ক্ৰমাৎ হিংসাত্মক পৰিবেশে বিৰাজ কৰিছে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত।বিদ্ৰোহী নেতা চেষ্টাৰফিল্ড থেংকিউৰ ভূৱা সংঘৰ্ষত নিহত হোৱাৰ পিছতেই ভয়ানক হৈ পৰিছে মেঘালয়ৰ পৰিস্থিতি।
বৰ্তমান সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুটা দিনৰ বাবে কাৰ্ফিউ জাৰি কৰিছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে মেঘালয় চৰকাৰ।
ইয়াৰমাজতেই দেওবাৰে নিশা থ্ৰী মাইলত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ লক্ষ্য কৰি পেট্ৰ‘ল বোমা নিক্ষেপ কৰা ঘটনাই পৰিস্থিতি যে অধিক ভয়াবহ দিশলৈ গতি কৰিছে সেইকথা স্পষ্ট হৈ পৰিছে।
অৱশ্যে সেই সময়ত মুখ্যমন্ত্ৰী কনৰাড চাংমা নিজ গৃ্হত উপস্থিত নাছিল।তেওঁ চৰকাৰী বাসগৃ্হত ৰৈ যোৱাত সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰে।
বোমা নিক্ষেপৰ সময়ত কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছে।ইফালে অসমৰ পৰা চিলঙলৈ যোৱা এখন গাড়ীত আক্ৰমণ কৰাত গাড়ীচালকজন গুৰুতৰভাবে আঘাত পায়।
সান্ধ্য আইনৰ এই সময়ছোৱাত অসমৰ পৰা কোনো লোকক চিলঙলৈ যোৱাত বাধা আৰোপ কৰিছে অসম পুলিচৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।ৰাজ্যখনৰ বিভিন্ন স্থানত মোবাইল ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।
ইতিমধ্যে ৰাজ্যখনৰ গৃহ মন্ত্ৰী লাখমেন ৰেইম্বুইনে মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে।
ইফালে প্ৰাক্তন এইচ এন এল চি নেতাজনৰ এই মৃত্যুক মেঘালয় পুলিচে পৰিকল্পিতভাৱে কৰা এক হত্যা বুলি অভিহিত কৰিছে পৰিয়ালৰ লোকে।