অসমৰ পাহাৰীয়া জিলা ডিমা হাছাও পুনৰ অশান্ত হৈ উঠিছে। যোৱা কেইটামান বছৰ শান্ত হৈ থকাৰ পিছত পুনৰ আৰম্ভ হৈছে উগ্ৰপন্থীৰ নৃশংস কাৰ্যকলাপ।
বৃহস্পতিবাৰে নিশা সন্দেহযুক্ত ডিমাছা উগ্ৰপন্থীয়ে ট্ৰাক চালকলৈ লক্ষ্য কৰি গুলী চালনা কৰাৰ লগতে ট্ৰাকত অগ্নি সংযোগ কৰাৰ ফলত ৫ জন ট্ৰাক চালক নিহত হয়।
বৃহস্পতিবাৰে নিশা ৮.৩০ বজাত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ ৰাজ্যতে জোকাৰণিৰ সৃষ্টি কৰিছে।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ডি এন এল এ উগ্ৰপন্থী সংগঠনে নিশা দৈয়াংমুখ আৰক্ষী থানাৰ পৰা ৫ কিলোমিটাৰ নিলগৰ ৰেঞ্জাৰবিলত সংঘটিত কৰিছে এই ঘটনা।
ডিমা হাছাওৰ ওমৰাংচুৰ পৰা আহি থকা ট্ৰাক কেইখনৰ ভিতৰত আছিল এখন কয়লা সৰবৰাহ কৰা ট্ৰাক আৰু আনকেইখন লংকাৰ ডালমিয়া কোম্পানীৰ কয়লা, ক্লিংকাৰ কঢ়িওৱা ট্ৰাক।
উগ্ৰপন্থী সংগঠনটোৱে নিশা এই ট্ৰাক কেইখনক আক্ৰমণ কৰি গুলী চালনা কৰাৰ লগতে ট্ৰাকৰ ভিতৰতে চালক কেইজনক আৱদ্ধ কৰি জ্বলাই দিয়ে বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
পিছত আৰক্ষীয়ে ট্ৰাকৰ ভিতৰৰ পৰা অগ্নিদগ্ধ অৱস্থাত পাঁচ জনকৈ চালক-হেণ্ডিমেনৰ মৃতদেহ উদ্ধাৰ কৰে।
ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে।