তালিবানৰ উত্থানে সমগ্ৰ বিশ্বৰ লগতে ভাৰতকো চিন্তিত কৰি তুলিছে। ইছলামীক সন্ত্ৰাসবাদীয়ে ভাৰত ৰাষ্ট্ৰৰ প্ৰতি কঢ়িয়াই অনা ভাবুকি আজি নতুন কথা হৈ থকা নাই।
এনে সময়তে ঢাকা মেটি’পলিটান পুলিচ কমিছনাৰ ছফিকুল ইছলামৰ চাঞ্চল্যকৰ বক্তব্যই ভাৰতক অধিক শংকাৰ মুখলৈ ঠেলি দিছে। এফালে পাকিস্তানৰ সমৰ্থনত উত্থান হোৱা তালিবানক পাকিস্তানে ভাৰতৰ বিপক্ষে ব্যৱহাৰ কৰিব নেকি সেই লৈ চিন্তামুখৰ পৰিৱেশ, আনফালে তালিবানৰ সঁহাৰিত বহু বাংলাদেশী যুৱকৰ তালিবানত যোগদান! সকলো ফালৰ পৰাই ভাৰতত উদ্বিগ্ন পৰিৱেশ।
উল্লেখ্য যে তালিবানে আফগানিস্তান দখল কৰাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰাপত্তা সম্পৰ্কীয় জৰুৰী কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে বুলি জানিব পৰা গৈছে। অৱশ্যে বৈঠকৰ কোনো সিদ্ধান্ত বৰ্তমানলৈ ৰাজহুৱা কৰা হোৱা নাই।
শংকাৰ কলীয়া ডাৱৰ ভাৰতত ঘণীভূত হৈ থকাৰ সময়তে ছফিকুল ইছলামৰ বক্তব্য ভাৰতৰ বাবে ভূতৰ ওপৰত দানৱ ৰজাৰ দৰে হৈছে।
ছফিকুল ইছলামৰ বক্তব্য অনুসৰি তালিবানৰ সঁহাৰিত আফগানিস্তানলৈ যোৱা বাংলাদেশী যুৱক অথবা ৰাষ্ট্ৰখনত আশ্ৰয় বা আৱদ্ধ হৈ থকা নাগৰিক সম্পৰ্কীয় কোনো সংখ্যাগত তথ্য এই পৰ্যন্ত চৰকাৰৰ হাতত পৰা নাই।
বাংলাদেশী চোৰাংচোৱা সংস্থাসমূহে লাভ কৰা তথ্যৰ আধাৰত যদিহে এইসকল লোক দেশত প্ৰৱেশ কৰে তেখেতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলিও কমিছনাৰ জনে উল্লেখ কৰে।
এটি গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰে যে আফগানিস্তানৰ পৃষ্ঠপোষকতাতেই বাংলাদেশত ইছলামীক সন্ত্ৰাসবাদৰ বীজ ৰোপণ হয়। ৰাষ্ট্ৰখনত জেহাদৰ প্ৰশিক্ষণ লৈ অহা যুৱকসকলেই বাংলাদেশত হৰকৎ-উল জেহাদ(হুজি), জামাত-উল-মুজাহিদীন বাংলাদেশ(জে এম বি)ৰ দৰে সংগঠনবোৰ গঠন কৰে।
ইছলামে লগতে উল্লেখ কৰে যে, এনেবোৰ জংগী সংগঠন গঠনৰ আঁৰৰ উদ্দেশ্য আছিল স্বাধীন কাশ্মীৰৰ সমৰ্থনত যুঁজ দিয়া। কিন্তু কাশ্মীৰত সফল হ’ব নোৱাৰি তেওঁলোকে বাংলাদেশ তথা উত্তৰ-পূব ভাৰতত তৎপৰতা বৃদ্ধি কৰে।
ইছলামৰ নামত সন্ত্ৰাস সৃষ্টি কৰা এইসকল যুৱকে কাশ্মীৰক পুনৰ লক্ষ্য হিচাপে ল’ব বুলিও বিষয়াজনে জানিবলৈ দিয়ে। বাংলাদেশী জেহাদী সংগঠনৰ লগতে অন্যান্য উগ্ৰপন্থী সংগঠনবোৰকো এই কামত ব্যৱহাৰ কৰিব বুলিও তেখেতে কয়।