VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল?জানিবলৈ পঢ়ক

voicedesk by voicedesk
September 25, 2021
in ৰাজনীতি, সমাজ
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল?জানিবলৈ পঢ়ক
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে কইনাধৰা ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।বৈঠকৰ অন্তত মন্ত্ৰী পীয়ুষ হাজৰিকাই এক সংবাদমেল আয়োজন কৰি চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ সমূহৰ ওপৰত আলোকপাত কৰে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এপিডিচিএল য়ে ৩২৮৪ কোটি টকা ব্যয়ৰে শক্তি খণ্ডক উন্নত কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি ভল্টেজ কম হোৱা ৰোধ কৰিবলৈ নতুনকৈ স্থাপন কৰা হ’ব ১৯৬ টা ছাব ষ্টেচন।লগতে ২৬০৫ কিঃমিঃনতুন ৩৩ কেভি লাইন আৰু ৩০১৮ কিঃমিঃ নতুন ১১ কেভি লাইন সংযোগ কৰা হ’ব।

ইয়াৰোপৰি ২০৭৪ টা নতুন হাইভল্টেজ ট্ৰেন্সফৰ্মাৰ স্থাপন কৰাৰ লগতে ১ লাখ ৮৬ হাজাৰ ২৫৫ টা নতুন প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱা আৰু ৪০হাজাৰ নতুন ট্ৰেন্সফৰ্মাৰ মিটাৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে।

ইয়াৰলগতে আবকাৰী ৰাজহ অপচয় ৰোধৰ বাবে ট্ৰেনজিট পাছৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যত চুলাইৰ বিক্ৰী বন্ধ কৰিবলৈ দেশীয় সুৰাৰ আবকাৰী কৰ ৫৯ শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে বিভিন্ন শিতানত আগবঢ়াই অহা বঁটাৰ ক্ষেত্ৰত প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে গোপীনাথ বৰদলৈ বঁটা নিয়মীয়াকৈ দিয়াৰ কথা ঘোষণা কৰে।

ৰাজ্যৰ কেবিনেট সিদ্ধান্তত কোনো বিশেষ ব্যক্তি বা সংস্থাক দিবলগীয়া এই বঁটাত ৫ লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি এইবাৰ এই বঁটা ৩ অক্টোবৰত প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে আগবঢ়োৱা অসম ৰত্ন,অসম বিভূষণ,অসম ভূষণ বঁটাৰ নামসমূহ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি অসম বৈভৱ,অসম সৌৰভ,অসম গৌৰৱ নামেৰে এই বঁটা জনা যাব বুলি উল্লেখ কৰে।

একেদৰে এইবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ মাননি বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

কৃষি খণ্ডক উন্নত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱাৰ কথাও জানিবলৈ দিয়ে ৰাজ্যৰ কেবিনেটে।সেই অনুসৰি প্ৰতি জিলাত এজন প্ৰগেম অফিচাৰ,এজন একাউন্ট এক্সপাৰ্ট আৰু এজন মিডিয়া এক্সপাৰ্ট থাকিব বুলি উল্লেখ কৰে মন্ত্ৰীজনে।

শিক্ষা ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অসমৰ প্ৰতিটো সমষ্টিত আদৰ্শ বিদ্যালয় খোলাৰ কথা কোৱাৰ লগতে এই আদৰ্শ বিদ্যালয়ৰ সংখ্যা ২৫ ৰ পৰা ৭৪ খনলৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে।

ইফালে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মনোনিবেশ কৰি ৰাজ্যত কৰ্তব্যৰত সেনা- চিআৰপিএফৰ লোক মৃত্যু হলে পৰিয়াললৈ ৫০ লাখকৈ সাহাৰ্য আগবঢ়োৱা কথা উল্লেখ কৰে।

শ্ৰমিক সকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এইবাৰ পূজাত এটিচি বাগিচাৰ শ্ৰমিকক ২০ শতাংশ ব’নাছ দিয়াৰ কথা ঘোষণা কৰিছে কেবিনেটে।ইয়াৰোপৰি পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিকৰ বাবে ৬৬.৩৪ কোটি টকা মুকলি কৰি দিয়া বুলিও জানিবলৈ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ’মিছন বসুন্ধৰা‘ নামৰ এক নতুন আঁচনি গ্ৰহণৰ সিদ্ধান্ত লৈছে।এই আঁচনিৰ যোগেদি অসমৰ সকলো মাটি এটা পৰ্টেলত অন্তৰ্ভূক্ত কৰা হ’ব বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰে।

Previous Post

২০২৮ চনৰ পৰা দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ!

Next Post

ভাৰতীয় টেবুল টেনিছ দলৰ প্রশিক্ষক নিযুক্ত অৰ্জুন বঁটাৰে সন্মানিত মনালিছা বৰুৱা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
ভাৰতীয় টেবুল টেনিছ দলৰ প্রশিক্ষক নিযুক্ত অৰ্জুন বঁটাৰে সন্মানিত মনালিছা বৰুৱা

ভাৰতীয় টেবুল টেনিছ দলৰ প্রশিক্ষক নিযুক্ত অৰ্জুন বঁটাৰে সন্মানিত মনালিছা বৰুৱা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7