শীঘ্ৰেই অসম বিধান সভাৰ মজিয়াত উত্থাপন হ’বলগীয়া জন্ম নিয়ন্ত্ৰণ বিধেয়কে প্ৰভাৱ পেলাব নেকি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত !
অসম চৰকাৰে অতি শীঘ্ৰেই বিধান সভাৰ মজিয়াত উত্থাপন কৰিব জন্ম নিয়ন্ত্ৰণ বিধেয়ক অথবা দুটা সন্তানৰ নীতি। এই বিষয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি কয় যে কেতবোৰ বিশেষ সম্প্ৰদায়ৰ মাজত বৃদ্ধি পোৱা জনসংখ্যাই ৰাজ্যৰ জনসংখ্যা বিস্ফোৰণ ঘটাৰ অন্যতম কাৰণ। তেনেক্ষেত্ৰত অসমত জন্ম নিয়ন্ত্ৰণ বিধেয়ক খনৰ প্ৰয়োজনীয়তা আছে।
উত্তৰপ্ৰদেশ চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ৰাজহুৱা কৰা বিধেয়ক খনক আৰ্হি হিচাপে লৈ অসম চৰকাৰেও অসমৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অতি সোনকালে বিধান সভাৰ মজিয়াত জন্ম নিয়ন্ত্ৰণ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।
এই বিধেয়ক অনুসৰি অসমতো দুটা সন্তানৰ নীতি কঠোৰভাৱে কাৰ্যকৰী হ‘ব। দুটা সন্তানতকৈ অধিক সন্তান থকা লোকে নাপাব কোনো চৰকাৰী চাকৰি । যিসকলে এই আইন ভংগ কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।আৰু যিসকলে এই আইন মানি চলিব তেওঁলোকৰ কাৰণে চৰকাৰে বিশেষ সুবিধা প্ৰদান কৰিব ।
ইফালে আইন ভংগকাৰী চৰকাৰী চাকৰিয়াল সকলে নাপাব চাকৰিৰ পদোন্নতি । একেদৰে চৰকাৰী চাকৰি নকৰা লোকৰ বিৰুদ্ধেও কঠোৰ হ‘ব এই আইন । এওঁলোকক চৰকাৰী আঁচনিৰ সকলো সুবিধাৰ পৰা বঞ্চিত কৰা হ‘ব।
আকৌ যিসকলে চাকৰি লাভৰ পিছত অধিক সন্তান জন্ম দিয়ে তেওঁলোকৰ ক্ষেত্ৰতো বেতন, পেঞ্চনৰ বাবে এই আইন কঠোৰ হ‘ব। ইয়াৰ লগতে বিদ্যালয় পৰ্যায়ত জন্মনিয়ন্ত্ৰণৰ ওপৰত বিশেষ পাঠ অন্তৰ্ভূক্ত হ‘ব ।
ইতিমধ্যে উত্তৰপ্ৰদেশৰ এই বিধেয়ক খনে দেশজুৰি চৰ্চা লাভ কৰিছে। কি আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নেতৃত্বাধীন চৰকাৰে উত্থাপন কৰা এই বিধেয়ক খনত ?
অত্যন্ত কঠোৰ এই আইন খনৰ মতে দুটাতকৈ অধিক সন্তান থকা লোকে স্থানীয় নিৰ্বাচনকে ধৰি কোনো চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰিব নোৱাৰিব ।
চৰকাৰী ঋণ বা অনান্য চৰকাৰী সুবিধাৰ পৰাও বঞ্চিত হ‘ব। চাকৰিয়াল সকলে নাপাব চাকৰিৰ পদোন্নতি । আনহাতে যিসকলে এই আইন মানি চলিব তেওঁলোকে লাভ কৰিব অতিৰিক্ত বানচ, হাউচিং বৰ্ডৰ ঘৰ বা ফ্লেট ক্ৰয় কৰিবলৈ বিশেষ সুবিধা। একেদৰে বিদ্যুৎ , পানী আৰু সম্পত্তিৰ কৰো তেওঁলোকৰ বাবে হ্ৰাস কৰা হ’ব ।
ইফালে এটা সন্তানৰ পৰিয়ালে লাভ কৰিব বিনামূলীয়া স্বাস্থ্য বীমা । লগতে বিশ বছৰ নোহোৱালৈকে সন্তানেও লাভ কৰিব এই বীমাৰ সুবিধা । শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰতো লাভ কৰিব বিশেষ অগ্ৰাধিকাৰ । আনকি ছাত্ৰ-ছাত্ৰীক স্নাতক পৰ্যায়লৈকে বিনামূলীয়া শিক্ষা আৰু কন্যাৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৃত্তিও প্ৰদান কৰা হ‘ব ।
আনহাতে এই বিধি নমনা সকলে যিকোনো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ লগতে ৰেছন কাৰ্ডৰ পৰাও বঞ্চিত হ‘ব । চাকৰি থকা সময়ত নিয়ম ভংগ কৰিলে অতি শীঘ্ৰে চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হ‘ব ।
উত্তৰ প্ৰদেশ চৰকাৰৰ এনে কঠোৰ এই বিধেয়ক খনৰ ওপৰত ইতিমধ্যে অসম চৰকাৰে অধ্যয়ন আৰম্ভ কৰিছে আৰু অতি সোনকালে অসমৰ বিধান সভাত এই জন্ম নিয়ন্ত্ৰণ বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। তেনে ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া লোক সকলৰ ওপৰত কেনে প্ৰভাৱ পৰিব সেইয়া লক্ষণীয় হ’ব।