ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে সৰৱ হৈছে এজন যুৱক। বৃহস্পতিবাৰে মন্ত্ৰী অতুল বৰাকে ধৰি কৃষি বিভাগৰ বিষয়া,কৰ্মচাৰী আৰু আমোলাৰ বিৰুদ্ধে দিশপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে সুব্ৰত তালুকদাৰ নামৰ এই যুৱকজনে।
জানিব পৰা মতে বিগত সময়ত পি এম কিষাণ সন্মান নিধিৰ অধীনত ভুৱা হিতাধিকাৰীয়ে ধন আত্মহাত কৰাৰ কথা বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পি এম কিষাণ সন্মান নিধিৰ অধীনত ধন লাভ কৰা ৰাজ্যৰ ৮,৩৫,২৬৪ গৰাকী ভুৱা হিতাধিকাৰীৰ সংখ্যাৰ তালিকা প্ৰকাশ কৰাৰ লগতে প্ৰায় ৫৫৪ কোটি ১ লাখ ৭২ হাজাৰ টকা আত্মহাতৰ তথ্যও প্ৰকাশ কৰিছে।

ইমান বৃ্হৎ পৰিমাণৰ ধনৰাশি চৰকাৰৰ ৰাজহৰ পৰা আত্মসাৎ কৰাটো এক ভয়ংকৰ অপৰাধ বুলি গণ্য কৰা যুৱকজনে এনেধৰণে ভুৱা হিতাধিকাৰী সৃষ্টিৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ লুকাই থকাৰো সন্দেহ কৰাৰ লগতে ভুৱা কাগজ-পত্ৰ তৈয়াৰ কৰি এইসকল হিতাধিকাৰীয়ে চৰকাৰী বিষয়া- মন্ত্ৰী ৰ লগলাগি ৰাজহুৱা ধন আত্মসাৎ কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে। দাখিল কৰা এজাহাৰৰ ভিত্তিত ভয়ংকৰ অপৰাধ বিভাগীয় মন্ত্ৰী আৰু আমোলাৰ সহযোগ অবিহনে সম্ভৱ নহ‘য় বুলিও উল্লেখ কৰিছে যুৱক জনে।
ইয়াৰ পিছতে গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ সুব্ৰত তালুকদাৰ নামৰ যুৱকজনে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত বিভাগীয় মন্ত্ৰী অতুল বৰা , কৃষি বিভাগৰ বিষয়া , কৰ্মচাৰী তথা উল্লেখিত ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিশপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে এজাহাৰকাৰী যুৱকজনে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত এই সকলো লোকৰ বিৰুদ্ধে ৪০৯,৪১৭,৪২০, ৪৬৮ ধাৰাত গোচৰ ৰজু কৰি প্ৰিভেনশ্যন অৱ কৰাপশ্যন এক্ট ৰ অধীনত তদন্ত কৰিবলৈ আহ্বান জনাইছে।