অসম আৰু বাংলাদেশৰ সীমা বিবাদৰ অন্ত নপৰিলেও ভাৰত-বাংলাদেশৰ মাজত যাতায়ত ব্যৱস্থা সহজ। দুয়োখন দেশৰ মাজত প্ৰতিদিনে কেইবাখনো বিমানৰ যাতায়ত চলে।
সূত্ৰ অনুসৰি প্ৰধানকৈ চিকিৎসা সেৱা ল’বলৈকে বহু বাংলাদেশী নাগৰিক প্ৰতিদিনে ভাৰতলৈ আহে। ভাৰতলৈ চিকিৎসা তথা শিক্ষাগ্ৰহণৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন দেশৰ নাগৰিক অহা দেখা যায়।
বিগত সময়ছোৱাত ক’ভিড পৰিস্থিতিৰ বাবে ভাৰত-বাংলাদেশৰ মাজৰ বিমানসেৱা বন্ধ হৈ আছিল যদিও আগষ্ট মাহৰ তৃতীয় সপ্তাহৰ পৰা বিমান চলাচলৰ সম্ভাৱনা আছিল। কিন্তু কাৰ্যত সেয়া সম্ভৱ হৈ নুঠিল কাৰণ দুয়োখন দেশত কম- বেছি পৰিমাণে ক’ৰনাৰ প্ৰভাৱ এতিয়াও আছে।
কিন্তু যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োখন দেশৰ মাজত বিমান চলাচলৰ নতুন তাৰিখ ঘোষণা কৰা হ’ল। বাংলাদেশৰ লগত ‘এয়াৰ বাবল'( Air Bubble)ৰ চুক্তি অনুসৰি অহা তিনি ছেপ্টেম্বৰৰ পৰা বিমান সেৱা পুনৰ আৰম্ভ হ’ব।
ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউ কে, ইউ এ ই, কেনিয়া, ভূটান আৰু ফ্ৰান্সকে ধৰি মুঠ ২৭ খন দেশৰ সৈতে এয়াৰ বাবল চুক্তি গঠন কৰিছে। এয়াৰ বাবল চুক্তিৰ অধীনত দুয়োখন দেশৰ মাজত তেওঁলোকৰ অঞ্চলবোৰৰ ভিতৰত, তেওঁলোকৰ এয়াৰলাইনচৰ দ্বাৰা বিশেষ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা কৰিব পাৰি।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ সংবাদ আৰু যোগাযোগ বিভাগৰ অতিৰিক্ত প্ৰৱন্ধ নিৰ্দেশক ৰাজীৱ জৈনে ভাৰত-বাংলাদেশৰ মাজত তিনি ছেপ্টেম্বৰৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰে।স্পাইচজেট, ইণ্ডিগো, এয়াৰ ইণ্ডিয়াই ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ঢাকালৈ বিমান সেৱা আগবঢ়াব বুলি তেওঁ জানিবলৈ দিয়ে।
সূত্ৰ অনুসৰি সম্প্ৰতি সপ্তাহত সাতখন বিমান চলাচলৰ অনুমতি দিব ভাৰত চৰকাৰে। ঢাকাৰ পৰা কলিকতা, দিল্লী, মুম্বাই আৰু চেন্নাইৰ মাজত চলিব এই সেৱা। যাত্ৰীসকলে টুৰিষ্ট ভিচাৰ মাধ্যমত প্ৰৱেশ কৰিব পাৰিব।
এয়াৰ বাবলৰ চুক্তি অনুসৰি বৰ্তমান আমেৰিকা, জাৰ্মানী, ৰাছিয়া আদিৰ দৰে দেশৰ লগত বিমান যোগাযোগ অব্যাহত ৰাখিছে ভাৰতে। এইবাৰ সেই তালিকাত সংযোজন হ’ল বাংলাদেশৰ নাম। এই চুক্তি মতে বাংলাদেশৰ পৰা যিকোনো যাত্ৰী ভাৰতলৈ আহিলে বিমানবন্দৰতে ক’ভিড পৰীক্ষা বাধ্যতামূলক হ’ব।