হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাই নাগৰিকসকলক ধৰ্মীয় সহনশীলতাৰ পাঠ দিয়ে। সংবিধানে স্বীকৃতি দিয়াৰ পূৰ্বৰ পৰাই ভাৰত নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি। কিন্তু এই সভ্যতা আৰু সংস্কৃতিৰ ঐতিহ্যত কালিমা সানি কেতিয়াবা কিছু অপ্ৰীতিকৰ ঘটনাই সংবেদনশীল মানুহৰ অন্তৰাত্মাক জোকাৰি যায়।
মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত সংঘটিত তেনে এটা ঘটনাই সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰিছে। তথ্য অনুসৰি দেওবাৰে এটা তথাকথিত হিন্দু অঞ্চলত খাৰু বিক্ৰী কৰিবলৈ যোৱা এজন ইছলাম ধৰ্মাৱলম্বী বেপাৰীক একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে। ঘটনাটোৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাত একাংশ লোকে দুৰ্ভগীয়া বেপাৰীজনক প্ৰহাৰ কৰাৰ লগতে কিছু সংখ্যকে তেওঁৰ পকেটৰ পৰা পইচা কাঢ়ি লোৱাৰ দৃশ্যও দেখা গৈছে।
তথ্য অনুসৰি ২৫ বছৰীয়া তাছলিম নামৰ যুৱকজনে আৰক্ষীক অৱগত কৰিছে যে তাত উপস্থিত থকা কোনোবা এজনে তেওঁৰ নামটো তাছলিম বুলি জনাৰ পিছতেই মাৰ-পিট আৰম্ভ কৰে। আনকি পকেটৰ পৰা দহ হাজাৰ টকাও লৈ যায়।
ভাইৰেল ভিডিঅ’টোত মানুহবোৰে অকলশৰীয়া খাৰু বেপাৰীজনক প্ৰহাৰ কৰাৰ লগতে “হিন্দু এলেকা”ত মুছলিম বেপাৰীৰ প্ৰৱেশ নিষেধ ধৰণৰ বাক্যৰে আক্ৰমণ কৰা দেখা গৈছে। “এই অঞ্চলত তোক যাতে দ্বিতীয়বাৰ দেখা নাপাও” এনে ধৰণৰ কথাৰ লগতে “তাক মাৰ”, ” যি আছে চুৰ কৰ” ইত্যাদি ইত্যাদি অশ্ৰাব্য গালি-গালাজ কৰি যুৱকজনক মাৰপিট কৰে।
তাছলিমৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অচিনাক্ত লোক কেইজনৰ বিৰুদ্ধে গোছৰ ৰজু কৰিছে আৰু ঘটনাটোৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তথ্য অনুসৰি এজাহাৰখনত থকা অভিযোগবোৰৰ ভিতৰত আছে মাৰপিট, আক্ৰমণ, ডকাইতি, ভীতি প্ৰদৰ্শন আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ চেষ্টাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে।
তাছলিমে উল্লেখ কৰিছে যে অভিযুক্তজনে তেওঁক মৌখিকভাৱে গালি পাৰি, শিলগুটিৰে আক্ৰমণ কৰাৰ লগতে ডিঙি চেপি ধৰিবলৈ চেষ্টা কৰিছিল।
ভিডিঅ’টোৰ জৰিয়তে অভিযুক্তসকলক চিনাক্ত কৰা হৈছে বুলি ইন্দোৰ (ইষ্টৰ) আৰক্ষী অধীক্ষক আশুতোষ বাগৰীয়ে অৱগত কৰিছে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বিষয়াজনে জনাইছে।
আৰক্ষীয়ে ৰাইজক সাম্প্ৰদায়িক পোষ্ট দিয়া আৰু সেইবোৰ প্ৰচাৰ কৰাৰপৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। এই ধৰণৰ ঘটনাবোৰ সভ্যতা তথা সুস্থ সমাজ ব্যৱস্থাৰ পৰিপন্থী বুলিও একাংশই মন্তব্য কৰিছে।
এনে পৰিস্থিতিত একাংশৰ মনত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে সমাজৰ নিম্নবৰ্গৰ লোকৰ প্ৰতি এচাম মানুহৰ বিৰূপ মনোভাৱে জাতি-ধৰ্মক অনুসৰণ কৰে জানো? বিগত কিছু বছৰত সৰু সৰু অপৰাধ বা বিনা অপৰাধত প্ৰহাৰিত হোৱা লোকৰ অসংখ্য ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হৈছে। এই ভিডিঅ’বোৰে এটা সমাজ ব্যৱস্থাৰ হতাশগ্ৰস্ত, ভগ্নপ্ৰায় ৰূপ প্ৰতিফলিত কৰে।