ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী ববিতা শৰ্মালৈ আগবঢ়াইছে বিধবা পেঞ্চন।আচৰিত যেন লাগিলেও এই কথা সত্য যে শুক্ৰ বাৰে এক মেচেজযোগে নেত্ৰী গৰাকীলৈ প্ৰেৰণ কৰিছে এই বাৰ্তা।
তেওঁলৈ অহা এই মেচেজত উল্লেখ আছিল যে “ আপুনি ইন্দিৰা মিৰি বিধবা পেঞ্চনৰ অন্তৰ্ভুক্ত হৈছে। প্ৰতি মাহে ১০ তাৰিখে আপোনাৰ বেংক একাউন্টত আপোনাৰ টকা ডেবিট কৰা হ’ব।
এই মেচেজ লাভ কৰি আচৰিত হৈ পৰা নেত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত চৰকাৰক সমালোচনা কৰি কয় যে“ মোৰ মোবাইলত এছএমএছ যোগে এনে মেচেজ আহিব পাৰে বুলি আপুনি বিশ্বাস কৰিব পাৰেনে?
চৰকাৰৰ যিয়ে এনে কাম কৰিছে তেওঁলোকে অন্ততঃ এবাৰ ভালকৈ পৰীক্ষা কৰা উচিত,যাতে কোনো মহিলাক বিধবা নসজায়। গুৰুত্ব প্ৰদান কৰক হিমন্ত বিশ্ব শৰ্মা।“
ইয়াৰ পিছতেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত কৰি অজানিতে হোৱা ভুলৰ বাবে ক্ষমা বিচাৰে।আৰু টুইটাৰ যোগে প্ৰকাশ কৰি কয় যে “ ভুলবশত কবিতা বড়ো নামৰ মহিলা গৰাকীয়ে ববিতা শৰ্মা ফোন নম্বৰ দিয়ে।
সেয়েহে কবিতা বড়োৰ নামৰ বিপৰীতে তেওঁৰ ফোনৰ নম্বৰত সেই মেচেজ যায়।“লগতে এজন পঞ্চায়ত সদস্যই লাভ কৰা ম’বাইল নম্বৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকাত দাখিল কৰাৰ বাবে এই ঘটনা হ’বলৈ পালে বুলি স্পষ্টীকৰণ দিয়ে।