দেওবাৰে পাকিস্তানৰ গোৱাদ্বাৰত স্থাপন কৰা পাকিস্তানৰ সংস্থাপক তথা সংগঠক মহম্মদ আলি জিন্নাহৰ প্ৰতিমূৰ্তি বোমাৰে উৰুৱাই দিয়ে বিদ্ৰোহী সংগঠনে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি টুইটাৰৰ যোগেদি দেশখনৰ অন্যতম বিদ্ৰোহী সংগঠন বলুচ লিবাৰেশ্যন ফন্টে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।
খবৰ অনুসৰি বিদ্ৰোহী সংগঠনটোৱে মূৰ্তিটোৰ তলত সংস্থাপন কৰা বোমাটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ ফলত মূৰ্তিটো সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ গৈছিল।
ইফালে উচ্চ স্তৰীয় সমিতিৰ তদন্তৰ আওতাত এইকথা প্ৰকাশ পাইছে যে সন্ত্ৰাসবাদী কেইজন পৰ্যটকৰ ৰূপত সেই স্থানলৈ আহি এই বিস্ফোৰণ সংঘটিত কৰিছিল।যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
মহম্মদ আলি জিন্নাহ ১৯১৩ চনৰ পৰা ১৯৪৭ চনৰ ১৪ আগষ্ট লৈকে অৰ্থাৎ পাকিস্তান গঠন হোৱালৈকে অল ইণ্ডিয়া মুছলিম লীগৰ নেতা আছিল আৰু পাকিস্তানৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল হিচাপে দেশখনৰ গুৰু দায়িত্ব পালন কৰিছিল।
উল্লেখযোগ্য যে সংৰক্ষিত এলেকা হিচাপে চিহ্নিত মেৰিন ড্ৰাইভত চলিত বৰ্ষৰ জুনত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছিল।চীন দেশৰ বাবেও অতিকৈ গুৰুত্বপূৰ্ণ এই ঠাইখনত এনেকৈ বিদ্ৰোহী সংগঠনে বোমা বিস্ফোৰণ ঘটোৱা কাৰ্যই এতিয়া দেশখনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙালে বুলি চৰ্চা চলিছে।