এজনৰ পিছত আন এজন ৰথী-মহাৰথীয়ে দল ত্যাগ কৰাৰ জোৱাৰ উঠিছে কংগ্ৰেছত। সোমবাৰে ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱেও দল ত্যাগ কৰি যোগদান কৰিলে মমতা বাহিনীৰ তৃণমূল কংগ্ৰেছত।
ইয়াৰ পিছতো কিন্তু মনোবল ভঙা নাই কংগ্ৰেছৰ।নাও ডুবিলেও টিঙৰ পৰা ননমা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাই সগৌৰৱে ঘোষণা কৰিলে ২০২৪ ৰ পিছত কংগ্ৰেছলৈ উভটি আহিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
কংগ্ৰেছৰ সভাপতি জনে সোমবাৰে কৰা এই ঘোষণাৰ পিছতেই এতিয়া অসমৰ ৰাজনৈতিক মহলত তোলপাৰ লাগিছে।ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই উভটি ধৰিলে ভূপেন বৰাক।
ভৱেশ কলিতাই স্পষ্টভাষাত কলে যে ‘’নিজ দলক কেনেকৈ উদ্ধাৰ কৰিব সেয়া ভাবক ভূপেন বৰাই” একেদৰেই দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে”মৃতপ্ৰায় কংগ্ৰেছে সপোন দেখা বাদ দি বাস্তৱৰ সৈতে মুখামুখি হওক”
ইফালে নাছোৰবন্দা ভূপেন বৰাৰ স্পষ্ট কথা যে” আপোনালোকে চাই থাকক কংগ্ৰেছ আকৌ শাসনলৈ আহিব।২০২৪ ত ঘটিব পট পৰিবৰ্তন।বিজেপিৰ পৰা ঘূৰি আহিব ডঃ হিমন্ত বিশ্ব শৰ্মা। আনহে নালাগে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙো কংগ্ৰেছলৈ উভটি আহিব“
অৰ্থাৎ ’হিষ্ট্ৰী ৰিপিট ইটছেল্ফ’২০২৪ ৰ পিছতেই কংগ্ৰেছলৈ উভটিব বিশ্ব শৰ্মা আৰু তাৰ আগতেই এন বীৰেণ সিঙে যোগদান কৰিব কংগ্ৰেছত।
উল্লেখ্যযোগ্য যে সুস্মিতা দেৱৰ পদত্যাগৰ পিছতেই নগাঁৱৰ সাংসদ প্ৰদুৎ বৰদলৈয়েও কংগ্ৰেছ ত্যাগ কৰাৰ কথা চৰ্চা চলি আছে ।যদিও সাংসদ গৰাকীৰ ফালৰ পৰা এইপৰ্যন্ত কোনো কথা প্ৰকাশ কৰা হোৱা নাই।
এতিয়া কংগ্ৰেছ সভাপতি জনৰ ভৱিষ্যতবাণী কিমান দূৰ ফলিয়াই সেয়াই সময়েহে প্ৰমাণ কৰিব।