আইএছআইএছৰ সন্ত্ৰাসবাদক ৰোধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ব্ৰিটেইন।ব্ৰিটেইনৰ বিমান কৰ্মচাৰীৰ প্ৰধান এয়াৰ চীফ মাৰ্শ্বেল ছাৰ মাইক ৱিগষ্টনে জানিবলৈ দিয়া মতে ব্ৰিটেইনে অতি শীঘ্ৰেই আই এছ আই এছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিব।
এয়াৰ মাৰ্শ্বেল জনে লগতে কয় যে যদি ব্ৰিটেইনে আফগানিস্তানৰ সহযোগী সংস্থাক নিয়ন্ত্ৰণ কৰাৰ সুযোগ পায়,তেন্তে আক্ৰমণ কৰিবলৈ সাজু হৈ আছে ব্ৰিটেইন।হিংসাত্মক উগ্ৰবাদৰ উত্থান ব্ৰিটেইন আৰু ইয়াৰ মিত্ৰশক্তিৰ বাবে এক ভাবুকি বুলি উল্লেখ কৰে মাৰ্শ্বেল জনে।
ইতিমধ্যে ব্ৰিটেইনে বিমান আক্ৰমণৰ বাবে পৰীক্ষা আৰম্ভ কৰি ৰয়েল এয়াৰ ফৰ্চ (আৰএএফ) জেটবোৰ ক’ত ৰাখিব কেনেদৰে ইন্ধন ভৰাব আৰু ভূপৃষ্ঠৰ লক্ষ্যক কিদৰে ভেদ কৰিব পাৰিব তাৰ ওপৰতো অনুশীলন আৰম্ভ কৰিছে।