দালাল গ্ৰেপ্তাৰ এক চমক সৃষ্টি কৰি নাটক কৰিছে বিজেপি চৰকাৰে। আজি গোলাঘাটত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদ দলৰ এখন সাংগঠনিক সভাত অংশ লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
শাসনাধিষ্ঠ চৰকাৰ খনক তীব্ৰ সমালোচনা কৰি সভাপতি জনে কয় যে দালাল যিমানেই দোষী দালাল ব্যৱহাৰ কৰা সকলো সমানেই দোষী।তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দালালৰ হতুৱাই যি মাটিৰ কাম কৰাই সেইবোৰো তদন্তৰ আওতালৈ আনিব লাগে বুলি দাবী উত্থাপন কৰে।
এফালে চৰকাৰে মাটিৰ দালাল গ্ৰেপ্তাৰ কৰিছে,আনফালে আগন্তুক উপ-নিৰ্বাচনত বিজেপিয়ে দলৰ আটাইতকৈ ডাঙৰ দালালক দলীয় টিকট দিব বিচাৰিছে বুলিও বিস্ফোৰক মন্তব্য কৰে সভাপতি জনে।
ইয়াৰোপৰি চৰকাৰক কঠোৰ সমালোচনা কৰি সাংবাদিকৰ আগত সভাপতিজনে এইবুলিও মন্তব্য কৰে যে এই সময়ত চৰকাৰে প্ৰতিশ্ৰুতি মতে ভূমি সংৰক্ষণ কৰিব লাগে।যিহেতু আজিও সত্ৰ,নামঘৰ,ৰাষ্ট্ৰীয় উদ্যান,বনাঞ্চলৰ বে-দখল উচ্ছেদ কৰিব পৰা নাই চৰকাৰে।
লগতে বে-দখল কৰা খিলঞ্জীয়াক অতি সোনকালে সংস্থাপন দিব লাগে বুলিও দাবী তোলে সভাপতি জনে।ইফালে আজি বোকাখাতত অনুষ্ঠিত কৰা গঁড়ৰ খৰ্গ দহন কাৰ্যসূচীক এক উৎসৱ পতা বুলি অভিহিত কৰে সভাপতি জনে।
গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ’ছাটিৰ প্ৰেক্ষাগৃ্হত অনুষ্ঠিত হোৱা এই সভাত দলটোৱে জাতীয় পৰিষদৰ ভেটি সম্প্ৰসাৰণ কৰা আৰু জাতীয়তাবাদৰ ধ্বজা আগবঢ়োৱাৰ উদ্দেশ্যে এই সভা অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে।
ইফালে আগন্তুক উপ-নিৰ্বাচনত বিৰোধী শিৱিৰৰ পৰা এটা সমষ্টিত এজন প্ৰাৰ্থী প্ৰদানৰ আহ্বান জনাই লুৰিণজ্যোতি গগৈয়ে।এই সন্দৰ্ভত কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে অসম জাতীয় পৰিষদ দলে।