প্ৰশাসনৰ বাবে উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে অসম-মিজোৰামৰ সীমা বিবাদ। অলপতে মিজোৰাম পুলিচ আৰু মিজো দুষ্কৃতিকাৰীৰ আক্ৰমণত অসমৰ ৬জন আৰক্ষী বিষয়া নিহত হোৱাৰ লগতে ঘটনাটোত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকসহ অৰ্ধশতাধিক আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল।
অৱশ্যে দুয়োখন ৰাজ্যৰ মাজৰ এই সীমা বিবাদৰ ইতিহাস বৃটিশ ঔপনিৱেশিক কালৰে।অসম আৰু মিজোৰামৰ সীমা বিবাদৰ ইতিহাস প্ৰায় ১৭৫ বছৰ পুৰণি। বৃটিছে ১৮৭৩ চনত অসমৰ শিলচৰৰ এটা পাহাৰীয়া অংশ লৈ লুচাই জিলা গঠন কৰিছিল। ১৮৯০ চনত লুচাই পাৰ্বত্য অঞ্চলটো বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হয়। সেই সময়ৰ পৰাই বৰাক উপত্যকাৰ ৰাইজে এই কথাৰ প্ৰৱল প্ৰতিবাদ কৰি আহিছে। তাকে লৈ বিভিন্ন অপ্ৰীতিকৰ ঘটনাও ঘটিছে।
১৯৩৩ চনৰ মাৰ্চ মাহৰ ৯ তাৰিখে বৃটিছ চৰকাৰৰ এখন জাননী অনুসৰি লুচাই পাৰ্বত্য অঞ্চলৰ ১৬৪.৬ কিলোমিটাৰ দৈৰ্ঘৰে অসমৰ সীমা নিৰ্ধাৰণ কৰা হয়। আৰু সেই নিৰ্ধাৰণেই বৰ্তমানৰ সীমা। সেই সীমাৰ ভেঁটীতে ১৯৭২ চনত মিজোৰামক প্ৰথমতে অসমৰ পৰা আঁতৰাই কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হয়। আৰু পাছলৈ ১৯৮৭ চনত মিজোৰামক এখন পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যদা দিয়া হয়।
কিন্তু মিজোসকলে ১৮৭৩ চনৰ “বেঙ্গল ইষ্টাৰ্ন ফণ্ট ৰেগুলেশ্যন আইন”খনৰ সীমাকহে বিশ্বাস কৰে। মিজোসকলে ভাবে যে ১৯৩৩ চনৰ আইনখন মিজো নাগৰিক সমাজৰ লগত আলোচনা অবিহনেই প্ৰণয়ন কৰা হৈছিল। সীমাক লৈ মিজোৰামৰ ৰাজ্য গঠনৰ পৰা ছেগাচোৰোকাকৈ এটাৰ পিছত এটা সীমা বিবাদ চলি আছে।
প্ৰথমতে অসম, মণিপুৰ, ত্ৰিপুৰা পৃথক ৰাজ্য আছিল। পিছলৈ ৬৩ চনত নাগালেণ্ড আৰু ৭২ চনত মিজোৰাম, মেঘালয়ো পৃথক হ’ল। ৰাজ্যসমূহ পৃথক হওতেই সীমা ভালদৰে ভাগ কৰা নহ’ল। ইমানদিনে ষ্টেটাছ কিউ একে অৱস্থাতে ৰাখি থোৱা হ’ল। সমস্যাটোৰ কোনো সমাধান সূত্ৰ বাহিৰ নহ’ল।
বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাই মিজোৰামৰ আইজল, কলাছেৱ আৰু মামিট জিলাৰ সৈতে সীমাৰ ভাগ বটোৱাৰা কৰে। এই বিবাদ মিজোৰাম পুলিচে অস্থায়ী শিবিৰ স্থাপন কৰা সীমাৰ কাষৰ গাঁও গুটগুটীত আৰম্ভ হৈছিল। সীমা লৈ এনে বিবাদ ২০২০ আৰু ২০২১ চনৰ ফেব্ৰুৱাৰীতো সংঘটিত হৈছিল।
আজি তাৰে পৰিণতিত এই অৱস্থাৰ সৃষ্টি হ’ল। অলপতে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা মৰ্মে তেঁওলোকৰ লগত থকা ৮০০ কিলোমিটাৰ সীমাৰ সমস্যা পাৰস্পৰিক আলোচনাৰে সমাধান কৰিম বুলি কৈছে। মেঘালয়েও একেদৰেই কৈছে। কিন্তু মিজোৰামৰ বা নাগালেণ্ডৰ লগত সমস্যাৰ সমাধান সূত্ৰ দেখা পোৱা হোৱা নাই।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে দুখ প্ৰকাশ কৰি কয় যে সাংবিধানিক সীমা সুৰক্ষাৰ অৰ্থে অসম-মিজোৰাম সীমান্তত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ৬জনকৈ বীৰ জোৱানৰ বাবে তেখেতে পৰিয়ালৰ লোকসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
আনহাতে মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাই এক বিবৃতিযোগে মন্তব্য কৰে যে মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত ‘স্বতঃস্ফূৰ্তভাৱে গুলীচালনা কৰি’ প্ৰতিক্ৰিয়া ব্যক্ত কৰে, যেতিয়া ইয়াৰ ২০০ জন জোৱানে বলপূৰ্বকভাৱে চিআৰপিএফ জোৱানৰ দ্বাৰা পৰিচালিত এটা কৰ্তব্য চকী অতিক্ৰম কৰে আৰু অগ্নিসংযোগ কৰি নিৰস্ত্ৰ লোকৰ ওপৰত আক্ৰমণ আৰু গুলীচালনাত লিপ্ত হয়।
ৰাজ্যিক সীমান্তৰ পৰা ধাৰাবাহিক গুলীচালনাৰ মাজতে এতিয়াও বনাঞ্চলৰ ভিতৰত থকা অসম আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই পিটিআইক জনায় যে, কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বালকাৰ বৈভৱ চন্দ্ৰকান্তকে ধৰি কমেও ৫০ জন কৰ্মচাৰী গুলীচালনা আৰু শিলগুটিৰ আক্ৰমণত আহত হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়াজনে লগতে কয় যে ৰাজ্যিক সীমান্তৰ সিপাৰৰ দুৰ্বৃত্তই হঠাতে গুলীবৰ্ষণ আৰম্ভ কৰিছিল যেতিয়া দুয়োপক্ষৰ অসামৰিক বিষয়াসকলে পাৰ্থক্যবোৰ সমাধান কৰিবলৈ আলোচনা চলাই আছিল।
লাল থানহাওলা ৰামৰ আৰু তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী আছিল, কেন্দ্ৰত আছিল মনমোহন সিং চৰকাৰ। তেতিয়াও এই সম্পৰ্কে বহুবাৰ আলোচনা হোৱাৰ পিছতো কোনো সমাধান সূত্ৰ নোলাল। দুয়োপক্ষ কোনো চুক্তিতেই সৈমান নহ’ল।
মিজোৰাম আৰু অসমে সীমা বিবাদৰ মূল গ্ৰাউণ্ড জিৰ’ হৈছে লাইলাপুৰ অঞ্চলত। লাইলাপুৰ অঞ্চলৰ বাসিন্দা আৰু অসমৰ-মিজোৰামৰ সীমান্তৰ ভাইৰেংটে অঞ্চলেই মূল বিবাদকেন্দ্ৰ।বৰ্তমানৰ সীমা বিবাদ ৫০৯ বৰ্গকিলোমিটাৰৰ এটা সীমা। য’ত এখন বনাঞ্চলে অসম আৰু মিজোৰামক ভাগ কৰিছে। তাতে কিছুমান পাহাৰ আৰু খেতিৰ উপযোগী মাটিও আছে। এই অঞ্চলটো কাছাৰ-হাইলাকান্দি-কৰিমগঞ্জৰ পৰা মিজোৰাম আৰু মণিপুৰলৈ বিস্তৃত। এই অঞ্চলটোৱেই অসম-মিজোৰামৰ মাজৰ ধাৰাবাহিক সংঘৰ্ষৰ উৎপত্তি স্থল। মিজোৰামৰ লোকসকলৰ মতে এই অঞ্চলৰ খেতি উপযোগী মাটিবোৰ অসমৰ ফালৰ পৰা বাংলাদেশী মূলৰ মুছলমানসকলে আগ্ৰাসন কৰাৰ চেষ্টা কৰিছে। সেই কথাৰ তেঁওলোকে বিৰোধিতা কৰিছে। সেই বিষয়টো লৈয়েই তেঁওলোকৰ সমস্যা।
মিজোৰামে দাবী কৰে যে স্বাধীনতাৰ পিছৰ সীমা নিৰ্ধাৰণৰ বাবে তেওঁলোকৰ বহুতো মিজো ভাষী জিলা অসমৰ অংশ হৈ পৰিছিল। ২০০৫ চনত উচ্চতম ন্যায়ালয়েও কেন্দ্ৰীয় চৰকাৰক বিবাদ নিষ্পত্তিৰ বাবে সীমা আয়োগ গঠন কৰিবলৈ কৈছিল, কিন্তু এতিয়ালৈকে এই দিশত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হোৱা নাই।
সামগ্ৰিকভাৱে এই সীমা বিবাদৰ প্ৰায় ১৭৫ বছৰ হ’ল কিন্তু এতিয়ালৈকে কোনো দৃঢ় সমাধান পোৱা হোৱা নাই। সমগ্ৰ অসম তথা উত্তৰ পূবাঞ্চলৰ ভাতৃত্ববোধৰ ইতিহাসত এই আক্ৰমণ অতি দুখজনক ঘটনা হিচাপে পৰিচিত হৈ ৰ’ব।