VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পেগাছাছ কাণ্ডক লৈ সৰৱ ৰাজনৈতিক দলঃ ৩০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত সন্নিবিষ্ট হৈছে অসমৰ দুই ব্যক্তিৰ নাম

মিনাক্ষী ফুকন by মিনাক্ষী ফুকন
July 23, 2021
in ৰাজনীতি, মুখ্য সংবাদ
পেগাছাছ কাণ্ডক লৈ সৰৱ ৰাজনৈতিক দলঃ ৩০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত সন্নিবিষ্ট হৈছে অসমৰ দুই ব্যক্তিৰ নাম
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

“ মানুহ সংস্থাপনহীনতাত ভুগিছে আৰু চৰকাৰ ব্যস্ত আছে চোৰাংচোৱাগিৰিত “ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ এই প্লে-কাৰ্ড সম্বলিত বাক্যশাৰীয়ে এতিয়া দেশজুৰি তুমূল বিতৰ্কৰ সৃষ্টি কৰিছে । উত্তপ্ত হৈ পৰিছে সদনৰ মজিয়া । এতিয়া সৰ্বত্ৰে চলিছে পেগাছাছক লৈ চৰ্চা । পেগাছাছ হৈছে ইজৰাইলৰ এন এছ অ’ নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা এটা ছফটৱেৰ। যি মানুহৰ ফ‘ন টেপিং কৰাৰ লগতে ই- মেইল পৰ্যন্ত হেক কৰিব পাৰে।

অভিযোগ অনুসৰি ভাৰত চৰকাৰে এই ছফটৱেৰ ক্ৰয় কৰি ভাৰতৰ ৩০০ জন বিশেষ ব্যক্তিৰ ফ‘ন নম্বৰ হেক কৰিছে। অৰ্থাৎ চৰকাৰে পেগাছাছ নামৰ চোৰাংচোৱা ছফটৱেৰ ব্যৱহাৰ কৰি দেশৰ ৩০০ প্ৰভাৱশালী ব্যক্তিৰ স্মাৰ্টফ‘নৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰা বুলি প্ৰকাশ হোৱাৰ পিছতেই সমগ্ৰ বিষয়টোৱে এতিয়া সংসদৰ ভিতৰ-বাহিৰ উত্তাল কৰি তুলিছে।বিভিন্ন দলে ইয়াৰ উচিত তদন্ত দাবী কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেদ্ৰ মোডী আৰু গৃ্হ মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে।

উল্লেখ্য যে পেগাছাছ ৰ  এই ৩০০ ব্যক্তিৰ তালিকাত অসমৰ অন্যতম ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা  সমুজ্জ্বল ভট্টাচাৰ্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ নামো সন্নিবিষ্ট হোৱাৰ কথা প্ৰকাশ পাইছে।  পেগাছাছৰ জৰিয়তে এই দুই নেতাৰ ফ‘ন টেপিঙৰ তথ্য পোহৰলৈ আহিছে । যিহেতু গৃহ মন্ত্ৰালয়ে অসম চুক্তিৰ ৬ নং দফাৰ বাবে গঠন কৰিছিল এক উচ্চস্তৰীয় কমিটী।

অৰ্থাৎ কমিটী গঠন কৰাৰ কিছুদিন পূৰ্বে পেগাছাছৰ তালিকাত সমুজ্জ্বল ভট্টাচাৰ্যৰ নাম অন্তৰ্ভূক্ত হৈছিল ।সম্ভাব্য প্ৰাৰ্থী হিচাপে পেগাছাছৰ জৰিয়তে নিৰীক্ষণ কৰিছিল সমুজ্জ্বল ভট্টাচাৰ্যক।ইফালে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ দুটাকৈ ফ‘ন নম্বৰো নিৰীক্ষণত আছিল।

দ্য ৱায়াৰত প্ৰকাশ পোৱা মতে ২০১৮ ৰ শেষ ভাগৰ পৰা সম্ভাব্য প্ৰাৰ্থী হিচাপে নিৰীক্ষণত ৰাখিছিল চেতিয়াৰ নাম।বুধবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চেতিয়াই কয় যে পেগাছাছৰ জৰিয়তে ফ‘ন টেপিং কৰাৰ কথা পূৰ্বতেই জানিছিল তেওঁ। সেইবাবে এই লৈ আচৰিত হোৱা নাই চেতিয়া ।যিহেতু কাৰাগাৰৰ পৰা ওলোৱাৰ সময়তে চেতিয়াক অসম আৰক্ষীয়ে এটা ফ‘ন নম্বৰ দিছিল । ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ শেষৰলৈকে পেগাছাছৰ নজৰত আছিল এই নম্বৰটো।

গণতন্ত্ৰৰ প্ৰতি চৰম ভাবূকি কঢ়িয়াই অনা এই পেগাছাছ কাণ্ডক লৈ এতিয়া সংসদৰ বৰ্ষাকালীন অধিবেশন স্থগিত হৈ পৰা পৰিলক্ষিত হৈছে। তেনেক্ষেত্ৰত শাসনাধিষ্ঠিত চৰকাৰ আৰু বিৰোধী দলৰ মাজত  সূত্ৰপাত হোৱা পেগাছাছ কাণ্ড দেশৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ আখ্যা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। সত্য প্ৰতিপন্ন নোহোৱাকৈ বিৰোধীৰ ভূমিকাক লৈ সমালোচনা মুখ্যমন্ত্ৰীৰ ।

লোকসভাৰ বৰ্ষাকালীন অধিবেশনৰ দ্বিতীয় দিনাও সদনে বিধায়নী কাম-কাজ আগবঢ়াব নোৱাৰা বিষয়টো লৈ এতিয়া সৰৱ চৰ্চা চলিছে ৰাজনৈতিক মহলত।সোমবাৰে  প্ৰধান বিৰোধী দল কংগ্ৰেছে  মূল্যবৃদ্ধি আৰু তিনিখন  কৃষি আইনকে ধৰি বিভিন্ন বিষয়ক লৈ সদন উত্তাল কৰাত ব্যাহত হৈ পৰিছিল সদনৰ কাম-কাজ। মাত্ৰ পাঁচ মিনিটৰ বাবে সদন চলাৰ পিছত পুনৰ ফ‘ন টেপিং আৰু ই-মেইল হেকিঙৰ বিষয় লৈও সদন স্থগিত হৈ পৰিছিল। একেদৰে বিয়লি দুই বজাত পুনৰ সদন আৰম্ভ হওতে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলৰ সদস্যই বিভিন্ন শ্ল’গান আৰু হাতে হাতে প্লে-কাৰ্ড প্ৰদৰ্শন কৰি একপ্ৰকাৰ সদনৰ মজিয়া উত্তপ্ত কৰি তুলিছিল।

প্লে-কাৰ্ড প্ৰদৰ্শনৰ পিছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আক্ষেপ কৰি কয় যে সদনৰ কাম-কাজ এনেদৰে ব্যাহত কৰাটো উচিত হোৱা নাই। যিহেতু চৰকাৰে সকলো প্ৰশ্ন উত্তৰ দিবলৈ সাজু। ইফালে  ৩০০ জন লোকৰ ভিতৰত পেগাছাছৰ তালিকাত  কংগ্ৰেছৰ প্ৰাক্তন মূৰব্বী ৰাহুল গান্ধী , বি জে পি ৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ,প্ৰহ্লাদ সিং পেটেল, প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাবাসা আৰু  নিৰ্বাচনী কৌশল ৰচক প্ৰশান্ত কিশোৰৰ ফ‘ন নম্বৰো আছে। তেনেক্ষেত্ৰত এই বিষয়টোৱে যথেষ্ট গুৰুত্বতা লাভ কৰিছে সদনৰ মজিয়াত। উল্লেখ্য যে ইজৰাইলী কোম্পানীয়ে প্ৰস্তুত কৰা পেগাছাছ নামৰ এই চোৰাংচোৱা  ছফটৱেৰটো কেৱল বিশ্বৰ বিভিন্ন চৰকাৰেহে ক্ৰয় কৰিব পাৰে।

Previous Post

গৰমৰ দিনত নাৰিকল পানী খাঁওক আৰু স্বাস্থ্য ভালে ৰাখক

Next Post

কৰ’না সৃষ্ট পৰিস্থিতিয়ে নিঃশেষ কৰিব নেকি শিল্পীৰ পৃথিৱীখন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কৰ’না সৃষ্ট পৰিস্থিতিয়ে নিঃশেষ কৰিব নেকি শিল্পীৰ পৃথিৱীখন

কৰ’না সৃষ্ট পৰিস্থিতিয়ে নিঃশেষ কৰিব নেকি শিল্পীৰ পৃথিৱীখন

No Result
View All Result

    “ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

    • Facebook
    • Twitter
    • YouTube

    সংবাদ শ্ৰেণীসমূহ

    • No categories

    পলকতে

    © 2021 All rights reserved by voice 24x7

    No Result
    View All Result
    • মুখ্যপৃষ্ঠা
    • ৰাজনীতি
    • সমাজ
    • মনোৰঞ্জন
    • সংস্কৃতি
    • অভিমত
    • জীৱন
    • অৰ্থনীতি
    • বিজ্ঞান
    • ক্ৰীড়া
    • ভিডিঅ’
    • আইন

    © 2021 All rights reserved by voice 24x7