি আক্ৰমণ কৰি উত্তৰ দিবলৈ আৰম্ভ কৰিলে। ৰাফেল বিমানকে ধৰি নব্য মৰণাস্ত্ৰৰ সংযোজনে ভাৰতক এক শক্তিশালী সামৰিক শক্তি হিচাপে দাঙি ধৰিলে।
মোডী ডাঙৰীয়াৰ উদ্যোগত মহিলা কল্যাণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বেটি বচাঅ’ বেটি পঢ়াঅ’ অভিযানৰ জৰিয়তে দেশৰ সকলো কন্যাক শিক্ষাৰ অধিকাৰ প্ৰদান কৰিলে। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ, ৰেছন কাৰ্ড, উজ্বালা যোজনাৰ অধীনত ৰন্ধন গেছৰ সংযোগ আদি ঘৰৰ মুখ্য মহিলা গৰাকীৰ নামত প্ৰদান কৰাৰ লগে লগে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে অৱজ্ঞাৰ চকুৰে চোৱা মহিলা গৰাকীক অধিকাৰ প্ৰমাণ কৰি এক মৰ্য্যদা প্ৰদান কৰিলে। মহিলাৰ নামত পঞ্জীয়নৰ ক্ষেত্ৰত বিশেষ ৰেহাই প্ৰদান কৰাৰ বাবে মহিলাৰ নামত সম্পত্তি ক্ৰয় কৰিবলৈ আগ্ৰহী কৰি তুলিলে।
তিনি তালাক বিধেয়কক আইনত পৰিণত কৰি মুছলমান মহিলাক বিশেষ অধিকাৰ প্ৰদান কৰিলে।
শেহতীয়াকৈ কভিদ পৰিস্থিতিয়ে বিশ্বৰ ধনী দেশৰ অৱস্থা জৰ্জৰিত কৰি তোলাৰ সময়ত তৃতীয় বিশ্বৰ দেশ ভাৰতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কভিদ পৰিস্থিতি চম্ভালি ল’বলৈ সক্ষম হৈছে।
মোডী ডাঙৰীয়াৰ যুগান্তকাৰী পদক্ষেপে ভাৰতলৈ এক পৰিৱৰ্তনৰ এক জোৱাৰ কঢ়িয়াই আনিলেও সাধাৰণ জনগণৰ মাজত মোডী ডাঙৰীয়াৰ ওপৰত ভৰসা হেৰাই যোৱা পৰিলক্ষিত হৈছে। অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনগণক সংকটত পেলাইছে।
CAA আইনৰ অনুমোদনৰ দ্বাৰা ২০১৪ চনলৈকে হিন্দু বাংলাদেশী অন্তৰ্ভুক্ত কৰণ প্ৰক্ৰিয়াই সকলোৰে মনত বিৰূপ প্ৰভাব পেলাইছে।এলাহাবাদক প্ৰয়াগৰাজ বুলি নামাকৰণ কৰাকে ধৰি বিভিন্ন কাৰ্য্যত ভাৰতৰ ধৰ্ম নিৰপেক্ষ স্থিতিত প্ৰশ্ন উত্থাপন হৈছে বুলি সচেতন মহলে অভিযোগ কৰিছে। অশিক্ষিত সকলে ডিজিটেলকৰণৰ ফলত সমস্যাৰ সন্মুখীন হৈছে।
কিছু সমস্যা থাকিলেও দেশবাসীয়ে মোডীজীৰ নেতৃত্বক অৱমাননা কৰিব নোৱাৰে। ভাৰতক বিশ্ব বাসীৰ সন্মুখত তুলি ধৰিব পৰা এজন বলিষ্ঠ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোডী ডাঙৰীয়া। এই কথা স্বীকাৰ কৰিবই লাগিব।