বৰ্তমান শৰতৰ বতৰ ৷ শৰৎ মানেই শাৰদী ৰাণী দুৰ্গা মাৰ ধৰালৈ আগমনৰ সময় ।
এই শাৰদীয় বতৰত শেৱালি ফুলৰ গোন্ধই সকলোকে কৰি তুলিছে আপ্লুত ৷
তাতে আকৌ শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী ৷
আগন্তুক ১৮ আহিন ১৪৩১ ভাস্কৰাব্দ ইংৰাজী ৪ অক্টোবৰৰ পৰা সমগ্ৰ দেশ তথা ৰাজ্যতে পালন কৰা হ’ব দুৰ্গা পূজা বা দুৰ্গোৎসৱ ৷
ইয়াৰ সমান্তৰালকৈ কিছু ঠাই বিশেষে ২২ আহিন ইংৰাজী ৯ অক্টোবৰৰ পৰা অৰ্থাৎ ষষ্ঠীৰ দিনাৰ পৰা পালন কৰিব এই দুৰ্গাপুজা তথা দুৰ্গোৎসৱ ।
কি মৃৎশিল্পী, কি মণ্ডপ নিৰ্মাণ কৰ্তা নাইবা ঢাক প্ৰস্তুত কৰ্তাসকল সকলো এতিয়া ব্যস্ত, কাৰো মূৰ তুলি চাবলৈকো আহৰি নাই এতিয়া ।
বৰ্তমানত এই শিল্পালয়ৰ শিল্পীসকল ব্যস্ত দেৱী দুর্গাৰ মূৰ্তি নিৰ্মাণত ।
এইবেলি দোলাত আগমন আৰু ঘোটকে গমন হ’বলগীয়া মা দুৰ্গাক আদৰিবলৈ সাজু সমগ্ৰ দেশবাসী ।
এনেদৰেই এতিয়া দেৱী দুৰ্গাক ধৰালৈ আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে ।