দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰা তথা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰফুল্ল কুমাৰ মহন্তলৈ অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে আগবঢ়াইছে সন্মানীয় ডক্টৰেট ডিগ্ৰী।
বিশেষকৈ ছাত্ৰ অৱস্থাৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনলৈ মহন্তৰ শক্তিশালী ভূমিকাই অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অসমক অন্য এক গতি প্ৰদান কৰিছিল।
দুবাৰকৈ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰাৰ লগতে বিগত সময়ত বিৰোধী দলপতিৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ স্বীকৃতি স্বৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী জনলৈ এই সন্মান প্ৰদান কৰিছে।
সম্বৰ্ধনা পত্ৰত উল্লেখ কৰা অনুসৰি ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পাদিত হোৱা অসম চুক্তিৰ আধাৰত অসমে কেন্দ্ৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যদা,শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ,তেজপুৰ বিশ্ববিদ্যালয়,নুমলীগড় তেল শোধনাগাৰ, শিলচৰ বিশ্ববিদ্যালয়,আমিনগাওঁ আই আই টি,মাছখোৱা সাংস্কৃতিক প্ৰকল্প,তাৰকাগৃ্হ,গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালক ছুপাৰ স্পেচিয়েলিটি হাস্পাতাললৈ উন্নীতকৰণ আৰু অসম চুক্তিৰ জৰিয়তে এন আৰ চি আদায় কৰিবলৈ সক্ষম হৈছিল।
অসমৰ এই ন ৰূপত প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ অৰিহণাক সন্মান জনাই অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে এই সন্মানীয় ডিগ্ৰী প্ৰদান কৰে।